5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

UGC NET পৰীক্ষাৰ স্ক’ৰ কাৰ্ড মুকলিঃ কিদৰে চাব স্ক’ৰ কাৰ্ড…

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, চমুকৈ NTAই আজি যোৱা দুমাহ ধৰি ফলাফলৰ বাবে অপেক্ষা কৰি থকা UGC NET পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ স্ক’ৰ কাৰ্ড মুকলি কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এতিয়া ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ ৱেবছাইটলৈ গৈ নিজৰ স্ক’ৰ কাৰ্ড পৰীক্ষা কৰিব পাৰিব।

UGC NET পৰীক্ষাৰ স্ক’ৰ কাৰ্ড মুকলিঃ কিদৰে চাব স্ক’ৰ কাৰ্ড…
UGC NET পৰীক্ষাৰ স্ক’ৰ কাৰ্ড মুকলি
monjit-dutta
Monjit Dutta | Published: 18 Oct 2024 13:54 PM

UGC NET পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা প্ৰাৰ্থীসকলৰ বাবে এক সকাহৰ খবৰ। বহু বিতৰ্কৰ অন্তত অৱশেষত মুকলি হৈছে UGC NET পৰীক্ষাৰ স্ক’ৰ কাৰ্ড। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, চমুকৈ NTAই আজি যোৱা দুমাহ ধৰি ফলাফলৰ বাবে অপেক্ষা কৰি থকা UGC NET পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ স্ক’ৰ কাৰ্ড মুকলি কৰিছে। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এতিয়া ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ ৱেবছাইটলৈ গৈ নিজৰ স্ক’ৰ কাৰ্ড পৰীক্ষা কৰিব পাৰিব।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, চমুকৈ NTA ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত UGC NET পৰীক্ষাৰ স্ক’ৰ কাৰ্ড প্ৰকাশ কৰা হৈছে। NTA ৰ অফিচিয়েল ৱেবছাইট খুলি প্ৰাৰ্থীসকলে পোনপটীয়াকৈ ফলাফল ডাউনলোড কৰিব পাৰিব। স্ক’ৰকাৰ্ড ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ আৰু জন্মৰ তাৰিখ পূৰ কৰি লগইন কৰিব লাগিব।

উল্লেখ্য যে যোৱা ২৪ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা, চমুকৈ NTAৰ দ্বাৰা সমগ্ৰ দেশৰ নিৰ্দিষ্ট কেন্দ্ৰসমূহত চি বি ডি মোডত এই পৰীক্ষা অনুষ্ঠিত হয়। সৰ্বমুঠ ১১,২১,২২৫ জন প্ৰাৰ্থীয়ে UGC NET পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছিল। ইয়াৰে ৬ লাখ ৮৪ হাজাৰ ২২৪ গৰাকী প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয়। মুঠ প্ৰাৰ্থীৰ ভিতৰত ৪,৯৭০ গৰাকী প্ৰাৰ্থীয়ে জে আৰ এফৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

আনহাতে ৫৩,৬৯৪ গৰাকী প্ৰাৰ্থীয়ে কেৱল সহকাৰী অধ্যাপকৰ বাবে যোগ্যতা অৰ্জন কৰিছে আৰু ১,১২,০৭০ গৰাকী প্ৰাৰ্থীয়ে কেৱল পি এইচ ডিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। প্ৰাৰ্থীসকলে দীৰ্ঘদিন ধৰি UGC NET স্ক’ৰ কাৰ্ডৰ বাবে অপেক্ষা কৰি আছিল। শেহতীয়াকৈ এই বিষয়টো শিক্ষামন্ত্ৰীৰ সমুখতো উত্থাপন কৰা হৈছিল।

নেচনেল ষ্টুডেণ্ট অৱ ইণ্ডিয়াই ফলাফল প্ৰকাশত পলম হোৱাৰ বাবে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে ব্যাখ্যা কৰি শিক্ষামন্ত্ৰীলৈ এখন পত্ৰ লিখিছিল। ইয়াৰ পিছত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে শীঘ্ৰে ফলাফল প্ৰকাশ পাব বুলি আশ্বাস দিছিল। ইফালে ফলাফল পলম হোৱাক লৈ প্ৰাৰ্থীসকলে সামাজিক মাধ্যমতো ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আহিছিল। দুমাহতকৈ অধিক সময় স্ক’ৰ কাৰ্ড মুকলি নোহোৱাৰ বাবে অনিশ্চয়তাত ভুগিছিল প্ৰাৰ্থীসকলক।

সেইবাবেই ফলাফল প্ৰকাশৰ বাবে ধাৰাবাহিকভাৱে দাবী উত্থাপন কৰিছিল প্ৰাৰ্থীসকলে। এনে বিতৰ্কৰ অন্তত অৱশেষত আজি স্ক’ৰকাৰ্ড মুকলি কৰা হৈছে। এতিয়া UGC NETৰ ডিচেম্বৰৰ প্ৰস্তুতি আৰম্ভ হৈছে। শীঘ্ৰেই এই পৰীক্ষাৰ বাবে অধিসূচনা জাৰি কৰা হ’ব। NTA ৰ অফিচিয়েল ৱেবছাইটত UGC NETৰ ডিচেম্বৰৰ জাৰি কৰা হ’ব আৰু ইয়াৰ পিছত আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

Latest News