শীঘ্ৰেই ঘোষণা হ’ব UGC NET পৰীক্ষাৰ ফলাফলঃ কিদৰে চাব পাৰিব ফলাফল, চাওক….

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই শীঘ্ৰেই UGC NET December 2024 পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in লৈ গৈ ফলাফল চাব পাৰিব।

শীঘ্ৰেই ঘোষণা হ’ব UGC NET পৰীক্ষাৰ ফলাফলঃ কিদৰে চাব পাৰিব ফলাফল, চাওক….

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Feb 2025 13:03 PM

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই শীঘ্ৰেই UGC NET December 2024 পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in লৈ গৈ ফলাফল চাব পাৰিব। পৰীক্ষাৰ্থীসকলে লগইনৰ বাবে প্ৰয়োজনীয় তথ্য পূৰ কৰি নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব। উল্লেখ যে বিগত ৩ জানুৱাৰীৰ পৰা দেশৰ কেইবাটাও নিৰ্দিষ্ট কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল।

প্ৰথমে জানুৱাৰীৰ ১৬ তাৰিখলৈকে পৰীক্ষাৰ সূচী নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত পোংগল আৰু মকৰ সংক্ৰান্তি উৎসৱৰ বাবে ১৫ আৰু ১৬ তাৰিখৰ পৰীক্ষা ২১ আৰু ২৭ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছিল। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত যোৱা ৩১ জানুৱাৰীত নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই UGC NET ডিচেম্বৰ ২০২৪ৰ পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকা মুকলি কৰিছিল।

প্ৰাৰ্থীসকলক উত্তৰ তালিকাৰ ক্ষেত্ৰত আপত্তি দাখিল কৰিবলৈ ৩ ফেব্ৰুৱাৰীলৈকে সময় দিয়া হৈছিল। প্ৰতিটো উত্তৰ বিপৰীতে আপত্তি দাখিল কৰাৰ ক্ষেত্ৰত আবেদনকাৰীয়ে ২০০ টকা নন-ৰিফাণ্ডেবল মাচুল পৰিশোধ কৰিবলগা হৈছিল। ছাত্ৰ-ছাত্ৰীসকলে উত্থাপন কৰা আপত্তিসমূহ ভালদৰে বিবেচনা কৰি চূড়ান্ত উত্তৰ তালিকা মুকলি কৰিব পৰীক্ষা সংস্থাটোৱে।

যিসকল পৰীক্ষাৰ্থী UGC NET পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি পৰীক্ষাৰ ফলাফল চাব পাৰিব-

প্ৰথমে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in চাওক

ইয়াৰ পিছত UGC Result লিংকত ক্লিক কৰক

এতিয়া আপোনাৰ লগইন তথ্য পূৰ কৰি চাবমিট অপচনত ক্লিক কৰক

ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত স্ক’ৰকাৰ্ড প্ৰদৰ্শিত হ’ব

উল্লেখ্য যে দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত সহকাৰী অধ্যাপক আৰু জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপৰ যোগ্যতাৰ লগতে PhDৰ বাবে যোগ্যতা নিৰ্ধাৰণ কৰিবলৈ ইউজিচি নেট প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও কেন্দ্ৰত নেচনেল টেষ্টিং এজেন্সীয়ে দুটা শ্বিফটত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। চিবিটি মোডত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ