শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

JEE Main পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলিঃ এইদৰে কৰক ডাউনলোড….

নেচনেল টেষ্টিং এজেঞ্চী, চমুকৈ NTA- ই আজি JEE Main ২০২৫ৰ চেচন ১ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে। এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে JEE Main ৰ অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in ত গৈ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

JEE Main পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলিঃ এইদৰে কৰক ডাউনলোড….
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 18 Jan 2025 18:26 PM

নেচনেল টেষ্টিং এজেঞ্চী, চমুকৈ NTA- ই আজি JEE Main ২০২৫ৰ চেচন ১ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰিছে। এই প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে JEE Main ৰ অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in ত গৈ নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ আৰু পাছৱৰ্ড দিব লাগিব। উল্লেখ্য যে অহা ২২ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈকে এই JEE Main ২০২৫ৰ চেচন ১ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইয়াৰে ২২, ২৩ আৰু ২৪ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলি কৰা হৈছে। NTA- ই দেশৰ বিভিন্ন চহৰ আৰু ভাৰতৰ বাহিৰৰ ১৫খন চহৰত অৱস্থিত বিভিন্ন পৰীক্ষা কেন্দ্ৰত এই JEE Main পৰীক্ষা অনুষ্ঠিত কৰিব। যিসকল প্ৰাৰ্থীয়ে এই পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰিছে তেওঁলোকে তলত দিয়া প্ৰক্ৰিয়াৰে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব

প্ৰথমে JEE Main jeemain.nta.nic.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।

তাৰ পিছত হোম পেজত উপলব্ধ JEE Main Admit Card 2025 লিংকত ক্লিক কৰক।

ইয়াৰ পিছত এটা নতুন পেজ খোল খাব, এই পেজত প্ৰাৰ্থীসকলে লগইনৰ বাবে প্ৰয়োজনীয় তথ্য দিব লাগিব।

এতিয়া submit ত ক্লিক কৰক আৰু লগে লগে স্ক্ৰীণত আপোনাৰ এডমিট কাৰ্ড ওলাব।

এডমিট কাৰ্ড পৰীক্ষা কৰি ডাউনলোড কৰক।

JEE Main ২০২৫ৰ চেচন ১ পৰীক্ষাৰ পেপাৰ ১ৰ পৰীক্ষা অহা ২২ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব আৰু একাদিক্ৰমে ২২, ২৩, ২৪, ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হ’ব। আনহাতে পেপাৰ ২ৰ পৰীক্ষা ৩০ জানুৱাৰীত অনুষ্ঠিত হ’ব। পেপাৰ ১ৰ পৰীক্ষা দুটা শ্বিফ্টত অনুষ্ঠিত হব। প্ৰথম শ্বিফ্ট পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় শ্বিফ্ট বিয়লি ৩ বজাৰ পৰা বিয়লি ৬ বজালৈ অনুষ্ঠিত হ’ব।

আনহাতে পেপাৰ ২ৰ পৰীক্ষা এটা শ্বিফ্টত, বিয়লি ৩ বজাৰ পৰা ৬.৩০ বজালৈ অনুষ্ঠিত হ’ব। এই JEE Main ২০২৫ পৰীক্ষা ১৩টা ভাষাত অনুষ্ঠিত হব। ইয়াত পেপাৰ ১ পৰীক্ষা BE/B.Tech ত নামভৰ্তিৰ বাবে হ’ব, আনহাতে পেপাৰ ২ৰ পৰীক্ষা B.Arch আৰু B.Planning পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে হ’ব। ইয়াৰ বাবে ২৮ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰা হৈছিল। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে JEE Main ৰ অফিচিয়েল ৱেবছাইট jeemain.nta.nic.in চাব পাৰিব।

Latest News