CSIR UGC NETৰ পৰীক্ষাৰ সময়সূচী ঘোষণাঃ কেতিয়াৰ পৰা হ’ব আৰম্ভ, চাওক সময়সূচী
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই আজি প্ৰকাশ কৰিছে CSIR UGC NET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ সময়সূচী। এই পৰীক্ষাৰ বাবে যিসকল প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল, তেওঁলোকে অফিচিয়েল ৱেবছাইট csirnet.nta.ac.in ত গৈ পৰীক্ষাৰ সময়সূচী পৰীক্ষা কৰিব পাৰিব।
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই আজি প্ৰকাশ কৰিছে CSIR UGC NET ডিচেম্বৰ ২০২৪ পৰীক্ষাৰ সময়সূচী। এই পৰীক্ষাৰ বাবে যিসকল প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছিল, তেওঁলোকে অফিচিয়েল ৱেবছাইট csirnet.nta.ac.in ত গৈ পৰীক্ষাৰ সময়সূচী পৰীক্ষা কৰিব পাৰিব। প্ৰকাশিত সূচী অনুসৰি অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা এই পৰীক্ষা আৰম্ভ হ’ব আৰু ২ মাৰ্চলৈকে এই পৰীক্ষা অনুষ্ঠিত হ’ব। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে অনুষ্ঠিত হ’ব এই পৰীক্ষা।
পঞ্জীয়নৰ সময়ত প্ৰাৰ্থীসকলে নিৰ্বাচন কৰা ভাষাতে পৰীক্ষা দিব পাৰিব। সূচী প্ৰকাশ কৰাৰ পিছত এতিয়া প্ৰথমে পৰীক্ষাৰ চিটি শ্লিপ মুকলি কৰা হ’ব আৰু তাৰ পিছত পৰীক্ষাৰ এডমিট কাৰ্ড প্ৰদান কৰা হ’ব। পৰীক্ষাৰ সময়সীমা তিনি ঘণ্টা হ’ব আৰু প্ৰশ্নকাকতত বিভিন্ন বিষয় ক্ৰমে ৰাসায়নিক বিজ্ঞান, ভূ-বিজ্ঞান, জীৱ বিজ্ঞান, গাণিতিক বিজ্ঞান আৰু ভৌতিক বিজ্ঞানৰ প্ৰশ্ন কৰা হ’ব। CBT মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
NTAই প্ৰকাশ কৰা আনুষ্ঠানিক সূচী অনুসৰি অহা ২৮ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ গাণিতিক বিজ্ঞান আৰু ভূ-বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয় শ্বিফ্টত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হ’ব ৰাসায়নিক বিজ্ঞানৰ পৰীক্ষা। ১ মাৰ্চত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম শ্বিফ্টত অনুষ্ঠিত হ’ব জীৱ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা। অধিক তথ্যৰ বাবে পৰীক্ষাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা পৰীক্ষাৰ তাৰিখৰ অধিসূচনা চাব পাৰিব।
প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এই পৰীক্ষাৰ সময়সূচী পৰীক্ষা কৰিব-
প্ৰথমে অফিচিয়েল ৱেবছাইট csirnet.nta.ac.in চাওক।
হোম পেজত দিয়া CSIR UGC NET December 2024 Exam Schedule লিংকটোত ক্লিক কৰক।
পৰীক্ষাৰ সময়সূচী পৰ্দাত পিডিএফ ফৰ্মেটত দেখা যাব।
এতিয়াই পৰীক্ষা কৰক আৰু ডাউনলোড কৰক।
উল্লেখ্য যে এই CSIR UGC NET পৰীক্ষাৰ পঞ্জীয়ন প্ৰক্ৰিয়া চলিত বৰ্ষৰ২ জানুৱাৰীলৈকে চলিছিল। ইয়াৰ পূৰ্বে প্ৰথমে আবেদনৰ অন্তিম তাৰিখ বিগত বৰ্ষৰ ৩০ ডিচেম্বৰ নিৰ্ধাৰণ কৰা হৈছিল যদিও পিছত ২ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছিল। আনহাতে আবেদন প্ৰ-পত্ৰত সংশোধন কৰিবলৈও আবেদনকাৰীসকলক ৪ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈ সময় দিয়া হৈছিল।