CUET UG পৰীক্ষাৰ ফলাফল ঘোষণা NTAৰঃ এইদৰে চাওক ফলাফল…
আজি ঘোষণা কৰিছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, চমুকৈ CUETৰ ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট exams.nta.ac.in/CUET-UG ৰ পৰা স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব। CUET UG পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত এতিয়া বিশ্ববিদ্যালয়সমূহে আৰম্ভ কৰিব কাউন্সেলিং প্ৰক্ৰিয়া।
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA-ই আজি ঘোষণা কৰিছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট, চমুকৈ CUETৰ ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে অফিচিয়েল ৱেবছাইট exams.nta.ac.in/CUET-UG ৰ পৰা স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব। স্ক’ৰকাৰ্ড ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে আবেদন নম্বৰ আৰু জন্মৰ তাৰিখ পূৰ কৰিব লাগিব। ভাৰতৰ বিভিন্ন কেন্দ্ৰীয়, ৰাজ্যিক আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট (CUET) অনুষ্ঠিত কৰা হয়। এই পৰীক্ষা নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA-ই অনুষ্ঠিত কৰে।
এইবাৰ CUET পৰীক্ষাত দেশৰ মুঠ ১৩.৪৮ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। দেশৰ ৩৭৯খন চহৰত পৰীক্ষাৰ বাবে কেন্দ্ৰ স্থাপন কৰা হৈছিল। পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বাহিৰতো ২৬টা কেন্দ্ৰ স্থাপন কৰা হৈছিল।
চলিত সপ্তাহৰ আৰম্ভণিতে নেচনেল টেষ্টিং এজেন্সীয়ে পৰীক্ষাৰ সৈতে জড়িত সকলো বিষয়ৰ চূড়ান্ত উত্তৰ তালিকা মুকলি কৰিছিল। CUET UG পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পিছত এতিয়া বিশ্ববিদ্যালয়সমূহে আৰম্ভ কৰিব কাউন্সেলিং প্ৰক্ৰিয়া।
এন টি এয়ে প্ৰতি বছৰে ভাৰত আৰু বিদেশৰ ৫০০ৰো অধিক চহৰত CUET-UG পৰীক্ষা অনুষ্ঠিত কৰে। এইবাৰ ১৫ মে’ৰ পৰা ২৯ মে’লৈ হাইব্ৰিড মোডত অনুষ্ঠিত হৈছিল পৰীক্ষা। একাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে ১৯ জুলাইত পুনৰ এই পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰ ফলাফলৰ ভিত্তিত দেশৰ ২৬১খন বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।
উল্লেখ্য যে NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ সৃষ্টি হোৱা বিতৰ্কৰ বাবে CUET-UG পৰীক্ষাৰ ফলাফল প্ৰকাশত পলম হয়। যোৱা ৩০ জুনতে CUET-UG পৰীক্ষাৰ ফলাফল প্ৰকাশৰ কথা আছিল যদিও NEET-UG, UGC-NET আৰু CSIR-UGC-NET পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱাৰ ফলত NTA-ই ফলাফল ঘোষণাৰ দিন পিছুৱাই দিছিল।