5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড মুকলিঃ এইদৰে কৰক ডাউনলোড

NTAই আজি মুকলি কৰিছে UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে UGC NETৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ্থীসকলে কিদৰে UGC NETৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, চাওক।

UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড মুকলিঃ এইদৰে কৰক ডাউনলোড
UGC NETৰ এডমিট কাৰ্ড মুকলি
monjit-dutta
Monjit Dutta | Published: 04 Jan 2025 14:09 PM

নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTAই আজি মুকলি কৰিছে UGC NET পৰীক্ষাৰ এডমিট কাৰ্ড। এই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে UGC NETৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in ত গৈ তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। অৱশ্যে অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা মতে ৬, ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবেহে এডমিট কাৰ্ড প্ৰদান কৰা হৈছে। আনহাতে নিৰ্ধাৰিত সূচীত উল্লেখ কৰা আনকেইটা তাৰিখত অনুষ্ঠিত হ’বলগা পৰীক্ষাৰ এডমিট কাৰ্ড পিছত প্ৰদান কৰা হ’ব।

পৰীক্ষাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি UGC NETৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব-

প্ৰথমে UGC NET ৰ অফিচিয়েল ৱেবছাইট ugcnet.nta.ac.in লৈ যাওক।

তাৰ পিছত হোম পেজত উপলব্ধ UGC NET Admit Card 2024 লিংকটোত ক্লিক কৰক।

ইয়াৰ পিছত এটা নতুন পেজ খোল খাব, এই পেজত প্ৰাৰ্থীসকলে লগইনৰ বাবে প্ৰয়োজনীয় তথ্য দিব লাগিব।

এতিয়া submit টেবত ক্লিক কৰক আৰু ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত এডমিট কাৰ্ড ওলাব।

এই এডমিট কাৰ্ড ডাউনলোড কৰি পৰীক্ষাৰ বাবে প্ৰিণ্ট কৰি ল’ব।

যদি কোনো প্ৰাৰ্থীয়ে এডমিট কাৰ্ড ডাউনলোড কৰাত কোনো সমস্যাৰ সন্মুখীন হয় বা এডমিট কাৰ্ডত কোনো ভুল থাকে, তেতিয়া প্ৰাৰ্থীজনে 011-40759000 নম্বৰত যোগাযোগ কৰিব পাৰিব বা ugcnet@nta.ac.in লৈ মেইল কৰিব পাৰিব। উল্লেখ্য যে UGC NET ডিচেম্বৰ ২০২৪ পৰীক্ষা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ১৬ জানুৱাৰীলৈকে এই পৰীক্ষা অনুষ্ঠিত হ’ব। দুটা শ্বিফটত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

প্ৰথম শ্বিফটত পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয় শ্বিফটত বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষা কেৱল কম্পিউটাৰ বেছড টেষ্ট (CBT) মোডতহে অনুষ্ঠিত হ’ব। পৰীক্ষা কাকতত দুটা খণ্ড থাকিব। দুয়োটা খণ্ডতে বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব। প্ৰশ্নকাকতৰ মাধ্যম কেৱল ইংৰাজী আৰু হিন্দী হ’ব।

Latest News