NEET UG পৰীক্ষা সন্দৰ্ভত NTAৰ নতুন অধিসূচনাঃ কিদৰে অনুষ্ঠিত হ’ব পৰীক্ষা, চাওক…
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA-ই NEET UG ২০২৫ পৰীক্ষা সন্দৰ্ভত নিজৰ অফিচিয়েল ৱেবছাইট nta.ac.in ত এক অধিসূচনা জাৰি কৰিছে। পৰীক্ষা সংস্থাটোৱে এই অধিসূচনাত NEET UG পৰীক্ষা কিদৰে অনুষ্ঠিত হ’ব, সেই বিষয়ে উল্লেখ কৰিছে। এই অধিসূচনা মতে, NEET UG ২০২৫ পৰীক্ষা JEE Main পৰীক্ষাৰ দৰে অনলাইন মোডত আৰু দুটা পৰ্যায়ত অনুষ্ঠিত নহ’ব।
NEET UG ২০২৫ পৰীক্ষা সন্দৰ্ভত এক নতুন অধিসূচনা জাৰি কৰিছে নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA-ই। পৰীক্ষা সংস্থাটোৱে এই অধিসূচনাত NEET UG পৰীক্ষা কিদৰে অনুষ্ঠিত হ’ব, সেই বিষয়ে উল্লেখ কৰিছে। এই অধিসূচনা মতে, NEET UG ২০২৫ পৰীক্ষা JEE Main পৰীক্ষাৰ দৰে অনলাইন মোডত আৰু দুটা পৰ্যায়ত অনুষ্ঠিত নহ’ব। এই NEET UG ২০২৫ পৰীক্ষা OMR মাধ্যমত অনুষ্ঠিত হ’ব বুলি নেচনেল টেষ্টিং এজেন্সীয়ে নিশ্চিত কৰিছে। লগতে এই পৰীক্ষা এটা শ্বিফ্টত অনুষ্ঠিত হ’ব বুলিও পৰীক্ষা নিয়ন্ত্ৰক সংস্থাটোৱে সদৰী কৰিছে।
নেচনেল টেষ্টিং এজেন্সী, চমুকৈ NTA-ই এই সন্দৰ্ভত নিজৰ অফিচিয়েল ৱেবছাইট nta.ac.in ত এক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনাত কোৱা হৈছে যে স্নাতক চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে NEET UG ২০২৫ OMR মোডত অনুষ্ঠিত কৰা হ’ব। একে সময়তে এই পৰীক্ষা এদিনতে এটা শ্বিফ্টত অনুষ্ঠিত হ’ব বুলি অৱগত কৰিছে NTA-ই।
ইয়াৰ পূৰ্বে JEE Main পৰীক্ষাৰ দৰে NEET UG ২০২৫ পৰীক্ষাও দুটা পৰ্যায়ত আৰু চিবিটি মোডত অনুষ্ঠিত কৰা হ’ব পাৰে বুলি অনুমান কৰা হৈছিল। NTA-ই জাৰি কৰা অধিসূচনাত উল্লেখ কৰা মতে MBBS, BAMS, BUMS আৰু BSMS পাঠ্যক্ৰমৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলে NEET UG পৰীক্ষাৰ জৰিয়তে BHMS পাঠ্যক্ৰমতো নামভৰ্তি কৰিব পাৰিব।
সমান্তৰালকৈ ২০২৫ চনৰ বাবে সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱা চিকিৎসালয়ত চলি থকা বি এছ চি নাৰ্চিং পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা সামৰিক নাৰ্চিং সেৱাৰ প্ৰাৰ্থীসকলেও NEET UG পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। চাৰি বছৰীয়া বি এছ চি নাৰ্চিং পাঠ্যক্ৰমত নামভৰ্তিৰ বাবেও NEET UG নম্বৰ ব্যৱহাৰ কৰা হ’ব।
NEET UG পৰীক্ষাৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব পাৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নেচনেল টেষ্টিং এজেন্সীয়ে ফেব্ৰুৱাৰী মাহত এই অধিসূচনা প্ৰকাশ কৰিব পাৰে। অৱশ্যে এই আবেদন প্ৰক্ৰিয়া সন্দৰ্ভত NTA-ই এতিয়াও কোনো চৰকাৰী তথ্য প্ৰকাশ কৰা নাই। অধিক তথ্য লাভ কৰিবলৈ প্ৰাৰ্থীসকলে NTA-ই জাৰি কৰা অফিচিয়েল অধিসূচনা পৰীক্ষা কৰিব পাৰিব।