শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

NTPC-ত ওলাইছে চাকৰিঃ দৰমহা ১.৪০লাখ পৰ্যন্ত, কেনেকৈ, ক’ত আবেদন কৰিব জানক..

Job: আপুনিও যদি এটা ভাল চাকৰি বিচাৰি আছে তেন্তে আছে এটা ভাল খবৰ। NTPC ত ওলাইছে চাকৰি। নিৰ্ধাৰিত সময়ৰ ভিতৰত যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব।

NTPC-ত ওলাইছে চাকৰিঃ দৰমহা ১.৪০লাখ পৰ্যন্ত, কেনেকৈ, ক’ত আবেদন কৰিব জানক..
চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 04 Feb 2025 14:12 PM

নেশ্যনেল থাৰ্মল পাৱাৰ কৰ্পাৰেশ্যন অৰ্থাৎ NTPC য়ে কেইবাটাও পদৰ নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NTPC য়ে ইঞ্জিনিয়াৰিং এক্সিকিউটিভ ট্ৰেইনী পদ পূৰণ কৰিব। গতিকে চাকৰি বিচাৰি থকা যোগ্যসকলে NTPC ৰ অফিচিয়েল ৱেবচাইট https://ntpc.co.in/ ত গৈ অনলাইন আবেদন কৰিব। প্ৰাৰ্থীসকলে ১৩ ফেব্ৰুৱাৰী পৰ্যন্ত অনলাইন আবেদন কৰিব পাৰিব।

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থীসকলৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং ক্ষেত্ৰত বিটেক বা বি ই ডিগ্ৰী থাকিব লাগিব।

বয়সঃ প্ৰাৰ্থীসকলৰ বয়সৰ সৰ্বোচ্চ সময়সীমা ২৭ বছৰ। অৱশ্যে অনুসূচিত জাতি, জনজাতি, অবিচি, দিব্যাংগ আদিকে ধৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ ক্ষেত্ৰত চৰকাৰী নিয়ম অনুসৰি ৰেহাই দিয়া হ’ব।

কেনেকৈ কৰিব আবেদন

  • প্ৰাৰ্থীসকলে প্ৰথমে NTPC ৰ অফিচিয়েল ৱেবচাইট https://ntpc.co.in/ ত যাওক।
  • হোমপেজৰ কেৰিয়াৰ শিতানৰ EET-2024 Recruitment ত এপ্লাইত ক্লিক কৰক
  • ইউজাৰ আইডি আৰু ইমেইল দিয়ক।
  • তথ্য প্ৰদান কৰক
  • GATE-2024 ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়ক
  • আবেদন পত্ৰ পূৰ কৰক। চাবমিট কৰক।

অধিক জানিবৰ বাবে- ক্লিক কৰক

NTPC Engineering Executive Trainee Recruitment 2025 Official Notification

মাচুল

সাধাৰণ, অবিচি, ই ডব্লিই এছ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩০০ টকা মাচুল দিব লাগিব। ইয়াৰ বিপৰীতে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে কোনো মাচুল দিব নালাগে।

নিৰ্বাচন প্ৰক্ৰিয়া

প্ৰাৰ্থীসকলক তেওঁলোকৰ GATE-2024 নম্বৰৰ ভিত্তিত চৰ্টলিষ্ট কৰা হ’ব। চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলে নথি-পত্ৰ পৰীক্ষণ কৰা । অৱশ্যে পৰীক্ষাৰ্থীৰ চূড়ান্ত নিৰ্বাচন নিৰ্ভৰ কৰিব GATE নম্বৰ আৰু কোম্পানীটোৰ প্ৰয়োজনীয়তাৰ ওপৰত।

দৰমহা

অভিযান্ত্ৰিক কাৰ্যবাহী প্ৰশিক্ষাৰ্থী পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে মাহে ৪০ হাজাৰৰ পৰা ১ লাখ ৪০ হাজাৰ টকাৰ ভিতৰত দৰমহা লাভ কৰিব। দৰমহাৰ লগতে তেওঁলোকে লাভ কৰিব ডিয়াৰনেছ এলাৱেন্স, অন্যান্য ভাট্টা আৰু টাৰ্মিনেল বেনিফিট।

 

অন্য খবৰ পঢ়কঃ Job: AAI ত ওলাইছে চাকৰিঃ কেনেকৈ, ক’ত কৰিব আবেদন, জানক সবিশেষ…