IOCL job: অইলত চাকৰি পোৱাৰ সুযোগ! আজিয়েই এনেকৈ কৰক আবেদন…
IOCL job: অইলত চাকৰি কৰিব বিচাৰে নেকি? তেন্তে চলি আছে আবেদন প্ৰক্ৰিয়া। ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব।

অইলত চাকৰি কৰিব বিচাৰে নেকি? তেন্তে চিন্তা নাই! কেইবাটাও পদৰ নিযুক্তিৰ বাবে অইলে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ইণ্ডিয়ান অইল কৰ্পাৰেশ্যন লিমিটেড (IOCL) য়ে এপ্ৰেণ্টিছৰ কেইবাটাও পদ পূৰণ কৰিব। ইয়াৰ বাবে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীয়ে অইলৰ অফিচিয়েল ৱেবচাইট iocl.com ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি ৪৫৭ টা পদ পূৰণ কৰা হ’ব। অইলৰ জাননী অনুসৰি আবেদন প্ৰক্ৰিয়া ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ই ৩ মাৰ্চলৈ চলিব। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন।
প্ৰাৰ্থীসকলে অইল পাইপলাইন পৰ্টেল https://plapps.indianoilpipelines.in/ আবেদন পূৰণ কৰিব পাৰিব। নিৰ্বাচিত প্ৰাৰ্থীসকলে নিযুক্তিৰ তাৰিখৰ পৰা ১২ মাহৰ বাবে এপ্ৰেণ্টিছশ্বিপ কৰাৰ সুযোগ লাভ কৰিব।
অৰ্হতা
বিভিন্ন ট্ৰেডৰ বাবে বেলেগ বেলেগ শৈক্ষিক যোগ্যতাৰ প্ৰয়োজন হ’ব। উদাহৰণ স্বৰূপে টেকনিচিয়ান এপ্ৰেণ্টিছ (মেকানিকেল) ট্ৰেডৰ বাবে প্ৰাৰ্থীগৰাকী মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোম’বাইল ইঞ্জিনিয়াৰিঙৰ তিনি বছৰৰ পূৰ্ণকালীন ডিপ্লমা বা দ্বাদশ শ্ৰেণী (SC)/ITIৰ পিছত লেটৰেল এন্ট্ৰি, ডিপ্লমা পাঠ্যক্ৰমৰ ২য় বৰ্ষত নামভৰ্তি লাভ কৰিব লাগিব।
টেকনিচিয়ান এপ্ৰেণ্টিছ (ইলেক্ট্ৰিক) ট্ৰেডৰ বাবে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকছ ইঞ্জিনিয়াৰিঙৰ তিনি বছৰৰ পূৰ্ণকালীন ডিপ্লমা (বা দ্বাদশ শ্ৰেণী (SC)/ITI ৰ পিছত লেটৰেল এন্ট্ৰি, ডিপ্লমা পাঠ্যক্ৰমৰ ২য় বৰ্ষত নামভৰ্তি লাভ কৰিব লাগিব।
প্ৰাৰ্থীৰ বয়স ১৮ ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।
IOCL Apprentice Recruitment 2025 Official Notification
নিৰ্বাচন প্ৰক্ৰিয়া
অইলে নিৰ্বাচন প্ৰক্ৰিয়া মেধাৰ ভিত্তিত কৰিব। মেধাৰ তালিকাত প্ৰাৰ্থীৰ মানদণ্ডৰ অধীনত আবেদন কৰা ট্ৰেডৰ বাবে প্ৰয়োজনীয় যোগ্যতাক অৱনমিত ক্ৰমত লাভ কৰা নম্বৰৰ শতাংশৰ ভিত্তিত মেৰিট তালিকা প্ৰস্তুত কৰা হ’ব। এই বাছনি প্ৰক্ৰিয়াত কোনো ধৰণৰ লিখিত পৰীক্ষা বা সাক্ষাৎকাৰ নাথাকিব। এক কথাত, মেট্ৰিকত পোৱা নম্বৰৰ ভিত্তিত আৰু অন্য তথ্যসমূহৰ ভিত্তিত এই নিৰ্বাচন প্ৰক্ৰিয়া সমাপন কৰা হ’ব।
অন্য় খবৰ পঢ়কঃ Job: অইলত ওলাইছে চাকৰি, দ্বাদশ উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, জানক সবিশেষ…