শিক্ষাৰ্থীয়ে কিদৰে দূৰ কৰিব হতাশা! পৰীক্ষা পে চৰ্চাত টিপছ্ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
আজি পৰীক্ষা পে চৰ্চাৰ অষ্টমটো সংস্কৰণত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা আৰু জীৱন সম্পৰ্কীয় বহু টিপছ্ প্ৰদান কৰে।

আজি পৰীক্ষা পে চৰ্চাৰ অষ্টমটো সংস্কৰণত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই অনুষ্ঠানৰ জৰিয়তে তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষা আৰু জীৱন সম্পৰ্কীয় বহু টিপছ্ প্ৰদান কৰে। দেহৰ পুষ্টিৰ পৰা আৰম্ভ কৰি লিখাৰ গুৰুত্ব আৰু লগতে হতাশাক দূৰ কৰাৰ উপায় সম্পৰ্কেও নানা পৰামৰ্শ আগবঢ়ায়। ছাত্ৰ-ছাত্ৰীসকলে বহু সময়ত নিজৰ শিক্ষা সম্পৰ্কীয় বিষয়েই হওক বা আন কাৰণত হওক, ভিতৰি ভিতৰি হতাশাত ভোগা দেখা যায়।
এই হতাশা লাহে লাহে বৃদ্ধি হোৱাৰ পিছত শিক্ষাৰ্থীজনৰ লগতে পৰিয়ালৰ সদস্যসকলৰ বাবেও এক গুৰুতৰ সমস্যা হৈ পৰে। এই বিষণ্ণতা তথা হতাশা দূৰ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক টিপছ্ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। অনুষ্ঠানত ছাত্র-ছাত্রীসকলক উদ্দেশ্যি প্রধানমন্ত্রী মোদীয়ে কয়, “শৈশৱত আমি পিতৃ-মাতৃক সকলো কথা কৈছিলোঁ, কিন্তু এতিয়া লাহে লাহে ছাত্র-ছাত্রীসকল সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷”
এনে বিচ্ছিন্নতাৰ ফলত ক্ৰমান্বয়ে ছাত্ৰ-ছাত্ৰীসকলক বিষণ্ণতাৰ ফালে ঠেলি দিয়ে। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ মনত কোনো কথা লুকুৱাই নাৰাখি পিতৃ-মাতৃৰ আগত নিজৰ কথাবোৰ মুকলিকৈ ক’ব লাগে বা ঘৰত উপস্থিত থকা সকলো সদস্যৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব লাগে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে পৰামৰ্শ দিয়ে। ইয়াৰ সমান্তৰালকৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান আহৰণৰ উপায়ৰ বিষয়েও উপদেশ দিয়ে।
কেৱল কিতাপৰ মাজতে আৱদ্ধ হৈ নাথাকি জ্ঞান য’তেই আছে তাৰ পৰাই আহৰণ কৰিব লাগে আৰু জ্ঞান লাভৰ পৰা কেতিয়াও আঁতৰি যাব নালাগে বুলি উপদেশ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে তেওঁ ছাত্ৰ-ছাত্ৰীসকলে লিখাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে আৰু যি বয়সৰ লোকেই নহওক কিয় লিখাৰ অভ্যাস সদায় থাকিব লাগে বুলিও দোহাৰে।
আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিফলতাৰ পৰা হাত সৰাৰ টিপ্ছো প্ৰদান কৰে। তেওঁ কয় যে বহু বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত বিফলতাৰ সন্মুখীন হয় আৰু তাৰ পিছত পুনৰ চেষ্টা কৰে। বিফলতাৰ বাবেই জীৱন স্তব্ধ হৈ নাযায় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলে কেৱল পাঠ্যক্ৰমতে সফল হ’ব বিচাৰে নে জীৱনতো সফল হ’ব বিচাৰে সেয়া নিজৰ ওপৰত নিৰ্ভৰশীল বুলিও মন্তব্য কৰে।
তেওঁ লগতে বিফলতাক নিজৰ শিক্ষক কৰি তুলিব লাগে বুলিও পৰামৰ্শ দিয়ে শিক্ষাৰ্থীসকলক। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সকলোৰে কিছুমান অভাৱ আৰু কিছুমান ভাল গুণ আছে। এই ভাল গুণসমূহত সকলোৱে মনোনিৱেশ কৰাটো প্ৰয়োজন বুলি তেওঁ দোহাৰে।