আজি ছাত্ৰ-ছাত্ৰীৰ সৈতে ‘পৰীক্ষা পে চৰ্চা’ প্ৰধানমন্ত্ৰী মোদীৰঃ কেতিয়া আৰু কিদৰে চাব পাৰিব অনুষ্ঠান!
আজি অনুষ্ঠিত হ’ব ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপৰ ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক জনপ্ৰিয় অনুষ্ঠান। প্ৰধানমন্ত্ৰী মোদীৰ লগতে আন বিভিন্ন ক্ষেত্ৰৰ প্ৰখ্যাত লোকসকলে অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব। এই অনুষ্ঠান কেতিয়া আৰু ক’ত চাব পাৰিব, এই বিষয়ে জানো আহক।

আজি সম্প্ৰচাৰিত হ’ব পৰীক্ষা পে চৰ্চা অনুষ্ঠান
দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপৰ ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক জনপ্ৰিয় অনুষ্ঠান আজি অনুষ্ঠিত হ’ব। এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে যোগাযোগ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰীক্ষা সম্পৰ্কীয় মানসিক চাপ হ্ৰাস, উন্নত অধ্যয়ন পদ্ধতি আৰু মানসিক স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব। দেশজুৰি প্ৰায় ৫ কোটি লোকৰ অংশগ্ৰহণেৰে ‘পৰীক্ষা পে চৰ্চা ২০২৫’- এ এক নতুন অভিলেখ গঢ়ি তুলিব।
আজি দিনৰ ১১ বজাত এই মত বিনিময় অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দূৰদৰ্শন আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়, চমুকৈ PMO ইউটিউব চেনেলত এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। এইবাৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মুঠ ৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীক অনুষ্ঠানৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই ছাত্ৰ-ছাত্ৰীসকল চৰকাৰী বিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয়, সৈনিক বিদ্যালয়, নৱোদয় বিদ্যালয়, একলব্য আদৰ্শ আৱাসিক বিদ্যালয় আৰু চিবিএছই বিদ্যালয়ত অধ্যয়নৰত।
এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰি তেওঁলোকৰ প্ৰশ্নৰ সমাধান লাভ কৰিব। এইবাৰ নতুন আৰু ৰোমাঞ্চকৰ ৰূপত প্ৰদৰ্শন কৰা হ’ব ‘পৰীক্ষা পে চৰ্চা ২০২৫’। অনুষ্ঠানটোক মুঠ আঠটা খণ্ডত বিভক্ত কৰা হৈছে। বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলেও শিক্ষাৰ্থীসকলক অনুষ্ঠানটোৰ জৰিয়তে বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰিব। প্ৰথম খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব।
ইয়াৰ পিছত বাকী সাতটা খণ্ডত ক্ৰীড়া, মানসিক স্বাস্থ্য, পুষ্টি, প্ৰযুক্তি, ধনাত্মকতা, ধ্যান আৰু সফলতা সন্দৰ্ভত বিশেষজ্ঞসকলে মতামত আগবঢ়াব। দেশৰ কিংবদন্তি বক্সাৰ এম চি মেৰী কম, বলীউডৰ জনপ্ৰিয় তাৰকা দীপিকা পাডুকন, বিক্ৰান্ত মেছে, ভূমি পাডনেকাৰ, টেকনিকেল গুৰুজী খ্যাত গৌৰৱ চৌধুৰী, সদগুৰুকে ধৰি বহুকেইজন ব্যক্তিয়ে এই বিষয়সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব।
পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা মানসিক চাপ কমোৱাৰ উদ্দেশ্যে এইবাৰ ‘পৰীক্ষা পে চৰ্চা ২০২৫’ত মানসিক স্বাস্থ্য আৰু আৱেগিক ভাৰসাম্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই বিষয়ত দীপিকা পাডুকনে আলোকপাত কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আগত আত্মপ্ৰকাশৰ গুৰুত্বৰ বিষয়ে মতামত আগবঢ়াব। একেদৰে সদগুৰুৱে ধ্যান কৌশলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্পষ্টতা আৰু একাগ্ৰতা বৃদ্ধি সন্দৰ্ভত আলোকপাত কৰিব।
ইয়াৰ উপৰিও ৰুজুতা দিৱেকাৰ আৰু শোণালী সাবৰৱালে ছাত্ৰ-ছাত্ৰীসকলক সুষম আহাৰ আৰু টোপনিৰ গুৰুত্বৰ বিষয়ে সচেতন কৰি তুলিব। এইবাৰ ‘পৰীক্ষা পে চৰ্চা ২০২৫’ত সফলতাৰ কাহিনীৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হ’ব। UPSC, IIT-JEE, CLAT, NDA আৰু CBSE Board পৰীক্ষাৰ দৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ টপাৰসকলে তেওঁলোকৰ অভিজ্ঞতা ছাত্ৰ-ছাত্ৰীসকলৰ আগত দাঙি ধৰিব।
পৰীক্ষা পে চৰ্চা অনুষ্ঠানে তেওঁলোকক কেনেদৰে অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকৰ অধ্যয়নৰ কৌশল সলনি কৰিছিল সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে শ্বেয়াৰ কৰিব বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ টপাৰসকলে। একেদৰে পূৰ্বে অনুষ্ঠিত হৈ যোৱা পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ অভিজ্ঞতা দাঙি ধৰিব। আগ্ৰহী লোকসকলে এই অনুষ্ঠান দূৰদৰ্শন আৰু PMO ইউটিউব চেনেলত চাব পাৰিব।