শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

চাকৰি লাভৰ সুৱৰ্ণ সুযোগঃ ডাকঘৰত ৪৫ হাজাৰতকৈ অধিক পদত হ’ব নিযুক্তি

ভাৰতীয় ডাক বিভাগে নিযুক্তি লাভৰ বাবে আনিছে এক সুৱৰ্ণ সুযোগ। শীঘ্ৰেই ডাক বিভাগত ৪৫ হাজাৰতকৈও অধিক পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি হ’ব। এই সন্দৰ্ভত শীঘ্ৰেই অধিসূচনা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিব তথা আবেদন মাচুল, যোগ্যতা পৰীক্ষা তথা আন দিশসমূহৰ বিষয়ে জানো আহক।

চাকৰি লাভৰ সুৱৰ্ণ সুযোগঃ ডাকঘৰত ৪৫ হাজাৰতকৈ অধিক পদত হ’ব নিযুক্তি
ডাক বিভাগত চাকৰি
monjit-dutta
Monjit Dutta | Published: 20 Jan 2025 10:57 AM

চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। ভাৰতীয় ডাক বিভাগে নিযুক্তি লাভৰ বাবে আনিছে এক সুৱৰ্ণ সুযোগ। শীঘ্ৰেই ডাক বিভাগত ৪৫ হাজাৰতকৈও অধিক পদত নিযুক্তিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি হ’ব। এই সন্দৰ্ভত শীঘ্ৰেই অধিসূচনা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। তথ্য অনুসৰি গ্ৰামীন ডাক সেৱক, পোষ্টমেন, মেইল গাৰ্ড আৰু মাল্টি টাস্ক্ৰিং ষ্টাফ পদত দিয়া হ’ব নিযুক্তি। এই পদসমূহৰ বাবে কিদৰে আবেদন কৰিব তথা আবেদন মাচুল, যোগ্যতা পৰীক্ষা তথা আন দিশসমূহৰ বিষয়ে জানো আহক-

সূত্ৰ অনুসৰি গ্ৰামীন ডাক সেৱকৰ আনুমানিক ৩০ হাজাৰ পদ, পোষ্টমেনৰ আনুমানিক ১০ হাজাৰ পদ, মেইল গাৰ্ড আৰু মাল্টি-টাস্কিং ষ্টাফ পদৰ বাবে ক্ৰমে আনুমানিক ৩ হাজাৰ আৰু ২ হাজাৰকৈ পদ মুকলি হ’ব পাৰে। ইফালে বৰ্তমান ডাক বিভাগত চালক (সাধাৰণ গ্ৰেড)ৰ বাবে ২৫ টা পদ মুকলি কৰা হৈছে। অহা ৮ ফেব্ৰুৱাৰীৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব লাগিব।

ডাক বিভাগৰ পদসমূহৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ অধীনত কমেও ৫০% নম্বৰ লৈ দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। প্ৰাৰ্থীসকলৰ স্থানীয় ভাষাৰ ভালদৰে জ্ঞান থাকিব লাগিব। ১৮ বছৰৰ পৰা ৪০ বছৰ বয়সলৈকে যোগ্য প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে অনুসূচিত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত অতিৰিক্ত ৫ বছৰ বয়সৰ ৰেহাই থাকিব।

একেদৰে OBC প্ৰাৰ্থীসকলে অতিৰিক্ত ৩ বছৰ ৰেহাই লাভ কৰিব। আনহাতে PWD প্ৰাৰ্থীসকলৰ বাবে ১০ বছৰ ৰেহাই দিয়া হ’ব। পদসমূহৰ বাবে আবেদন কৰিবলৈ কম্পিউটাৰৰ মৌলিক জ্ঞানৰ প্ৰয়োজন। জেনেৰেল আৰু OBC প্ৰাৰ্থীসকলে ১০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচিত জাতি/জনজাতি আৰু PWD প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত মাচুল ৰেহাই দিয়া হ’ব।

সাধাৰণতে এই পদসমূহৰ বাবে প্ৰাৰ্থীৰ নিৰ্বাচন দশম শ্ৰেণীৰ নম্বৰৰ ওপৰত ভিত্তি কৰি কৰা হয়। গতিকে নম্বৰৰ ভিত্তিত চৰ্টলিষ্ট হ’লে নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে উপস্থিত হ’ব লাগিব। অৰ্থাৎ এই পদসমূহৰ বাবে লিখিত পৰীক্ষা বা সাক্ষাৎকাৰ অনুষ্ঠিত নহয়। অৱশ্যে এই নিযুক্তিৰ বাবে আনুষ্ঠানিক অধিসূচনা এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও অতি সোনকালে অধিসূচনা প্ৰকাশৰ সম্ভাৱনা আছে।

গতিকে চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰা উচিত হ’ব। অধিসূচনা প্ৰকাশ পোৱাৰ পিছত প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি আবেদন কৰিব পাৰিব-

প্ৰথমে ডাক বিভাগৰ অফিচিয়েল ৱেবছাইট www.indiapost.gov.in চাব।

ইয়াৰ পিছত Post Office Recruitment 2025 লিংকত ক্লিক কৰক।

এতিয়া নিজা ইমেইল আইডি আৰু ফোন নম্বৰৰ সহায়ত চাইন আপ কৰিব লাগিব।

ইয়াৰ পিছত আবেদন প্ৰ-পত্ৰত উল্লেখ থকাৰ দৰে সকলো তথ্য পূৰ কৰিব লাগিব।

তথ্য পূৰণৰ পিছত ফটো আৰু স্বাক্ষৰৰ লগতে সকলো প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰিব লাগিব।

এতিয়া আবেদন মাচুল পৰিশোধ কৰি আবেদন পত্ৰখন চাবমিট কৰিব।

Latest News