শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

PWD ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ কৰিব আবেদন, জানক…

PWD job: আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে PWD ত ওলাইছে চাকৰি। নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনিও কৰিব পাৰে আবেদন আৰু ল'ব পাৰে এটা ভাল চাকৰি।

PWD ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ কৰিব আবেদন, জানক…
প্ৰতিনিধিত্বমূলক ছবি
barasha-sarma
Barasha Sarma | Published: 18 Feb 2025 14:24 PM

অসমত থাকিয়েই চাকৰি কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। কিয়নো PWD ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা অসম লোকসেৱা আয়োগে ৬৫৪ টা  এছিচটেন্ট আৰ্কিটেক আৰু কনিষ্ঠ অভিযন্তা (চিভিল)( Assistant Architect & Junior Engineer (Civil)) পদত নিযুক্তি প্ৰদান কৰিব। এই পদসমূহ ৰাজহুৱা কাম-কাজ (বিল্ডিং আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ [PW(B&NH)D] আৰু ৰাজহুৱা কাম-কাজ গড়কাপ্তানী বিভাগ (PWRD) আৰু ৰাজহুৱা কাম-কাজ (বিল্ডিং আৰু NH) বিভাগৰ যৌথ কেডাৰৰ অধীনত ভৰ্তি কৰা হ’ব।

পদৰ বিষয়ে

১) সহকাৰী স্থপতিবিদ Assistant Architect

  • পদৰ সংখ্যা- ৪ টা
  • বিভাগঃ পাব্লিক ৱাৰ্কচ (বিল্ডিং এণ্ড নেছনেল হাইৱে) ডিপাৰ্টমেন্ট ( [PW(B&NH)D]
  • দৰমহাঃ ৩০,০০০ ৰ পৰা ১,১০,০০০ লৈ।
  • বয়সঃ ২১ বছৰৰ পৰা ৩৮ বছৰ।
  • অৰ্হতাঃ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বা বিদেশী বিশ্ববিদ্যালয়ৰ পৰা আৰ্কিটেক ডিগ্ৰী
  • আবেদনৰ শেষ তাৰিখঃ ২৩ ফেব্ৰুৱাৰী

 

২) পদৰ নামঃ কনিষ্ঠ অভিযন্তা (Junior Engineer, Civil)

  • পদৰ সংখ্যাঃ ৬৫০ টা
  • বিভাগঃ PWRD & PW(B&NH)
  • দৰমহাঃ ১৪,০০০ ৰ পৰা ৭০,০০০
  • বয়সঃ২১ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত
  • আবেদনৰ শেষ তাৰিখঃ ৪ মাৰ্চ
  • অৰ্হতাঃ প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত ৩ বছৰৰ ডিপ্লোমা থাকিব লাগিব।  অধিক জানিবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে।

ৰেহাইঃ অনুসূচিত জাতি-জনজাতিৰ লোকে ৫ বছৰ, অবিচি শ্ৰেণীৰলোকে ৩ বছৰ আৰু দিব্যাংগসকলে ১০ বছৰৰ বয়সৰ ৰেহাই পাব পাৰে।

মাচুল

  • সাধাৰণ শ্ৰেণী আৰু ই ডব্লিউ এছঃ ২৯৭.২০টকা।
  • অবিচি,এমঅবিচিঃ ১৯৭.২০ টকা
  • এছচি, এছটি, বিপিএলঃ ৪৭.২০ টকা।
  • দিব্যাংগঃ ৪৭.২০ টকা।

অনলাইনযোগে প্ৰাৰ্থীয়ে আবেদন মাচুল জমা কৰিব লাগিব।

আবেদন পত্ৰঃ  কিল্ক কৰক
বিজ্ঞাপনঃ আৰ্কিটেক
বিজ্ঞাপনঃ কনিষ্ঠ অভিযন্তা
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক

 

অন্য খবৰ পঢ়কঃ IOCL job: অইলত চাকৰি পোৱাৰ সুযোগ! আজিয়েই এনেকৈ কৰক আবেদন…