PWD ত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ কৰিব আবেদন, জানক…
PWD job: আপুনিও চাকৰি বিচাৰি আছে নেকি? তেন্তে PWD ত ওলাইছে চাকৰি। নিৰ্ধাৰিত সময়ৰ ভিতৰত আপুনিও কৰিব পাৰে আবেদন আৰু ল'ব পাৰে এটা ভাল চাকৰি।

প্ৰতিনিধিত্বমূলক ছবি
অসমত থাকিয়েই চাকৰি কৰিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে আছে এটা ভাল খবৰ। কিয়নো PWD ত ওলাইছে চাকৰি। এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা অসম লোকসেৱা আয়োগে ৬৫৪ টা এছিচটেন্ট আৰ্কিটেক আৰু কনিষ্ঠ অভিযন্তা (চিভিল)( Assistant Architect & Junior Engineer (Civil)) পদত নিযুক্তি প্ৰদান কৰিব। এই পদসমূহ ৰাজহুৱা কাম-কাজ (বিল্ডিং আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগ [PW(B&NH)D] আৰু ৰাজহুৱা কাম-কাজ গড়কাপ্তানী বিভাগ (PWRD) আৰু ৰাজহুৱা কাম-কাজ (বিল্ডিং আৰু NH) বিভাগৰ যৌথ কেডাৰৰ অধীনত ভৰ্তি কৰা হ’ব।
পদৰ বিষয়ে
১) সহকাৰী স্থপতিবিদ Assistant Architect
- পদৰ সংখ্যা- ৪ টা
- বিভাগঃ পাব্লিক ৱাৰ্কচ (বিল্ডিং এণ্ড নেছনেল হাইৱে) ডিপাৰ্টমেন্ট ( [PW(B&NH)D]
- দৰমহাঃ ৩০,০০০ ৰ পৰা ১,১০,০০০ লৈ।
- বয়সঃ ২১ বছৰৰ পৰা ৩৮ বছৰ।
- অৰ্হতাঃ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বা বিদেশী বিশ্ববিদ্যালয়ৰ পৰা আৰ্কিটেক ডিগ্ৰী
- আবেদনৰ শেষ তাৰিখঃ ২৩ ফেব্ৰুৱাৰী
২) পদৰ নামঃ কনিষ্ঠ অভিযন্তা (Junior Engineer, Civil)
- পদৰ সংখ্যাঃ ৬৫০ টা
- বিভাগঃ PWRD & PW(B&NH)
- দৰমহাঃ ১৪,০০০ ৰ পৰা ৭০,০০০
- বয়সঃ২১ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত
- আবেদনৰ শেষ তাৰিখঃ ৪ মাৰ্চ
- অৰ্হতাঃ প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত ৩ বছৰৰ ডিপ্লোমা থাকিব লাগিব। অধিক জানিবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে।
ৰেহাইঃ অনুসূচিত জাতি-জনজাতিৰ লোকে ৫ বছৰ, অবিচি শ্ৰেণীৰলোকে ৩ বছৰ আৰু দিব্যাংগসকলে ১০ বছৰৰ বয়সৰ ৰেহাই পাব পাৰে।
মাচুল
- সাধাৰণ শ্ৰেণী আৰু ই ডব্লিউ এছঃ ২৯৭.২০টকা।
- অবিচি,এমঅবিচিঃ ১৯৭.২০ টকা
- এছচি, এছটি, বিপিএলঃ ৪৭.২০ টকা।
- দিব্যাংগঃ ৪৭.২০ টকা।
অনলাইনযোগে প্ৰাৰ্থীয়ে আবেদন মাচুল জমা কৰিব লাগিব।
আবেদন পত্ৰঃ কিল্ক কৰক
বিজ্ঞাপনঃ আৰ্কিটেক
বিজ্ঞাপনঃ কনিষ্ঠ অভিযন্তা
অফিচিয়েল ৱেবচাইটঃ ক্লিক কৰক
অন্য খবৰ পঢ়কঃ IOCL job: অইলত চাকৰি পোৱাৰ সুযোগ! আজিয়েই এনেকৈ কৰক আবেদন…