শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

JOB: ৰে’লৱেত ওলাইছে চাকৰি, দশম উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন…

JOB: চাকৰি বিচাৰি থকাসকলৰ বাবে ভাল খবৰ। ৰে'লৱেত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰে আবেদন। '

JOB: ৰে’লৱেত ওলাইছে চাকৰি, দশম উত্তীৰ্ণ সকলেও কৰিব পাৰিব আবেদন…
ৰে'লৱে চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Jan 2025 14:37 PM

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেত ওলাইছে চাকৰি। শেহতীয়াকৈ ইষ্ট চেণ্ট্ৰেল ৰে’লৱে এক জাননী জাৰি কৰি এপ্ৰেণ্টিছ পদৰ (Apprenticeship)  নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে। ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া ১৪ ফেব্ৰুৱাৰী,২০২৫ লৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিব পাৰিব আবেদন। প্ৰাৰ্থীসকলে ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট rrcecr.gov.in ত লৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা মুঠ ১১৫৪ টা ভৰ্তি কৰা হ’ব।নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে পূৱ কেন্দ্ৰীয় ৰে’লৱেৰ বিভিন্ন সংমণ্ডলত নিযুক্তি লাভ কৰিবব।

অৰ্হতা

আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে দশম শ্ৰেণীত ৫০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হোৱা বাধ্য়তামূলক। ইয়াৰোপৰি প্ৰাৰ্থীৰ সংশ্লিষ্ট ব্যৱসায়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ডিগ্ৰী থাকিব লাগিব। ২০২৫ চনৰ ১ জানুৱাৰীলৈকে আবেদনৰ বয়স ১৫ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে বয়সত কিছু ৰেহাই দিয়া হৈছে।

মাচুল

ইষ্ট চেণ্ট্ৰেল ৰে’লৱেত এপ্ৰেণ্টিছ পদৰ বাবে আবেদন মাচুল ১০০ টকা। অৱশ্যে এই মাচুল কেৱল সাধাৰণ শ্ৰেণী আৰু অবিচি শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে। অনুসূচিত জাতি, জনজাতি, মহিলা প্ৰাৰ্থী আৰু দিব্যাংগ প্ৰাৰ্থীসকলে আবেদনৰ বাবে কোনো মাচুল দিব নালাগে। আবেদন মাচুল ডেবিট/ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং আদিৰ জৰিয়তে অনলাইনযোগে জমা কৰিব পাৰিব।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি ইষ্ট চেন্ট্ৰেল ৰেলৱেৰ অফিচিয়েল ৱেবচাইট rrcecr.gov.in ত যাওক।
  • ৱেবচাইটত থকা আবেদনত ক্লিক কৰক।
  • ব্যক্তিগত তথ্য আৰু শৈক্ষিক অৰ্হতা দাখিল কৰক।
  • অন্য প্ৰয়োজনীয় তথ্য আৰু মাচুল আদায় কৰক।
  • সকলো তথ্য পৰীক্ষা কৰি চাবমিট কৰক।

 

নিৰ্বাচন প্ৰক্ৰিয়া

ইষ্ট চেণ্ট্ৰেল ৰে’লৱে এপ্ৰেণ্টিছ পদৰ বাবে মেধাৰ ভিত্তিত নিৰ্বাচন কৰিব। দশম আৰু আই টি আইত পোৱা মুঠ নম্বৰৰ ভিত্তিত মেৰিট প্ৰস্তুত কৰা হ’ব। অধিক সবিশেষ জানিবলৈ প্ৰাৰ্থীসকলে জাৰি কৰা নিযুক্তি বিজ্ঞাপন পৰীক্ষা কৰিব পাৰিব।

 

অন্য খবৰ পঢ়কঃ UCO Bank job: স্নাতক উত্তীৰ্ণ সকলৰ বাবে ভাল খবৰ! এই পদৰ বাবে এনেকৈ কৰক আবেদন…