শিক্ষকৰ পৰা অনুবাদকলৈ, ৰে’লৱেত ওলাইছে চাকৰিঃ কেনেকৈ কৰিব আবেদন, জানক

ৰে'লৱেত ওলাইছে চাকৰি। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰে। ইয়াৰ বাবে ৰে'লৱে প্ৰাৰ্থীৰ যোগ্যতা, দৰমহা কিমান হ'ব আদি সকলো তথ্য প্ৰকাশ কৰিছে।

শিক্ষকৰ পৰা অনুবাদকলৈ, ৰেলৱেত ওলাইছে চাকৰিঃ কেনেকৈ কৰিব আবেদন, জানক

ৰে'লৱে চাকৰি

Published: 

25 Dec 2024 15:02 PM

নতুন বছৰে আপোনাৰ বাবে লৈ আনিব পাৰে ভাল খবৰ। কিয়নো ৰে’ল বিভাগৰ কেইবাটাও পদত ওলাইছে চাকৰি। ৰে’লৱে নিযুক্তি ব’ৰ্ড অৰ্থাৎ আৰ আৰ বিয়ে মিনিষ্ট্ৰিয়েল আৰু আইছোলেণ্ড পদ ভৰ্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। এই নিযুক্তি অভিযানৰ অধীনত ৰে’লৱে বিভিন্ন বিভাগত মুঠ ১,০৩৬ টা পদ পূৰণ কৰাৰ বাবে আবেদন আহ্বান বিচাৰিছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত অনলাইনৰ জৰিয়তে আবেদন জনাব পাৰে।

আবেদনৰ তাৰিখ

ইচ্ছ্যুক প্ৰাৰ্থীসকলে আৰ বি আইৰ ৱেবচাইটত হৈ অনলাইন আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া ৭ জানুৱাৰী, ২০২৫ ৰ পৰা আৰম্ভ হব আৰু অন্ত পৰিব ৬ ফেব্ৰুৱাৰী, ২০২৫ চনলৈ।

পদসমূহ

  • স্নাতকোত্তৰ শিক্ষক (বিভিন্ন বিষয়) – ১৮৭ টা পদ
  • বৈজ্ঞানিক তত্বাৱধায়ক (এৰগ’নমিক্স আৰু প্ৰশিক্ষণ) – ৩টা পদ
  • প্ৰশিক্ষিত স্নাতক শিক্ষক (বিভিন্ন বিষয়) – ৩৩৮ টা পদ
  • মুখ্য আইন সহায়ক- ৫৪ টা পদ
  • চৰকাৰী অধিবক্তা (ৰাজহুৱা অভিযুক্ত) – ২০টা পদ
  • শাৰীৰিক প্ৰশিক্ষণ প্ৰশিক্ষক (ইংৰাজী মাধ্যম) – ১৮ টা পদ
  • বৈজ্ঞানিক সহায়ক/প্ৰশিক্ষণ – ২টা পদ
  • কনিষ্ঠ অনুবাদক/হিন্দী (জুনিয়ৰ ট্ৰান্সলেটৰ) – ১৩০ টা পদ
  • জ্যেষ্ঠ প্ৰচাৰ পৰিদৰ্শক (চিনিয়ৰ পাব্লিচিটি ইনচপেক্টৰ) – ৩টা পদ
  • কৰ্মচাৰী আৰু কল্যাণ পৰিদৰ্শক (ষ্টাফ এণ্ড ৱেলফেয়াৰ ইনচপেক্টৰ)- ৫৯টা পদ
  • লাইব্ৰেৰিয়ান – ১০টা পদ
  • সংগীত শিক্ষয়িত্ৰী (মহিলা) – ৩টা পদ
  • প্ৰাথমিক ৰে’লৱে শিক্ষক (বিভিন্ন বিষয়) – ১৮৮ টা পদ
  • সহকাৰী শিক্ষয়িত্ৰী, কনিষ্ঠ বিদ্যালয় (মহিলা) – ২টা পদ
  • লেব সহায়ক/বিদ্যালয় – ৭টা পদ
  • লেব সহকাৰী তৃতীয় শ্ৰেণী (ৰসায়নবিদ আৰু ধাতুবিদ) – ১২টা পদ

মাচুল

এই আবেদন প্ৰক্ৰিয়াৰ বাবে সাধাৰণ, অবিচি, ই ডব্লিউ এছ সকলে ৫০০ টকা মাচুল আদায় কৰিব লাগিব। লগতে এছ চি, এছ টি আদিয়ে ২৫০ টকা মাচুল দিব লাগিব।

Railway Ministerial Recruitment 2024 Official Notification

যোগ্যতা

প্ৰতিটো পদৰ বাবে বেলেগ বেলেগ যোগ্যতাৰ প্ৰয়োজন হব। অধিক জানিবৰ বাবে ৰেলৱেৰ ৱেবচাইট চাব পাৰে। ইয়াৰোপৰি নূন্যতম বয়সৰ সীমা ১৮ বছৰ। সৰ্বোচ্চ বয়স প্ৰতিটো পদৰ বাবে বেলেগ বেলেগ।

দৰমহা

স্নাতকোত্তৰ শিক্ষক (বিভিন্ন বিষয়) পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে দৰমহা ৪৭,৬০০ টকা লাভ কৰিব। সময় অনুযায়ী ই বৃদ্ধি হ’ব। ইয়াৰ লগতে প্ৰশিক্ষিত স্নাতক শিক্ষক (বিভিন্ন বিষয়), মুখ্য আইন সহায়ক, ৰাজহুৱা অভিযুক্ত আৰু শাৰীৰিক প্ৰশিক্ষণ প্ৰশিক্ষক, বৈজ্ঞানিক তত্বাৱধায়ক (এৰগ’নমিক্স আৰু প্ৰশিক্ষণ)কে ধৰি ) (ইংৰাজী মাধ্যম)ৰ আদিৰ দৰমহা হ’ব ৪৪,৯০০ টকা।

লগতে বৈজ্ঞানিক সহকাৰী/প্ৰশিক্ষণ, কনিষ্ঠ অনুবাদক/হিন্দী, জ্যেষ্ঠ প্ৰচাৰ পৰিদৰ্শক, কৰ্মচাৰী আৰু কল্যাণ পৰিদৰ্শক, লাইব্ৰেৰিয়ান, সংগীত শিক্ষক (মহিলা), প্ৰাথমিক ৰে’লৱে শিক্ষক (বিভিন্ন বিষয়) আৰু সহকাৰী শিক্ষক, কনিষ্ঠ বিদ্যালয় (মহিলা)ৰ আৰম্ভণিৰ দৰমহা  ৩৫,৪০০ টকা। সমান্তৰালকৈ লেব এচিষ্টেণ্ট/স্কুলৰ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰথম অৱস্থাত লাভ কৰিব  ২৫,৫০০ টকা আৰু লেব এচিষ্টেণ্ট গ্ৰেড তৃতীয় (ৰসায়নবিদ আৰু ধাতুবিদ) পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে ১৯,৯০০ টকা দৰমহা লাভ কৰিব। অৱশ্যে ইয়াৰোপৰি প্ৰাৰ্থীসকলে অন্যান্য সুবিধা লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ ৰে’লৱেত খালী ৩২,৪৩৮ টা পদঃ কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া, জানক সকলো…

 

কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?
খাদ্য গ্ৰহণৰ পাছত কৰক এই কাম, কেতিয়াও নাবাঢ়ে ওজন!