শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰে’লৱেত ওলাইছে চাকৰিঃ দশম শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, সবিশেষ জানক…

ৰে'লৱেত চাকৰি বিচাৰি থকাসকলৰ বাবে সোণালী সময়! কিয়নো ৰে'লৱেত ওলাইছে চাকৰি। দশম শ্ৰেণীত উত্তীৰ্ণ সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

ৰে’লৱেত ওলাইছে চাকৰিঃ দশম শ্ৰেণী উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন, সবিশেষ জানক…
ৰে'লৱে চাকৰিImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 07 Jan 2025 14:22 PM

ৰে’লৱে ভৰ্তি চেল অৰ্থাৎ আৰ আৰ চি (RRC)য়ে দক্ষিণ মধ্য ৰে’লৱেত ট্ৰেড এপ্ৰেণ্টিছশ্বিপৰ কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে । যদি আপুনি দশম শ্ৰেণীত উত্তীৰ্ণ, তেন্তে ৰে’লৱেত চাকৰি লাভ কৰাৰ ক্ষেত্ৰত আপোনাৰ বাবে এয়া এক সোণালী সুযোগ। ইতিমধ্য এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ই ২৭ জানুৱাৰী, ২০২৫ লৈ চলিব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত দক্ষিণ কেন্দ্ৰীয় ৰে’লৱেৰ অফিচিয়েল ৱেবছাইট scr.indianrailways.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ অধীনত মুঠ ৪,২৩২টা পদত নিযুক্তি দিয়া  হ’ব।এই এপ্ৰেণ্টিছশ্বিপ মাত্ৰ এবছৰৰ বাবে হ’ব।

পদসমূহ

এ চি মেকানিক- ১৪৩ টা পদ
এয়াৰ কণ্ডিচনাৰ- ৩২ টা পদ
কাঠমিস্ত্ৰী – ৪২টা পদ
ডিজেল মেকানিক- ১৪২ টা পদ
ইলেক্ট্ৰনিক মেকানিক- ৮৫ টা পদ
ঔদ্যোগিক ইলেক্ট্ৰনিক্স- ১০ টা পদ
ইলেক্ট্ৰিচিয়ান- ১০৫৩ টা পদ
বৈদ্যুতিক (এছ এণ্ড টি) (ইলেক্ট্ৰিচিয়ান) – ১০টা পদ
পাৱাৰ মেন্টেনেন্স (ইলেক্ট্ৰিচিয়ান) – ৩৪টা পদ
ট্ৰেইন লাইটিং (ইলেক্ট্ৰিচিয়ান) – ৩৪টা পদ
ফিটাৰ- ১৭৪২ টা পদ
মটৰ মেকানিক বাহন- ৮ টা পদ
মেচিনিষ্ট- ১০০ টা পদ
মেকানিক মেচিন টুল মেইণ্টেনেন্স- ১০ টা পদ
পেন্টৰ- ৭৪ টা পদ
ৱেল্ডাৰ – ৭১৩টা পদ

যোগ্যতা

এই পদৰ বাবে প্ৰাৰ্থীয়ে দশম পৰীক্ষাত ৫০ শতাংশ নম্বৰৰ সৈতে উত্তীৰ্ণ হ’ব লাগিব। লগতে সম্পৰ্কীয় ট্ৰেডৰ পৰা আই টি আই কৰা হ’ব লাগিব।

বয়সঃ প্ৰাৰ্থীৰ বয়স ১৫ ৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব। প্ৰাৰ্থীৰ বয়স ২০২৪ চনৰ ৮ ডিচেম্বৰলৈ হিচাপ কৰি চোৱা হ’ব। অৱশ্যে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অবিচি আদিৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ’ব।

আবেদন কেনেকৈ কৰিব

  • প্ৰথমে আপুনি ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট scr.indianrailways.gov.in ত যাওক।
  • পাছত ৰেজিষ্ট্ৰেশ্যন কৰি ফৰ্ম পূৰ কৰক।
  • লাগতিয়াল সকলো তথ্য আপলোড কৰি চাবমিট কৰি দিয়ক
  • আবেদন মাচুল দিব।
  • শেষত স্বীকৃতি প্ৰ-পত্ৰখন ডাউনলোড কৰি প্ৰিন্ট কৰিবলৈ নাপাহৰিব।

মাচুল

ট্ৰেড এপ্ৰেণ্টিছশ্বিপৰ বাবে আবেদন কৰিলে জেনেৰেল, অ’বিচি আৰু ইডব্লিউএছ বিভাগৰ প্ৰাৰ্থীয়ে ১০০ টকা আদায় দিব লাগিব।   আনহাতে অনুসূচিত জাতি, অনুসূচিত জাতি আৰু পিএইচ বিভাগৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল নাই।

দৰমহা

এই পদৰ বাবে নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে প্ৰতিমাহে ৭৭০০ টকাৰ পৰা ২০২০০ টকালৈকে দৰমহা লাভ কৰিব। অধিক জানিবৰ বাবে দক্ষিণ কেন্দ্ৰীয় ৰে’লৱে scr.indianrailways.gov.in ৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

 

Latest News