আজি অন্ত পৰিব ৮,১১৩টা পদৰ আবেদনৰ সময়সীমাঃ এতিয়াই কৰক আবেদন | Railway jobs govt jobs RRB NTPC Recruitment 2024 apply see details Assam news - Assam Tv9

RRB NTPC Recruitment: আজি অন্ত পৰিব ৮,১১৩টা পদৰ আবেদনৰ সময়সীমাঃ এতিয়াই কৰক আবেদন

পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি যোৱা ১৩ অক্টোবৰতে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়াৰ অন্তিম দিন আছিল। কিন্তু পিছত আবেদনৰ সময়সীমা ৭ দিন বৃদ্ধি কৰা হয়। এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে অহা ২২ অক্টোবৰৰ ভিতৰত আবেদন মাচুল পৰিশোধ সম্পূৰ্ণ কৰিব পাৰিব। আনহাতে ২৩ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে আবেদন শুধৰণিৰ সুবিধা দিয়া হ’ব।

RRB NTPC Recruitment: আজি অন্ত পৰিব ৮,১১৩টা পদৰ আবেদনৰ সময়সীমাঃ এতিয়াই কৰক আবেদন

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

20 Oct 2024 15:03 PM

চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে ভাৰতীয় ৰে’লৱেই আগবঢ়াইছে নিযুক্তি লাভৰ আকৰ্ষণীয় সুবিধা। মুঠ ৮,১১৩টা পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছিল ভাৰতীয় ৰে’লৱেই। পিছে আজি এই পদসমূহৰ বাবে আবেদনৰ অন্তিম দিন। এই আঠ সহস্ৰাধিক পদৰ বাবে আবেদনৰ সময়সীমা আজি অন্ত পৰিব। কিছু সময়ৰ ভিতৰতে ৰেল’ৱে নিযুক্তি বৰ্ডে RRB NTPC Recruitment 2024 ৰ পঞ্জীয়ন উইণ্ডো বন্ধ কৰিব। গতিকে যিসকল প্ৰাৰ্থীয়ে এতিয়াও এই পদসমূহৰ বাবে আবেদন কৰা নাই তেওঁলোকে RRB rrbapply.gov.in ৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব।

উল্লেখ্য যে পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰি যোৱা ১৩ অক্টোবৰতে এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়াৰ অন্তিম দিন আছিল। কিন্তু পিছত আবেদনৰ সময়সীমা ৭ দিন বৃদ্ধি কৰা হয়। এই পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে অহা ২২ অক্টোবৰৰ ভিতৰত আবেদন মাচুল পৰিশোধ সম্পূৰ্ণ কৰিব পাৰিব। আনহাতে ২৩ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈকে আবেদন শুধৰণিৰ সুবিধা দিয়া হ’ব।

RRB NTPC Recruitment 2024ৰ অধীনত ৰে’লৱেৰ বিভিন্ন পদবীত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে। এই পদসমূহ হৈছে-

চীফ কমাৰ্চিয়েল কাম টিকট চুপাৰভাইজাৰ – ১,৭৩৬টা পদ

ষ্টেচন মাষ্টাৰ – ৯৯৪ টা পদ

গুড্ছ ট্ৰেইন মেনেজাৰ – ৩,১৪৪ টা পদ

জুনিয়ৰ একাউণ্ট এচিষ্টেণ্ট কাম টাইপিষ্ট – ১,৫০৭টা পদ

জ্যেষ্ঠ কেৰাণী কাম টাইপিষ্ট – ৭৩২ টা পদ

মুঠ পদ – ৮,১১৩টা পদ

এই পদসমূহৰ বাবে আৱেদন কৰিবলৈ জেনেৰেল আৰু অ’বিচি শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ৫০০ টকা আবেদন মাচুল দিব লাগিব। ইয়াৰে প্ৰথম পৰ্যায়ৰ চিবিটি পৰীক্ষাত হাজিৰ হোৱাৰ পিছত বেংকৰ চাৰ্জ কৰ্তন কৰি ৪০০ টকা ঘূৰাই দিয়া হ’ব।

একে সময়তে অনুসূচিত জাতি, অনুসূচিত জনজাতি, পি ডব্লিউ ডি, মহিলা, প্ৰাক্তন সেনাবাহিনী, তৃতীয় লিংগ, সংখ্যালঘু বা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে ২৫০ টকা আবেদন মাচুল দিব লাগিব আৰু প্ৰথম পৰ্যায়ৰ চি বি টি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বেংকৰ চাৰ্জ কৰ্তন কৰাৰ পিছত সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব।

এই পদসমূহৰ বাবে আবেদন কিদৰে কৰিব?

প্ৰথমে ৰ’লৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট rrbapply.gov.in খোলক।

তাৰ পিছত হোমপেজত থকা ‘Apply’ বুটামটোত ক্লিক কৰক।

প্ৰয়োজনীয় তথ্য পূৰ কৰি আৰু আপোনাৰ লগইন আইডি আৰু পাছৱৰ্ড বনাই লওক।

এতিয়া আপোনাৰ নিজৰ একাউণ্টত লগইন কৰি আবেদন পত্ৰ পূৰণ কৰক।

সকলো প্ৰয়োজনীয় নথিপত্ৰ নিৰ্ধাৰিত চাইজ অনুসৰি আপলোড কৰক।

আবেদন মাচুল দি proceed ত ক্লিক কৰক।

ফৰ্মখন চাবমিট কৰি ইয়াৰ হাৰ্ড কপি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে ডাউনলোড কৰি লওক।

এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ২০২৫ চনৰ ১ জানুৱাৰীলৈকে ১৮ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ শিথিলতা দিয়া হৈছে। একে সময়তে আবেদন কৰা প্ৰাৰ্থীসকল কমেও ৫০ শতাংশ নম্বৰ থকা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা হ’ব লাগিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট rrbapply.gov.in চাব পাৰে।

ক'লা হৰিণ আৰু সাধাৰণ হৰিণৰ মাজত কি কি পাৰ্থক্য থাকে?
পাকিস্তানেই নহয়, ঘৰুৱা মাটিত টেষ্টত ভাৰতৰো হৈছে একেই গতি!
পুষ্পা ২ৰ আইটেম চঙত দেখা যাব ৮০০ কোটি টকা উপাৰ্জন কৰা বলীউডৰ অভিনেত্ৰীক!
ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি,সদায় থাকিব সুখ শান্তি, হ'ব সমৃদ্ধি...