5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ৰে’লৱেত খালী ৩২,৪৩৮ টা পদঃ কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া, জানক সকলো…

চাকৰি বিচাৰি আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে। ৰে'লৱেৰ কেইবাটাও বিভাগত ওলাইছে চৰকাৰী চাকৰি। ৩২,০০০ ৰো অধিক পদত ৰে'লৱে নিযুক্তি দিব। ইয়াৰ বাবে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

ৰে’লৱেত খালী ৩২,৪৩৮ টা পদঃ কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া, জানক সকলো…
ৰেলৱেImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 24 Dec 2024 17:37 PM

চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। কিয়নো ৰে’লৱেত ওলাইছে চৰকাৰী চাকৰি। ভাৰতীয় ৰে’লৱে বোৰ্ডে কেইবাটাও পদৰ বাবে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন জনাইছে। ৰে’লৱে গ্ৰুপ ডি পদৰ বাবে আবেদন জাৰি কৰিছে। তথ্য অনুসৰি ৰে’লৱেত প্ৰায় ৩২,৪৩৮ টা পদত নিযুক্তি দিয়া হ’ব। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰিব আবেদন। এই আবেদন প্ৰক্ৰিয়া চলিব ২৩ জানুৱাৰী,২০২৫ ৰ পৰা ২২ ফেব্ৰুৱাৰী ২০২৫ লৈ। গতিকে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰাৰ্থীয়ে কৰিব পাৰে আবেদন। এই নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত ৰে’লৱে বোৰ্ডে শীঘ্ৰেই তেওঁলোকৰ অফিচিয়েল পেজত তথ্য প্ৰকাশ কৰিব।

পদৰ সংখ্যা আৰু বিভাগ

কেইবাটাও বিভাগৰ বাবে ৰে’লৱে নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইয়াত ট্ৰেফিক, অভিযন্তা, মেকানিকেল, এছ এণ্ড টি আৰু বৈদ্যুতিক বিভাগৰ কেইবাটাও পদ আছে। তথ্য অনুসৰি ট্ৰেফিক বিভাগৰ পইণ্টমেন-বিৰ খালী পদ আছে ৫০৫৮ টা, অভিযান্ত্ৰিক বিভাগৰ ট্ৰেক মেচিনে এচিচষ্টেন্টৰ পদ ৭৯৯ টা আৰু ট্ৰেক মেইণ্টেইনাৰ চতুৰ্থ শ্ৰেণীৰ ১৩,১৮৭টা পদ খালী আছে। ইয়াৰোপৰি এছিচটেন্ট ব্ৰীজৰ বাবে খালী আছে ৩০১ টা পদ, মেকানিকেল বিভাগ এছিচনেন্ট (চি এণ্ড ডব্লিউ)ৰ বাবে খালী আছে ২৫৮৭ টা পদ, এছিচটেন্ট লোকো ছেড (ডিজেলৰ)ৰ বাবে খালী আছে ৪২০ টা পদ আৰু এছিচটেন্ট (ৱাৰ্কশ্বপ)ৰ বাবে খালী আছে ৩০৭৭ টা পদ।

ইয়াৰ লগতে ইলেকট্ৰিক বিভাগৰ এছিচটেন্ট টি আৰ ডিৰ বাবে খালী আছে ১৩১৮ টা পদ, এছিচটেন্ট লোকো ছেড (ইলেক্ট্ৰিকেল)ৰ বাবে খালী আছে ৯৫০ টা পদ। ইয়াৰোপৰি আৰু বিভিন্ন  পদ খালী আছে। এনেকৈয়ে বিভিন্ন বিভাগ মিলাই ৰেলৱে ৩২,৪৩৮ প্ৰাৰ্থীক নিযুক্তি দিব।

যোগ্যতা

যোগ্যতাঃ গ্ৰুপ ডিত আবেদন কৰিবলৈ প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব বা এন চি ভি টিৰ পৰা ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট (এন এ চি) লাভ কৰিব লাগিব। প্ৰাৰ্থীৰ বয়স ২০২৫ চনৰ ১ জুলাইলৈ ১৮ ৰ পৰা ৩৬ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে বিভিন্ন শ্ৰেণীৰ প্ৰাৰ্থীক বয়সত শিথিলতা দিয়া হ’ব। ইয়াৰোপৰি বিভিন্ন বিভাগৰ বাবে কি কি যোগ্যতাৰ প্ৰয়োজন হ’ব সেয়া ৰে’লৱে ৱেবচাইটত চাব পাৰিব।

মাচুল

আবেদন প্ৰক্ৰিয়াৰ বাবে সকলো শ্ৰেণীৰ মাচুল বেলেগ বেলেগ। সাধাৰণ আৰু অবিচিৰ প্ৰাৰ্থীয়ে ৫০০ টকা মাচুল আদায় দিব লাগিব। ইয়াৰে যিসকলে কম্পিউটাৰ ভিত্তিত পৰীক্ষাত অৱতীৰ্ণ হলে ৪০০ টকা ঘূৰাই দিয়া হ’ব। আনহাতে অনুসূচিত জাতি, জনজাতি ইবিচি, মহিলা আৰু তৃতীয় লিংগৰ প্ৰাৰ্থীয়ে ২৫০ টকা মাচুল দিব লাগিব।কম্পিউটাৰ ভিত্তিত পৰীক্ষাত অৱতীৰ্ণ হ’লে তেওঁলোকৰ সম্পূৰ্ণ মাচুল ঘূৰাই দিয়া হ’ব।

 

Latest News