শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰে’লৱেত খালী ৩২,৪৩৮ টা পদ, আবেদন জনালে ১ কোটি ৮ লাখ প্ৰাৰ্থীয়ে…

দেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ মাজতে ৰে'লৱে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছিল। কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এই পদৰ বাবে ১ কোটিৰো অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছে।

ৰে’লৱেত খালী ৩২,৪৩৮ টা পদ, আবেদন জনালে ১ কোটি ৮ লাখ প্ৰাৰ্থীয়ে…
ভাৰতীয় ৰে’লৱেImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 28 Apr 2025 12:03 PM

দেশত বৃদ্ধি হোৱা নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত সকলোৱে বিচাৰে এটা চৰকাৰী চাকৰি। কিছুদিন পূৰ্বে ৰে’লৱেৰ গ্ৰুপ ডিৰ মুঠ ৩২,৪৩৮টা পদৰ বাবে আবেদন আহ্বান কৰিছিল। কিন্তু আচৰিত কথা এয়াই যে এই পদৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ১.০৮ কোটিৰো অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছে। ইয়াৰে বেছিভাগ আবেদন মুম্বাইৰ পৰা বুলি জানিব পৰা গৈছে। মুম্বাইৰ মুঠ ১৫,৫৯,১০০ প্ৰাৰ্থীয়ে পঞ্জীয়ন কৰিছে ৰে’লৱেৰ গ্ৰুপ ডি পদৰ বাবে।

ৰে’লৱেৰ বিভিন্ন বিভাগৰ লেভেল-১ পদৰ বাবে এই নিযুক্তি অভিযান চলোৱা হৈছে। ইয়াৰ ভিতৰত ট্ৰেক মেইণ্টেইনাৰ গ্ৰেড-চতুৰ্থ, সহকাৰী পইণ্টমেন, আৰু কাৰিকৰী সহায়ক আদি পদ অন্তৰ্ভুক্ত। এই পদসমূহ বৈদ্যুতিক, যান্ত্ৰিক আৰু সংকেত আৰু দূৰসংযোগ বিভাগত। এই নিযুক্তিৰ বাবে যুৱক-যুৱতীৰ আবেদন দেখি এটা কথা স্পষ্ট হৈ পৰিছে যে দেশত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

১ কোটিৰো অধিক আবেদন

ৰে’লৱে জ’নৰ মতে চণ্ডীগড়ৰ পৰা ১১.৬০ লাখ, চেন্নাইৰ পৰা ১১.১২ লাখ, ছিকেণ্ডৰাবাদৰ পৰা ৯.৬০ লাখ, প্ৰয়াগৰাজৰ পৰা ৮.৬১ লাখ আৰু কলকাতাৰ পৰা ৭.৯৩ লাখ আৱেদন লাভ কৰা হৈছে। এনেকৈ মুঠ ১,০৮,২২,৪২৩ জন প্ৰাৰ্থীয়ে আবেদন জনাইছে।

ইয়াৰ দ্বাৰা বুজিব পাৰি যে দেশৰ অধিকাংশ যুৱক-যুৱতীয়ে বিচাৰে এটা চৰকাৰী চাকৰি। অৱশ্যে এই কথাও পোহৰলৈ আহিছে যে দেশৰ ব্যক্তিগত খণ্ডত নিয়োগৰ সুযোগ এতিয়াও সীমিত৷ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ (NSO) শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত নগৰীয়া নিবনুৱাৰ হাৰ ৬.৪% লৈ হ্ৰাস পাইছে। ই ইতিবাচক লক্ষণ, কিন্তু ২০২৮ চনত ভাৰত নিয়োগ প্ৰতিবেদনত নিয়োগৰ মানদণ্ড আৰু স্থিৰতা এক চিন্তাৰ বিষয়।  ইয়াৰ মাজতে চৰকাৰে নিয়োগ সম্পৰ্কীয় তথ্য অধিক স্বচ্ছ কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫ চনৰ ১৫ মে’ৰ পৰা পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰতিমাহে নিবনুৱাৰ তথ্য প্ৰকাশ কৰিব।

 

অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণসকলৰ বাবে চৰকাৰী চাকৰি! ক’ত, কেনেকৈ আবেদন কৰিব জানক…