কেৱল ৰাখী বন্ধনেই নহয়, আজি পালন কৰা হৈছে আন দুটি দিৱসোঃ ১৯ আগষ্টৰ আছে এক গুৰুত্বপূৰ্ণ ইতিহাস.. | Raksha Bandhan 19 August History Significance World Photography Day World Humanitarian Day Assam news - Assam Tv9

কেৱল ৰাখী বন্ধনেই নহয়, আজি পালন কৰা হৈছে আন দুটি দিৱসোঃ ১৯ আগষ্টৰ আছে এক গুৰুত্বপূৰ্ণ ইতিহাস..

Published: 

19 Aug 2024 13:52 PM

আজি ইংৰাজীৰ ১৯ আগষ্ট তাৰিখ। সমগ্ৰ দেশত আজি পালন কৰা হৈছে ৰাখী বন্ধন উৎসৱ। এই উৎসৱৰ লগতে আজিৰ দিনটোত আন দুটি দিৱস পালন কৰা হয়। তদুপৰি ভাৰতৰ ইতিহাসৰ লগতে আন্তঃৰাষ্ট্ৰীয় ইতিহাসতো এই দিনটোৰ বিশেষ গুৰুত্ব আছে। এই বিষয়ে চাওঁ আহক।

কেৱল ৰাখী বন্ধনেই নহয়, আজি পালন কৰা হৈছে আন দুটি দিৱসোঃ ১৯ আগষ্টৰ আছে এক গুৰুত্বপূৰ্ণ ইতিহাস..

১৯ আগষ্টৰ তাৎপৰ্য

Follow Us On

আজি দেশত পালন কৰা হৈছে পবিত্ৰ ৰাখী বন্ধন উৎসৱ। ভাতৃ-ভগ্নীৰ সম্পৰ্কৰ পবিত্ৰতা প্ৰতিফলিত কৰি দেশত পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি অহা হৈছে। আজি ইংৰাজীৰ ১৯ আগষ্ট তাৰিখ। ৰাখী বন্ধন উৎসৱৰ লগতে আজিৰ দিনটোত আন দুটি দিৱস পালন কৰা হয়। তদুপৰি ভাৰতৰ ইতিহাসৰ এক বিশেষ পৰিঘটনাও সংযোজিত হৈছিল আজিৰ এই দিনটোতে। চাওঁ আহক এই বিষয়ে-

বিশ্ব ফটোগ্ৰাফী দিৱসঃ

প্ৰতি বছৰে ১৯ আগষ্ট দিনটো বিশ্ব ফটোগ্ৰাফী দিৱস হিচাপে পালন কৰি অহা হৈছে। ফটোগ্ৰাফীৰ কলা, বিজ্ঞান, আৰু ইতিহাসক প্ৰতিফলিত কৰি এই দিৱসটি পালন কৰি অহা হৈছে। ১৮৩৭ চনৰ ১৯ আগষ্টত ফৰাচী উদ্ভাৱক লুই ডাগুৱেৰে বিকশিত কৰা ফটোগ্ৰাফীৰ অন্যতম প্ৰাচীন ৰূপ ডাগুৱেৰিঅ’টাইপৰ আৱিষ্কাৰৰ স্মৃতিত এই দিনটোত ফটোগ্ৰাফী দিৱস পালন কৰা হয়। ১৯৯১ চনত প্ৰথমবাৰৰ বাবে এই বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হৈছিল। এই বৰ্ষৰ বিশ্ব ফটোগ্ৰাফী দিৱসৰ থীম হৈছে ‘এটা সম্পূৰ্ণ দিন’।

বিশ্ব মানৱতাবাদী দিৱসঃ

প্ৰতি বছৰে ১৯ আগষ্ট দিনটোত বিশ্ব মানৱতাবাদী দিৱসো পালন কৰি অহা হৈছে। আৰ্তজনক সহায়ৰ বাবে নিজৰ জীৱনক তুচ্ছ কৰি তোলা মানৱীয় কৰ্মীসকলৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা প্ৰদৰ্শন আৰু বিশ্বজুৰি মানৱীয় প্ৰমূল্যৰ গুৰুত্ব প্ৰচাৰৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। ২০০৩ চনত ইৰাকৰ বাগদাদত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সংঘটিত বোমা বিস্ফোৰণৰ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯ আগষ্ট দিনটোত বিশ্ব মানৱতাবাদী দিৱস পালনৰ বাবে নিৰ্ধাৰণ কৰিছিল।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম টকাৰ মুদ্ৰাৰ মুদ্ৰনঃ

১৭৫৭ চনৰ ১৯ ​​আগষ্ট তাৰিখে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলকাতাত প্ৰথম টকাৰ মুদ্ৰা মুদ্ৰন কৰে। অৱশ্যে ১৮৩৫ চনতহে ভাৰতত এক উমৈহতীয়া মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল। তাৰ পূৰ্বে কোম্পানী শাসনৰ অধীনত থকা তিনিখন প্ৰদেশ ক্ৰমে মাদ্ৰাজ, ব’ম্বে, আৰু বংগই নিজ নিজ মুদ্ৰা জাৰি কৰিছিল।

আফগান স্বাধীনতা দিৱসঃ

১৮৫৯ চনত মধ্য এছিয়াৰ দেশ আফগানিস্তান ব্ৰিটিছৰ নিয়ন্ত্ৰণাধীন হয়। আফগানিস্তানক আফিংৰ ব্যৱসায়ৰ বাবে মূলকেন্দ্ৰ হিচাপে গণ্য কৰা হৈছিল। লগতে ভাৰতত নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ব্ৰিটিছ শাসনৰ সীমান্ত হিচাপে গণ্য কৰা হৈছিল। অৱশ্যে আফগানিস্তানৰ ওপৰত ব্ৰিটিছ সাম্ৰাজ্যৰ শাসন সুদৃঢ় কৰিবলৈ কেইবাবাৰো চেষ্টা কৰাৰ পিছতো আফগান জনসাধাৰণে ব্ৰিটিছৰ নিয়ন্ত্ৰণৰ বিৰুদ্ধে আন্দোলন শত্ৰুতা অব্যাহত ৰাখিছিল।

এনে ধাৰাবাহিক আন্দোলনৰ ফলৱৰ্তীত ১৯১৯ চনত ৰজা আমানুল্লাই আফগানিস্তানক ব্ৰিটিছ শাসনৰ পৰা স্বাধীন বুলি ঘোষণা কৰে। এই ঘোষণাৰ পিছতে তৃতীয় এংলো-আফগান যুদ্ধ আৰম্ভ হয় আৰু আজিৰ দিনটোতে ৰাৱালপিণ্ডি সন্ধি স্বাক্ষৰিত হোৱাৰ পিছত এই যুদ্ধৰ অন্ত পৰে। এই সন্ধিৰ জৰিয়তে আফগানিস্তানক ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা প্ৰদান কৰা হয়।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version