RBI ত ওলাইছে চাকৰিঃ কেনেকৈ কৰিব আবেদন, অন্তিম তাৰিখ কেতিয়া, জানক সকলো…

চাকৰি বিচাৰি আছে যদি ভাল খবৰ। ভাৰতীয় ৰিজাৰ্ভ বেংকত ওলাইছে চাকৰি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীসকলে কৰিব পাৰে আবেদন। আবেদনৰ শেষ তাৰিখ ২০ জানুৱাৰী।

RBI ত ওলাইছে চাকৰিঃ কেনেকৈ কৰিব আবেদন, অন্তিম তাৰিখ কেতিয়া, জানক সকলো...

বেংক অৱ বৰোডাত ওলাইছে চাকৰি

Published: 

31 Dec 2024 10:06 AM

চাকৰি বিচাৰি আছে যদি নতুন বছৰে আপোনাৰ বাবে কঢ়িয়াই আনিব পাৰে ভাল খবৰ। কিয়নো ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve bank of india) ত ওলাইছে চাকৰি। কেইবাটাও পদৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই পদসমূহ জুনিয়ৰ ইঞ্জিনিয়াৰ(চিভিল-ইলেক্ট্ৰিকেল) পদৰ বুলি ৰিজাৰ্ভ বেংকে জাননীত উল্লেখ কৰিছে। গতিকে ইচ্ছ্যুক আৰু যোগ্য প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে। আবেদনৰ শেষ সময়সীমা ২০ জানুৱাৰী, ২০২৫।

পদসমূহ

১) কনিষ্ঠ অভিযন্তা (junior engineer, Civil)

পদৰ সংখ্যা- ৭ টা

২) কনিষ্ঠ অভিযন্তা (junior engineer, electrical)

পদৰ সংখ্যা- ৪ টা

দৰমহা- ২০৭০০ – ১২০০ (৩) – ২৪৩০০ – ১৪৪০ (৪) – ৩০০৬০ – ১৯২০ (৬) – ৪১৫৮০ – ২০৮০ (২) – ৪৫৭৪০ – ২৩৭০ (৩) – ৫২৮৫০ – ২৮৫০ – ৫৫৭০০

বয়স

প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। প্ৰাৰ্থী ০২-১২-১৯৯৪ ৰ আগতে জন্ম হোৱা আৰু ০১/১২/২০০৪ তাৰিখৰ পাছত জন্ম হোৱা হ’ব নালাগিব।

অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ লোকে ৫ বছৰৰ ৰেহাই আৰু অবিচিৰ প্ৰাৰ্থীয়ে ৩ বছৰৰ ৰেহাই লাভ কৰিব। ইয়াৰোপৰি পি ডব্লিউ বি ডিৰ বাবে ১০ বছৰ (জেনেৰেল আৰু ই ডব্লিউ এছ), পি ডব্লিউ বি ডিৰ অনুসূচিত জাতি জনজাতিৰ বাবে ১৫, পি ডব্লিউ বি ডি, অবিচিৰ বাবে ১৩ বছৰ ।

শিক্ষাগত অৰ্হতা

কনিষ্ঠ অভিযন্তা (চিভিল)- প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউট বা বিশ্ববিদ্যালয় বা ব’ৰ্ডৰ পৰা নূন্যতম তিনিবছৰীয়া ডিপ্লমা (SC/ST/PwBD ৰ বাবে ৫৫%) বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৫৫% নম্বৰ লাভ কৰি চিভিল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰিব লাগিব (SC/ST/PwBD ৰ বাবে ৪৫%)।

ক্লিক কৰক- 

জুনিয়ৰ ইঞ্জিনিয়াৰ (ইলেক্ট্ৰিক): প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ইনষ্টিটিউট বা বিশ্ববিদ্যালয় বা ব’ৰ্ডৰ পৰা ক’মেও ৩ বছৰৰ ডিপ্লোমা বা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙত ডিগ্ৰী লাভ কৰা হব লাগিব। ডিপ্লমাত SC/ST/ PwBD ৰ বাবে ৫৫% নম্বৰ, ডিগ্ৰীত SC/ST/ PwBD ৰ বাবে ৪৫% নম্বৰ ধাৰ্য কৰা হৈছে।

ক্লিক কৰক

মাচুল

অনুসূচিত জাতি, অনুসূচিত জনজাতি- ৫০ নম্বৰ, ১৮ শতাংশ জি এছ টি।
জেনেৰেল, অবিচি, ই ডব্লিউ এছ- ৪৫০, ১৮ শতাংশ জি এছ টি।

কেনেকৈ কৰিব আবেদন

প্ৰাৰ্থীয়ে RBI ৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰে।

  • Important Web-Links লিংকত যাওক
  • অনলাইন এপ্লিকেশ্যনত ক্লিক কৰক
  • তথ্যসমূহ দিয়ক
  • পাছপোৰ্ট ফটো আৰু চহী দিয়ক
  • আবেদনৰ মাচুল দি চাবমিট কৰক
  • চাবমিট আবেদনখন প্ৰিন্ট কৰিব নাপাহৰিব।

আবেদন আৰম্ভ- ৩০ ডিচেম্বৰ
আবেদন শেষ- ২০ জানুৱাৰী
পৰীক্ষা – ৮ ফেব্ৰুৱাৰী.

 

অন্য পঢ়কঃ ACCF Job: অসমৰ ২০ খন জিলাত ওলাইছে চাকৰি, এনেকৈ কৰিব পাৰে আবেদন…

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?