5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পৰীক্ষা পে চৰ্চাৰ বাবে পঞ্জীয়ন আৰম্ভঃ কিদৰে কৰিব পৰীক্ষণ, চাওক পঞ্জীয়ন প্ৰক্ৰিয়া….

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ আগন্তুক সংস্কৰণৰ বাবে ইতিমধ্যে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অফিচিয়েল ৱেবছাইট innovateindia1.mygov.in ত গৈ আবেদন কৰিব পাৰে। এই অনুষ্ঠানৰ বাবে কিদৰে পঞ্জীয়ন কৰিব চাওক।

পৰীক্ষা পে চৰ্চাৰ বাবে পঞ্জীয়ন আৰম্ভঃ কিদৰে কৰিব পৰীক্ষণ, চাওক পঞ্জীয়ন প্ৰক্ৰিয়া….
পৰীক্ষা পে চৰ্চাৰ বাবে পঞ্জীয়ন আৰম্ভ
monjit-dutta
Monjit Dutta | Published: 19 Dec 2024 18:05 PM

ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা বিশেষ অনুষ্ঠান ‘পৰীক্ষা পে চৰ্চা’ বিগত বছৰকেইটাৰ দৰে আগন্তুক বৰ্ষতো অনুষ্ঠিত হ’ব। আগন্তুক বৰ্ষৰ এই ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানৰ বাবে ইতিমধ্যে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অফিচিয়েল ৱেবছাইট innovateindia1.mygov.in ত গৈ আবেদন কৰিব পাৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে সংস্থাৰ অধীনস্থ সকলো বিদ্যালয়ৰ বাবে ‘পৰীক্ষ পে চৰ্চা ২০২৫’ সংস্কৰণ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে।

এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে প্ৰত্যক্ষভাৱে মতবিনিময় কৰিব পাৰিব। এই মতবিনিময় কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক অনলাইন এমচিকিউ প্ৰতিযোগিতাৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। এই অনলাইন প্ৰতিযোগিতাখন ১৪ জানুৱাৰীত সমাপ্ত হ’ব। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ বাবে মুকলি হ’ব এই প্ৰতিযোগিতা।

‘পৰীক্ষা পে চৰ্চা’ত অংশগ্ৰহণৰ বাবে সকলো অংশগ্ৰহণকাৰীকে  প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ শেষ তাৰিখ হৈছে অহা বৰ্ষৰ ১৪ জানুৱাৰী। জানুৱাৰী মাহত নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজন কৰা হ’ব ‘পৰীক্ষা পে চৰ্চা’ৰ এই অষ্টম সংস্কৰণ। মূল কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীক শিক্ষা মন্ত্ৰালয়ে পিপিচি কিট প্ৰদান কৰিব।

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে অভিভাৱক আৰু শিক্ষকৰ সৈতে ব’ৰ্ড পৰীক্ষাৰ বিষয়ে আলোচনা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক টিপছ প্ৰদান কৰিব। যিসকল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে এই অনুষ্ঠানৰ সৈতে জড়িত হ’ব বিচাৰে, তেওঁলোকে ১৪ জানুৱাৰীৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব। এই অনুষ্ঠানৰ বাবে তলত দিয়া পদ্ধতি অনুসৰণ কৰি পঞ্জীয়ন কৰিব পাৰিব-

অফিচিয়েল ৱেবছাইট innovateindia1.mygov.in লৈ যাওক।

হোম পেজত দিয়া এতিয়া Participate Now টেবত ক্লিক কৰক।

এতিয়া Students Participate ত ক্লিক কৰক।

নাম আৰু ফোন নম্বৰ দি পঞ্জীয়ন কৰক।

প্ৰতি বছৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰে। পৰীক্ষাৰ চাপ আৰু প্ৰস্তুতিৰ লগত জড়িত বিভিন্ন টিপছো আগবঢ়ায়। শিক্ষা মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইট, ইউটিউব আদি প্লেটফৰ্মত এই অনুষ্ঠান চাব পাৰিব। অধিক তথ্যৰ বাবে পৰীক্ষা পে চৰ্চাৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব।

Latest News