Republic day 2025: কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’? জানক ইতিহাস, মহত্ব আৰু সকলো…
Republic day 2025: প্ৰতিবছৰে ২৬ জানুৱাৰীৰ দিনটোত সমগ্ৰ দেশে পালন কৰে গণৰাজ্য দিৱস। এই দিনটোত ৰাষ্ট্ৰৰ ৰাজধানী দিল্লীত বিশাল আয়োজন হয়। কৰ্তব্য পথত পতাকা উন্মোচন কৰে দেশৰ ৰাষ্ট্ৰপতিয়ে।
অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব ৭৬ সংখ্যক গণৰাজ্য দিৱস(Republic day 2025)। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে সমগ্ৰ দেশে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰে। প্ৰতিবছৰে গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন স্থানত বহু অনুষ্ঠানৰ আয়োজন কৰে। চলিত বৰ্ষতো ৰাজধানী দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই দিনটোত দিল্লীৰ কৰ্তব্য পথত পতকা উন্মোচন কৰিব দেশৰ ৰাষ্ট্ৰপতিয়ে। ইয়াৰোপৰি পুৱাৰ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
ইতিহাস
১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। উল্লেখ্য যে, স্বাধীনতা লাভ কৰাৰ পাছত দেশৰ ওচৰত কোনো নিজা সংবিধান নাছিল। ভাৰতৰ আইনসমূহ ভাৰত চৰকাৰ আইন ১৯৩৫ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ কিছু বছৰ পাছত সংবিধান গৃহীত হয়।
২৬ জানুৱাৰীৰ দিনটো কিয় নিৰ্বাচন কৰা হৈছিল
ভাৰতৰ সংবিধান প্ৰস্তুত হ’বলৈ ২ বছৰ ১১ মাহ সময়ৰ প্ৰয়োজন হৈছিল। অৱশেষত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনা দেশৰ সংবিধান গৃহীত হয়। ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। এক কথাত, গণৰাজ্য দিৱস সংবিধান গ্ৰহণ আৰু ভাৰতৰ সাৰ্বভৌম গণৰাজ্য হিচাপে উত্থানৰ প্ৰতীক। যাৰ বাবে প্ৰতিবছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।
মহত্ব
ভাৰতত গণৰাজ্য দিৱসৰ মহত্ব অধিক। কিয়নো এই দিনটোতে ভাৰত গণৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। এই দিনটোতে ভাৰতে লাভ কৰিছিল সংবিধান, যিয়ে দেশক নিজস্ব আইন আৰু ক্ষমতা প্ৰদান কৰিছিল। এই দিনটোৱে ভাৰতক ঔপনিবেশিকৰ পৰা মুক্ত আৰু স্বাধীন দেশলৈ পৰিণত হোৱাৰ এক যাত্ৰা প্ৰতিফলিত কৰে। গণৰাজ্য দিৱসে আমাক মনত পেলাই দিয়ে দেশৰ বাবে বলিদান দিয়া প্ৰতিগৰাকী ভাৰতীয়ৰ কথা।
৭৬ সংখ্যক গণৰাজ্য দিৱস
চলিত ২০২৫ বৰ্ষত দেশে ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব। ২০২৫ বৰ্ষৰ গণৰাজ্য দিৱসৰ বিষয়বস্তু হৈছে- “Swarnim Bharat: Virasat or Vikas” অৰ্থাৎ “সোণালী ভাৰত: ঐতিহ্য আৰু উন্নয়ন”। PBI য়ে প্ৰকাশ কৰা তথ্য় অনুসৰি এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ব ইণ্ডোনেছিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কয় যে, ২০২৫ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলৰ সৈতে পেৰেড অৱ ডিউটিত ইণ্ডোনেছিয়াৰ পৰা ১৬০ জনীয়া মাৰ্চিং কণ্টিজেণ্ট আৰু ১৯০ জনীয়া বেণ্ড কনটিঞ্জেণ্টে অংশগ্ৰহণ কৰিব । ইয়াৰোপৰি বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু মন্ত্ৰালয়/বিভাগৰ ৩১ টা টেবলে অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি এই দিনটোত দিল্লীত আৰু বহু কাৰ্যসূচী অনুষ্ঠিত হ’ব।
অন্য খবৰ পঢ়কঃ Flag hosting: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ পাৰ্থক্য কি? জানক…