Republic Day 2025: সন্তানৰ বাবে গণৰাজ্য দিৱসৰ চমু ভাষণ এইদৰে কৰিব পাৰে প্ৰস্তুত, চাওক কিছু আৰ্হি

গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ত নানা অনুষ্ঠানৰ আয়োজন কৰা হয়। এনে অনুষ্ঠানসমূহত শিশুসকলে নিজৰ প্ৰতিভা আৰু দেশপ্ৰেম প্ৰদৰ্শন কৰে। গণৰাজ্য দিৱসৰ অনুষ্ঠানত শিশুসকলক প্ৰায়ে বিদ্যালয়ত ভাষণ দিবলৈ কোৱা হয়। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চাওঁ আহক আপোনাৰ সন্তানৰ সহায় হোৱাকৈ চমু ভাষণৰ কিছু আৰ্হি।

Republic Day 2025: সন্তানৰ বাবে গণৰাজ্য দিৱসৰ চমু ভাষণ এইদৰে কৰিব পাৰে প্ৰস্তুত, চাওক কিছু আৰ্হি

গণৰাজ্য দিৱস উদযাপন (প্ৰতিনিধিত্বমূলক ছবি)

Updated On: 

24 Jan 2025 20:54 PM

বিশ্বৰ সৰ্ববৃ্হৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ। প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ বাবেই এয়া গৌৰৱময় স্বীকৃতি। গণতান্ত্ৰিক ভাৰতবৰ্ষৰ আটাইতকৈ মহৎ দিনটোৱেই হৈছে গণৰাজ্য দিৱস। দেশৰ প্ৰতিগৰাকী নাগৰিকেই এই দিনটো গৌৰৱেৰে উদযাপন কৰে। ১৯৫০ চনৰ ২৬ জানুৱাৰী দিনটোতে ভাৰতৰ সংবিধান বলবৎ হৈছিল। সেয়ে এই দিনটোক গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এইবাৰ দেশে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। দেশৰ সৰ্বপ্ৰান্তত গণৰাজ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়।

গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ত নানা অনুষ্ঠানৰ আয়োজন কৰা হয়। এনে অনুষ্ঠানসমূহত শিশুসকলে নিজৰ প্ৰতিভা আৰু দেশপ্ৰেম প্ৰদৰ্শন কৰে। গণৰাজ্য দিৱসৰ অনুষ্ঠানত শিশুসকলক প্ৰায়ে বিদ্যালয়ত ভাষণ দিবলৈ কোৱা হয়। সাধাৰণতে শিশুসকলৰ বাবে ভাষণ নিজাকৈ প্ৰস্তুত কৰাটো সম্ভৱপৰ নহ’বও পাৰে। গতিকে অভিভাৱকসকলেই তেওঁলোকক এইক্ষেত্ৰত সহায় কৰিবলগা হয়। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চাওঁ আহক চমু ভাষণৰ কিছু আৰ্হি-

১) নমস্কাৰ, মাননীয় প্ৰধান শিক্ষক মহোদয় তথা শিক্ষকমণ্ডলী আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি গণৰাজ্য দিৱস উপলক্ষে আমি সকলো একত্ৰিত হৈছো। এই দিৱস আমাৰ দেশৰ ঐক্য আৰু গৌৰৱৰ প্ৰতীক। ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ দেশৰ সংবিধান বলবৎ হয়। ইয়াৰ ফলস্বৰূপেই আমি এখন স্বাধীন আৰু গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছো। এই দিনটোৱে আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। আমাৰ দেশৰ প্ৰতি সেৱা আগবঢ়াই দেশক বিকাশৰ পথত আগুৱাই নিবলৈ আমি সদায় সাজু হোৱা উচিত। জয় হিন্দ!

২) সুপ্ৰভাত, মাননীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, গণৰাজ্য দিৱস আমাৰ দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে আমাৰ দেশৰ সংবিধান বলবৎ হৈছিল। ভাৰতৰ সংবিধান বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান। এই সংবিধানে আমাক সমতা, স্বাধীনতা আৰু ধৰ্মনিৰপেক্ষতাৰ অধিকাৰ প্ৰদান কৰে। আহক আমি সকলোৱে আমাৰ দেশৰ সংবিধানক সন্মান জনাই দেশৰ ভেটি অধিক শক্তিশালী কৰি তোলাত অৰিহণা যোগাওঁ। ধন্যবাদ।

৩) সুপ্ৰভাত, সন্মানীয় শিক্ষাগুৰু আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমাৰ দেশৰ বাবে এক গৌৰৱৰ দিন। আজি দেশৰ প্ৰতিজন নাগৰিকে গণৰাজ্য দিৱস উদযাপন কৰিছে। গণৰাজ্য দিৱস কেৱল পতাকা উত্তোলন আৰু পেৰেডৰে দিন নহয়, এই দিনটোৱে আমাৰ দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া মহৎ লোকসকলৰ কথাও আমাক সোঁৱৰাই দিয়ে। তেওঁলোকৰ অশেষ ত্যাগ, কষ্ট আৰু সংগ্ৰামৰ পৰিণতিতে আজি আমি স্বাধীন ভাৰতৰ নাগৰিক। আহক আমি তেওঁলোকৰ এই ত্যাগ চিৰযুগমীয়া কৰি তেওঁলোকৰ সপোনৰ ভাৰতবৰ্ষ গঢ়ি তুলিবলৈ চেষ্টা কৰোঁ। জয় হিন্দ!

৪) নমস্কাৰ, মাননীয় প্ৰধান শিক্ষক মহোদয় তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আমাৰ ভাৰতবৰ্ষ এখন মহান দেশ। আমাৰ দেশত বহুতো ভাষা, ধৰ্ম, সংস্কৃতি আছে। ইয়াৰ পিছতো আমি সকলো একতাৰ বান্ধোনেৰে বান্ধ খাই আছো। এয়াই আমাৰ প্ৰকৃত শক্তি। গণৰাজ্য দিৱসে ধৰ্ম, ভাষা, সংস্কৃতি আদিৰ ভিত্তিত আমি যিমানেই বেলেগ নহওঁ কিয়, আমি সকলোৱে একেখন পতাকাৰ তলত থিয় দিয়াৰ মহানতম শিক্ষা আমাক প্ৰদান কৰিছে। আহক আমি সকলোৱে মিলি বৈচিত্ৰ্যৰ মাজতো এই ঐক্যৰ মনোভাৱ জীয়াই ৰাখি আমাৰ দেশখনক আৰু অধিক মহান কৰি তোলোঁ। জয় হিন্দ!

কোন ভাৰতীয়ই ত্ৰিৰংগাৰ ডিজাইন কৰিছিল?
কামাখ্যা মন্দিৰৰ ঐতিহাসিক 'মেখেলা উজোৱা' পথটোৰ ৰহস্যৰ বিষয়ে জানেনে?
গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...