শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Republic day speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘গণৰাজ্য দিৱস’ৰ চমু ভাষণ, জানক এই দিনটোৰ বিষয়ে সকলো…

Republic day Speech: প্ৰতিবছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। চলিত বৰ্ষতো ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব।

Republic day speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘গণৰাজ্য দিৱস’ৰ চমু ভাষণ, জানক এই দিনটোৰ বিষয়ে সকলো…
গণৰাজ্য দিৱসৰ ভাষণImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 22 Jan 2025 14:48 PM

মাজত মাত্ৰ কেইটামান দিন। সমগ্ৰ দেশে ২৬ জানুৱাৰীৰ দিনটোত পালন কৰিব গণৰাজ্য দিৱস।  ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে সমগ্ৰ দেশে এই দিৱস পালন কৰে। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি বিদ্যালয়-মহাবিদ্যালয়লৈ অনুষ্ঠিত হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী। এই দিনটোৰ লগত সংগতি ৰাখি ছাত্ৰ- ছাত্ৰীসকলে ভাষণ দিয়ে। গতিকে ছাত্ৰ-ছাত্ৰীৰ বাবে গণৰাজ্য দিৱসৰ চমু ভাষণ তলত উল্লেখ কৰা হ’ল-

ভাষণ ১

নমস্কাৰ! আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, দাদা- বাইদেউ, ভাই-ভনী, সতীৰ্থসকল। আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। ১৯৫০ চনৰ আজিৰ দিনটোতেই দেশত সংবিধান গৃহীত হৈছিল, যাৰ বাবে প্ৰতি বছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। গণৰাজ্য দিৱস উপলক্ষে মই দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে সকলোলৈকে গণৰাজ্য দিৱসৰ বহুত বহুত শুভেচ্ছা।

আজি সমগ্ৰ দেশে ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন কৰিছে। গণৰাজ্য দিৱসৰ মহত্ব অধিক আৰু  এই দিনটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ। আজি সংবিধান গৃহীত হোৱাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল। এই দিনটোকলৈ আমি প্ৰতিগৰাকী ভাৰতীয় গৌৰৱান্বিত। আমি সকলোৱে জানো যে ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল। কিন্তু দেশৰ শাসন ব্যৱস্থা চলাবলৈ সেই সময়ত আমাৰ ওচৰত সংবিধান নাছিল। যাৰ বাবে পৰৱৰ্তী সময়ত সংবিধান সভা গঠন কৰা হয়। সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ড০ ভীমৰাও আম্বেদকাৰৰ ভূমিকা অন্য়তম আছিল। সংবিধান প্ৰস্তুত কৰাৰ বাবে ২ বছৰ ১১ মাহ ১৮ দিনৰ প্ৰয়োজন হৈছিল। পৰৱৰ্তী সময়ত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত হয় আৰু ভাৰতক গণতান্ত্ৰিক, সাৰ্বভৌম দেশ হিচাপে ঘোষণা কৰে।

আজিৰ এই শুভ ক্ষণত দেশৰ হৈ প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদক মই জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি। লগতে মহান আম্বেদকাৰৰ আৰু  সেই বিদ্বানসকলক স্মৰণ কৰিছো যাৰ বাবে আমি বিশ্বৰ দীঘল সংবিধান লাভ কৰিছো। এইখিনি কৈয়ে মই মোৰ চমু ভাষণ সামৰণি মাৰিছো।

 

ভাষণ ২

প্ৰথমে নমস্কাৰ কৰি ভাষণৰ আৰম্ভণি ১ নং ভাষণটোৰ দৰে কৰিব। পাছত ক’ব- আজি সমগ্ৰ দেশে পালন কৰিছে গণৰাজ্য দিৱস। এই ক্ষণতেই মই দেশৰ হকে বলিদান দিয়া প্ৰতিগৰাকী বীৰ শ্বহীদ তথা ভাৰতীয়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা। আজিৰ দিনটো প্ৰতিগৰাকী ভাৰতীৰ বাবে বিশেষ। কিয়নো ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশত সংবিধান গৃহীত হৈছিল। ইয়াৰ অৰ্থ এয়াই যে এই দিনটোতেই ভাৰতে গণতান্ত্ৰিক, সাৰ্বভৌম দেশ হিচাপে স্বীকৃতি লাভ কৰিছিল।  ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। সেয়ে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন  কৰা হয়।

আমি সকলোৱে জ্ঞাত যে, ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল। কিন্তু সেই সময়ত আমাৰ ওচৰত কোনো সংবিধান নাছিল। দেশত সুশাসন প্ৰতিষ্ঠা কৰিবলৈ সংবিধানৰ প্ৰয়োজন আছিল।  সেয়ে ১৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয়। পৰৱৰ্তী সময়ত ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান গৃহীত হয়। ভাৰতৰ সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আম্বেদকাৰৰ লগতে তেওঁৰ নেতৃত্বত থকা দলটোৰ অৱদান আছিল অতুলনীয়। সেয়ে এই শুভ ক্ষণত আম্বেদকাৰৰ লগতে সংবিধান প্ৰস্তুত কৰা প্ৰতিগৰাকী ভাৰতীয়ক মোৰ পুন্য শ্ৰদ্ধাঞ্জলি।

সংবিধান এখন প্ৰস্তুত কৰা সহজ নাছিল, ইয়াৰ প্ৰক্ৰিয়া আছিল দীঘলীয়া। এই সংবিধানে আমাক প্ৰদান কৰে স্বাধীনতা, মৌলিক অধিকাৰ। সংবিধানৰ নীতি আগত ৰাখিয়ে ভাৰত গণতান্ত্ৰিক দেশ হিচাপে বিশ্বত দপদপাই থাকিবলৈ সক্ষম হৈছিল। আমাৰ সংবিধান বিশ্বৰ সবাতোকৈ দীঘল সংবিধান। গতিকে আজিৰ দিনটো আমি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ । শেষত পুনৰ এবাৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আৰু সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই মই মোৰ ভাষণৰ সামৰণি মাৰিছো।

ভাষণ ৩

প্ৰথমে নমস্কাৰ কৰি ভাষণৰ আৰম্ভণি ১ নং ভাষণটোৰ দৰে কৰিব। পাছত ক’ব- ভাষণৰ আৰম্ভণিতে দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক সশ্ৰদ্ধ স্মৰণ।  আজি সমগ্ৰ দেশে পালন কৰিছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। ১৯৫০ চনৰ ২৬ জানুৱাৰীত দেশত গৃহীত হৈছিল সংবিধান। ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল। যাৰ বাবে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়।

১৯৪৭ চনৰ ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰিছিল যদিও সেই সময়ত আমাৰ ওচৰত কোনো সংবিধান নাছিল। সেয়ে ৯৪৭ চনৰ ২৯ আগষ্টত ড০ বি আৰ আম্বেদকাৰৰ অধ্যক্ষতাত স্বতন্ত্ৰ সংবিধান প্ৰস্তুত কৰাৰ বাবে এখন খচৰা সমিতি গঠনৰ প্ৰস্তাৱ গৃহীত হয়। তাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধান গৃহীত হয় আৰু ইয়াৰ ফলতেই আমাৰ দেশে লাভ কৰে বিশ্বৰ দীঘল সংবিধান।

গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠানৰ আয়োজন কৰা হয়। দেশৰ ৰাষ্ট্ৰপতিয়ে দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। ৰাষ্ট্ৰীয় সংগীত আৰু পতাকা উন্মোচনৰ লগতে ২১ টোপৰ চালামী দিয়া হয়। এই অনুষ্ঠানতে অশোক চক্ৰ আৰু কীৰ্তি চক্ৰক মহত্বপূৰ্ণ সন্মান দিয়া হয়। ৰাজপথ উলিওৱা ৰেলী ভাৰতৰ অনৈক্য়ৰ মাজত ঐক্য প্ৰতিফলিত হয়। ইয়াৰোপৰি সেনা সকলেও তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে।

বন্ধুসকল, গণৰাজ্য দিৱস কেৱল এক অনুষ্ঠান নহয়। এই দিৱসে আমাক প্ৰতিগৰাকী বীৰ শ্বহীদৰ কথা সোঁৱৰাই দিয়ে। এই দিনটোৱে আমাক মনত পেলাই ভাৰতৰ গণতন্ত্ৰ আৰু সাৰ্বভৌমৰ কথা। এই দিনটোয়ে মনত পেলাই পবিত্ৰ ভূমিত কোটি কোটি দেশবাসীৰ ঐক্য, সমতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীৰ কথা। আমি আমাৰ সংবিধানৰ বাবে গৌৰৱ কৰি কটব পাৰো যে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক। প্ৰতিগৰাকী নাগৰিকৰ আছে মত প্ৰকাশৰ স্বাধীনতা, আছে মৌলিক অধিকাৰ আৰু এই সংবিধানে আমাক মনত পেলাই দিয়ে যে আইনৰ দৃষ্টিত সকলো সমান। গতিকে  স্বাধীনতা অধিকাৰ ৰক্ষা কৰাতো আমাৰ কৰ্তব্য।

কিন্তু এতিয়া দেখা গৈছে যে দেশত হিংসা বিদ্বেষ আদি বৃদ্ধি পাইছে। বহু ভাৰতীয়ই স্বাধীনতা, অধিকাৰৰ পৰা বঞ্চিত হৈছে। আশা কৰো, প্ৰতিগৰাকী ভাৰতীয়ই লাভ কৰক সম্পূৰ্ণ স্বাধীনতা, মৌলিক অধিকাৰ। শেষত পুনৰ এবাৰ সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই মই মোৰ চমু ভাষণৰ সামৰণি মাৰিছো।

 

অন্য খবৰ পঢ়কঃ Republic day 2025: কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’? জানক ইতিহাস, মহত্ব আৰু সকলো…