Republic Day 2025: গণৰাজ্য দিৱসত কিয় অনুষ্ঠিত হয় সেনাৰ পেৰেড? ইয়াৰ ইতিহাস, উদ্দেশ্য, তাৎপৰ্য সম্পৰ্কে সবিশেষ জানক…
Republic Day 2025: ২০২৫ৰ গণৰাজ্য দিৱস উপলক্ষে দিল্লীত পূৰ্ণ গতিত চলিছে বিশাল কুচকাৱাজ আৰু উদযাপনৰ প্ৰস্তুতি । এই বছৰ, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব'বো চুবিয়ানটো গণৰাজ্য দিৱসৰ কুচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই পেৰেড ভাৰতীয় সামৰিক শক্তি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক।
প্ৰতি বছৰে ২৬ জানুৱাৰীত সমগ্ৰ দেশতে গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই দিনটো ভাৰতৰ সংবিধান ৰূপায়ণৰ দিন। যিয়ে ১৯৫০ চনত দেশখনক গণৰাজ্য হিচাপে গঢ়ি তুলিছিল। এইবাৰ দেশবাসীয়ে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। গণৰাজ্য দিৱসৰ এইবাৰৰ মূল থীম ‘স্বৰ্ণিম ভাৰতৰ ঐতিহ্য আৰু বিকাশ’। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই ঐতিহাসিক কুচকাৱাজ কেৱল দিল্লীত কিয় অনুষ্ঠিত হয়? এই কুচকাৱাজ ক’ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ ইতিহাস আৰু তাৎপৰ্যৰ ওপৰত এবাৰ চকু ফুৰাও আহক।
১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতত প্ৰথম গণৰাজ্য দিৱসত সেনাৰ পেৰেড তথা কুচকাৱাজ অনুষ্ঠিত হৈছিল। এই পেৰেড ইৰভিন ষ্টেডিয়ামত (বৰ্তমান মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়াম) অনুষ্ঠিত হৈছিল। সেই সময়ত ভাৰতীয় সেনা, বায়ু সেনা আৰু নৌসেনাৰ জোৱানসকলে তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ এক উৎকৃষ্ট উদাহৰণ উপস্থাপন কৰিছিল।
তাৰ পিছত ১৯৫৫ চনত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ ৰাজপথলৈ স্থানান্তৰিত কৰা হয় (বৰ্তমান কৰ্তব্য পথ)। তেতিয়াৰ পৰা এই কুচকাৱাজ প্ৰতি বছৰে কৰ্তব্য পথত অনুষ্ঠিত হৈ আহিছে। য’ত সেনা-নিৰাপত্তাক্ষীয়ে তাল মিলাই দেশবাসীৰ প্ৰতি তেওঁলোকৰ শক্তি আৰু অনুশাসন প্ৰদৰ্শন কৰে।
মুখ্য অতিথিৰ পৰম্পৰা
গণৰাজ্য দিৱসত মুখ্য অতিথিক আমন্ত্ৰণ জনোৱাৰ পৰম্পৰা ১৯৫০ চনত আৰম্ভ হৈছিল। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি চুকাৰ্ণো ভাৰতৰ প্ৰথম গণতন্ত্ৰ দিৱস উদযাপনত মুখ্য অতিথি আছিল। এই পৰম্পৰাৰ অংশ হিচাপে, প্ৰতি বছৰে এজন বিশিষ্ট বিদেশী নেতাক গণৰাজ্য দিৱস উদযাপনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হয়। এইবাৰো ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’বো চুবিয়ানটো মুখ্য অতিথি হিচাপে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিব।
পেৰেডৰ উদ্দেশ্য আৰু তাৎপৰ্য
গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ মূল উদ্দেশ্য হৈছে দেশবাসীক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শক্তি, প্ৰতিৰক্ষা প্ৰস্তুতি আৰু ভাৰতীয় সংস্কৃতিৰ বৈচিত্ৰ্যৰ সৈতে পৰিচিত কৰোৱা। এই দিনটোত প্ৰদৰ্শন কৰা পেৰেডত সামৰিক অস্ত্ৰ-শস্ত্ৰ আৰু বাহন প্ৰদৰ্শন কৰা হয়। যিয়ে দেখুৱাই যে ভাৰতীয় সেনা যিকোনো জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ’বলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত।
ইয়াৰ উপৰিও, গণৰাজ্য দিৱসৰ কুচকাৱাজত বিভিন্ন ৰাজ্যৰ প্ৰতীকপটো প্ৰদৰ্শন কৰা হয়। যিয়ে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু স্বকীয়তা প্ৰদৰ্শন কৰে। গণৰাজ্য দিৱসৰ কুচকাৱাজৰ বিশেষ বৈশিষ্ট্য হৈছে যে ই ভাৰতীয় সংবিধান আৰু দেশৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। লগতে ই একতা আৰু অখণ্ডতাৰ প্ৰতীক।
লগতে পঢ়ক: গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্য পথত উজলিব ভিন্ন ৰাজ্যৰ কলা-সংস্কৃতি, কি কি থাকিব অসমৰ প্ৰতীকপটত?