সামাজিক মাধ্যমত ভাইৰেল মনমোহন সিঙৰ বায়’ ডাটাঃ কি লিখা আছে বায়’ ডাটাত, চাওক…
সামাজিক মাধ্যম আৰু লিংকডইনত ভাইৰেল হৈ পৰিছে এখন বায়’ ডাটা। বহু কেইজন লোকে এই বায়’ ডাটাখন মনমোহন সিঙৰ বুলি দাবী কৰি সামাজিক মাধ্যমত ইয়াৰ ছবি পোষ্ট কৰিছে। এই বায়’ ডাটাখনত ১৯৫৭ চনত অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত মনমোহন সিঙৰ কৰ্মজীৱনৰ বিৱৰণ দিয়া হৈছে।
যোৱা নিশা প্ৰায় ৯.৫১ বজাত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যু হয়। জীৱনৰ ৯২ বছৰ বয়সত দিল্লী এইমছত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মনমোহন সিঙৰ মৃত্যুত শোকাহত হৈছে সমগ্ৰ দেশ। সমান্তৰালকৈ তেখেতৰ জীৱনৰ বিষয়ে বিতংকৈ জানিবলৈ উৎসুক হৈ পৰে অধিকাংশ লোক। তাৰ মাজতে সামাজিক মাধ্যম আৰু লিংকডইনত ভাইৰেল হৈ পৰিছে এখন বায়’ ডাটা। বহু কেইজন লোকে এই বায়’ ডাটাখন মনমোহন সিঙৰ বুলি দাবী কৰি সামাজিক মাধ্যমত ইয়াৰ ছবি পোষ্ট কৰিছে।
এই বায়’ ডাটাখনত ১৯৫৭ চনত অৰ্থনীতিৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত মনমোহন সিঙৰ কৰ্মজীৱনৰ বিৱৰণ দিয়া হৈছে। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মনমোহন সিঙে বিত্ত মন্ত্ৰালয়ৰ সচিব, পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, প্ৰধানমন্ত্ৰীৰ উপদেষ্টা আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
ইয়াৰ উপৰিও ১৯৬৩-৬৫ চনলৈ পঞ্জাৱ বিশ্ববিদ্যালয় আৰু ১৯৬৯-৭১ চনলৈ দিল্লী স্কুল অৱ ইকনমিক্সত অৰ্থনীতি বিভাগৰ অধ্যাপকো আছিল মনমোহন সিং। ১৯৭১ চনত তেওঁ অৰ্থনৈতিক উপদেষ্টা হিচাপে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ত যোগদান কৰে। ভাইৰেল হোৱা বায়’ ডাটা অনুসৰি ১৯৪৮ চনত প্ৰথম বিভাগত দশম শ্ৰেণীত আৰু ১৯৫০ চনত প্ৰথম বিভাগত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈছিল।
১৯৫২ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত দ্বিতীয় বিভাগত স্নাতক ডিগ্ৰী আৰু ১৯৫৪ চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত প্ৰথম বিভাগত এম এ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ১৯৫৭ চনত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম বিভাগত ইক’নমিক্স ট্ৰাইপ’ছ ডিগ্ৰী লাভ কৰে আৰু ১৯৬২ চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ নাফিল্ড কলেজৰ পৰা ডি.ফিল কৰে।
বায়’ডাটা অনুসৰি ২০০০ চনত মহাৰাষ্ট্ৰৰ সতৰাৰ ইউনাইটেড ৱেষ্টাৰ্ণ বেংক লিমিটেডে প্ৰতিষ্ঠা কৰা ডব্লিউ এল জি (আন্নছাহেব চিৰমুলে ট্ৰাষ্ট)ৰ দ্বাৰা তেওঁক আন্নাছাহেব চিৰমুলে বঁটাৰে সন্মানিত কৰা হয়। ১৯৯৯ চনত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা চেণ্টেনাৰিয়ান ট্ৰাষ্টৰ পৃষ্ঠপোষক আৰ. ভেংকটৰমনৰ পৰা উৎকৃষ্টতাৰ বাবে এছ এছ কাঞ্চি শ্ৰী পৰমাচাৰ্য বঁটা প্ৰদান কৰা হয়। তেখেতে জীৱনত মুঠ ২৫টা বঁটা লাভ কৰা বুলি বায়’ ডাটাত উল্লেখ কৰে হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক পঞ্জাৱ বিশ্ববিদ্যালয়, গুৰু নানক বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়, ইটালীৰ ব’ল’গনা বিশ্ববিদ্যালয়, মহীশূৰ বিশ্ববিদ্যালয়, চৌধুৰী চৰণ সিং হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়, নাগাৰ্জুনা বিশ্ববিদ্যালয়, ওছমানিয়া বিশ্ববিদ্যালয়, ৰুৰকি বিশ্ববিদ্যালয়কে ধৰি আন বহু বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।
১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সদস্য হয়। অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল মনমোহন সিং। ১৯৯১ চনৰ ১৯ জুনত তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰী হয়। ১৯৯৬ চনৰ ১ আগষ্টত তেওঁ সংসদীয় স্থায়ী বাণিজ্য সমিতি, ৰাজ্যসভাৰ অধ্যক্ষ হয়। ১৯৯৮ চনৰ ২১ মাৰ্চৰ পৰা ২০০৪ চনৰ ২২ মে’লৈ ৰাজ্যসভাত বিৰোধী দলৰ নেতা আছিল। ২০০৪ চনৰ ২২ মে’ৰ পৰা ২০১৪ চনৰ ২৬ মে’লৈ তেওঁ প্ৰধানমন্ত্ৰী আছিল।