5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Rojgar Mela 2024: কাইলৈ দেশত অনুষ্ঠিত হ’ব ৰোজগাৰ মেলা, ৭১,০০০ যুৱক-যুৱতীক মোদীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ

দেশৰ যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ। কিয়নো কাইলৈ দেশত অনুষ্ঠিত হ'ব বছৰৰ শেষৰ ৰোজগাৰ মেলা। এই ৰোজগাৰ মেলাৰ জৰিয়তে মোদী চৰকাৰে ৭১,০০০ যুৱক-যুৱতীক চাকৰি প্ৰদান কৰিব। ইয়াৰ লগতে যুৱক-যুৱতীসকলক সম্বোধনো কৰিব মোদীয়ে।

Rojgar Mela 2024: কাইলৈ দেশত অনুষ্ঠিত হ’ব ৰোজগাৰ মেলা, ৭১,০০০ যুৱক-যুৱতীক মোদীয়ে প্ৰদান কৰিব নিযুক্তি পত্ৰ
প্ৰধানমন্ত্ৰী মোদীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Dec 2024 16:54 PM

দেশৰ লাখ লাখ যুৱক-যুৱতীলৈ ভাল খবৰ। কাইলৈ অৰ্থাৎ ২৩ ডিচেম্বৰ, ২০২৪ ত সমগ্ৰ দেশৰ যুৱ প্ৰজন্মক বিশেষ উপহাৰ দিব নৰেন্দ্ৰ মোদী চৰকাৰে। কাইলৈৰ দিনটোত দেশৰ ৪৫ টা স্থানত অয়োজন কৰা হৈছে নিয়োগ মেলা। কেন্দ্ৰত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এয়া দ্বিতীয় ৰোজগাৰ অৰ্থাৎ চাকৰিৰ মেলা। এই ৰোজগাৰ মেলাতেই মোদী চৰকাৰে নিৰ্বাচনত ৭১,০০০ ৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰেৰণ কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ’  কনফাৰেন্সিঙৰ জৰিয়তে নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলক সম্বোধন কৰিব।

আজি অৰ্থাৎ ২২ ডিচেম্বৰৰ দিনা প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এই ডাঙৰ ঘোষণা কৰিছে। নিয়োগ সৃষ্টিক প্ৰধানমন্ত্ৰীয়ে সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ এক অনন্য দিশ ৰোজগাৰ মেলা। ইয়াৰ দ্বাৰা দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলে নিয়োগ লাভৰ সুবিধা পাব। ইয়াৰ পূৰ্বে ২৯ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৫১,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, ২০২২ চনৰ ২২ অক্টোবৰত কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে ৰোজগাৰ মেলা আৰম্ভ কৰিছিল।

কি কি বিভাগত চাকৰি

ৰোজগাৰ মেলাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰালয়ৰ বিভিন্ন বিভাগত যুৱক-যুৱতীক নিযুক্তি দিব। ইয়াৰ ভিতৰত গৃহ মন্ত্ৰালয়, ডাক বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়, উচ্চ শিক্ষা বিভাগ, বিত্তীয় বিভাগকে ধৰি বিভিন্ন বিভাগ আছে। ইয়াৰ লগতে ব্যৱসায়িক সুযোগৰ প্ৰসাৰৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰত পেকেজৰো ঘোষণা কৰিছে। ইয়াৰ অধীনত চৰকাৰে বিভিন্ন দীৰ্ঘম্যাদী আঁচনি/কাৰ্যসূচী/নীতিৰে গঠিত বিত্তীয় উদ্দীপনা প্ৰদান কৰি কৰ্ম সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব।

ইয়াৰোপৰি অৰ্থ ব্যৱস্থাৰ বিভিন্ন দিশত কৰ্মসংস্থাপন আৰু স্বনিয়োজন সৃষ্টিৰ বাবে বহু আঁচনি আৰম্ভ কৰিছে চৰকাৰে । ইয়াৰ ভিতৰত আছে আত্মনিৰ্ভৰ ভাৰত নিয়োগ আঁচনি (এবিআৰৱাই), প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনি, পিএম গতিশক্তি, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পিএমএমৱাই) আৰু প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰশীল পুঁজি (পিএম স্বনিধি আঁচনি) ইত্যাদি।

 

Latest News