তিনি সহস্ৰাধিক পদত হ’ব নিযুক্তি, চাকৰি প্ৰত্যাশীসকলে এতিয়াই কৰক আবেদন

তিনি হাজাৰতকৈ অধিক পদত নিযুক্তিৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। দশম শ্ৰেণী উত্তীৰ্ণসকলেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ৰে’লৱে নিযুক্তি ব’ৰ্ডে মুঠ ৩২৪৩৮টা গ্ৰুপ ‘ডি’ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে।

তিনি সহস্ৰাধিক পদত হ’ব নিযুক্তি, চাকৰি প্ৰত্যাশীসকলে এতিয়াই কৰক আবেদন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Jan 2025 19:15 PM

চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক সুখবৰ। আহিছে চাকৰি লাভৰ এক সুবৰ্ণ সুযোগ। তিনি হাজাৰতকৈ অধিক পদত নিযুক্তিৰ বাবে আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। দশম শ্ৰেণী উত্তীৰ্ণসকলেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। ৰে’লৱে নিযুক্তি ব’ৰ্ডে মুঠ ৩২৪৩৮টা গ্ৰুপ ‘ডি’ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। ৰে’লৱে নিযুক্তি ব’ৰ্ড (RRB)ৰ অফিচিয়েল ৱেবছাইট rrbcdg.gov.in ত গৈ ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব।

এই পদসমূহৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২২ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰা হৈছে। ৰে’লৱে নিযুক্তি ব’ৰ্ডে জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছত ২৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ প্ৰ-পত্ৰত সংশোধন কৰিব পাৰিব। এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল দশম উত্তীৰ্ণ হ’ব লাগিব। আই টি আই উত্তীৰ্ণ প্ৰাৰ্থীসকলেও এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব।

পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ১৮ বছৰৰ পৰা ৩৬ বছৰৰ ভিতৰত হ’ব লাগে। একে সময়তে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক নিৰ্ধাৰিত নিয়মানুসাৰে সৰ্বোচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হৈছে। আবেদনকাৰীয়ে এই পদসমূহৰ বাবে আবেদনৰ সময়ত ৫০০ টকা মাচুল পৰিশোধ কৰিব লাগিব। CBT পৰীক্ষাত অৱতীৰ্ণ হ’লে প্ৰযোজ্য বেংক চাৰ্জ কৰ্তন কৰাৰ পিছত প্ৰাৰ্থীক ৪০০ টকা ঘূৰাই দিয়া হ’ব।

আনহাতে PwBD, মহিলা, ট্ৰান্সজেণ্ডাৰ, সেনাৰ প্ৰাক্তন কৰ্মী, অনুসূচিত জাতি/জনজাতি, সংখ্যালঘু সম্প্ৰদায়, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (EBC)ৰ অন্তৰ্গত প্ৰাৰ্থীৰ বাবে পৰীক্ষাৰ মাচুল ২৫০ টকা নিৰ্ধাৰণ কৰা হৈছে। বেংকৰ চাৰ্জ কৰ্তনৰ পিছত এই ধনৰাশি ঘূৰাই দিয়া হ’ব। আজিৰ পৰা এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰিব পাৰে-

ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট rrbcdg.gov.in চাওক।

হোম পেজত দিয়া CEN 08/2024 ৰ বাবে আবেদন কৰিবলৈ লিংকটোত ক্লিক কৰক।

এতিয়া নিজা পঞ্জীয়ন কৰক আৰু আবেদন পত্ৰ পূৰণ কৰক।

নথি-পত্ৰ আপলোড কৰক, মাচুল পৰিশোধ কৰি চাবমিট কৰক।

আবেদনকাৰীৰ বাছনি CBT 1, CBT 2 পৰীক্ষা আৰু নথি পৰীক্ষণৰ জৰিয়তে কৰা হ’ব। CBT 1 পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীয়ে CBT 2 পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰ পিছত শাৰীৰিক দক্ষতা পৰীক্ষা অনুষ্ঠিত হ’ব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে নিযুক্তি ব’ৰ্ডে জাৰি কৰা চৰকাৰী অধিসূচনা পৰীক্ষা কৰিব পাৰিব।

গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ মাজত কি পাৰ্থক্য আছে?
দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব? ক'লে IITian বাবাই...
মাত্ৰ ২০ দিন ৰঙা চাহ খালে কি হয় জানেনে? জানক সবিশেষ...
মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহ পৰিয়ালৰ পৰা বিচ্ছেদ হ'ল জানেনে?