ৰে’লৱেত ওলাইছে চাকৰি, খালী ৯,৯৭০ টা পদ, কেনেকৈ আবেদন কৰিব জানক…

Job: আপুনিও বিচাৰি আছে নেকি চৰকাৰী চাকৰি। তেন্তে পুনৰ ওলাইছে ৰে'লৱেত চাকৰি। আৰ আৰ বিয়ে লোকো পাইলট নিযুক্তিৰ বাবে আবেদন আহ্বান কৰিছে।

ৰেলৱেত ওলাইছে চাকৰি, খালী ৯,৯৭০ টা পদ, কেনেকৈ আবেদন কৰিব জানক...

চাকৰি

Published: 

26 Mar 2025 14:21 PM

ৰে’লৱে নিযুক্তি বৰ্ডে (RRB) সহকাৰী লোকো পাইলট (Assistant loco pilot) নিযুক্তি ২০২৫ ৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি ৰে’লৱে মুঠ ৯,৯৭০টা খালী পদ পূৰ কৰিব। আৰ আৰ বিয়ে জাৰি কৰা অধিসূচনা অনুসৰি ১০ এপ্ৰিলৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু অন্তিম তাৰিখ ৯ মে, ২০২৫। গতিকে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰিব। প্ৰাৰ্থীসকলে আবেদন কৰিবলৈ ৰে’লৱেৰ অফিচিয়েল ৱেবচাইট RRB rrbcdg.gov.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব।এই পদসমূহৰ বিষয়ে আৰ আৰ বিয়ে এতিয়াও বিতং তথ্য প্ৰকাশ কৰা নাই। সম্ভৱতঃ শীঘ্ৰেই অন্য তথ্য প্ৰকাশ কৰিব।

অৰ্হতা

আৰ আৰ বি সহকাৰী লোকো পাইলট নিযুক্তিৰ বাবে আবেদন কৰা প্ৰাৰ্থীজনে দশম স্থানত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। একে সময়তে আবেদনকাৰীৰ আই টি আই প্ৰমাণপত্ৰ বা অভিযান্ত্ৰিক বিষয়ত ডিপ্লমা/ডিগ্ৰী থাকিব লাগিব। আবেদনকাৰীৰ বয়স ২০২৫ চনৰ ১ জুলাইলৈকে ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব।সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলকো চৰকাৰী নিয়ম অনুসৰি সৰ্বোচ্চ বয়সৰ সীমাত শিথিলতা প্ৰদান কৰা হৈছে।

কেনেকৈ কৰিব আবেদন

  • প্ৰথমে আপুনি আৰ আৰ বিৰ অফিচিয়েল ৱেবচাইট rrbcdg.gov.in ত যাওক।
  • সহকাৰী লোক পাইলট নিযুক্তি ২০২৫ ত ক্লিক কৰক।
  • আবেদন পত্ৰ লিংকত ক্লিক কৰক।
  • আবেদন পূৰ কৰক।
  • মাচুল আদায় কৰি চাবমিট কৰক।

কেনেকৈ হ’ব নিৰ্বাচন

সহকাৰী লোকো পাইলট নিযুক্তিৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলক চিবিটি ১, চিবিটি ২ পৰীক্ষা, নথিপত্ৰ পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। CBT 1 পৰীক্ষাত সফল হোৱা পৰীক্ষাৰ্থীয়ে CBT পৰীক্ষাত অৱতীৰ্ণ হ’ব। চিবিটি ১ পৰীক্ষাত গণিত, সাধাৰণ বুদ্ধিমত্তা আৰু যুক্তি, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ সজাগতা বিষয়ৰ পৰা মুঠ ৭৫টা প্ৰশ্ন থাকিব। চিবিটি ২ পৰীক্ষাত কাৰিকৰী জ্ঞান আৰু সাধাৰণ বিষয়ৰ ওপৰত ভিত্তিক প্ৰশ্ন থাকিব। এই সন্দৰ্ভত শীঘ্ৰেই ৰে’লৱে নিযুক্তি ব’ৰ্ডে জাৰি কৰিব বিতং অধিসূচনা।

 

অন্য খবৰ পঢ়কঃ ওলাইছে চৰকাৰী চাকৰি! দৰমহা ৬০,০০০ৰো অধিক, কেনেকৈ, কেতিয়া আবেদন কৰিব জানক…

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?