SBI clerk job 2025: SBI ত খালী ১৩,৭৩৫ পদ, কোনে কেনেকৈ কৰিব পাৰিব আবেদন, জানক

SBI ত ওলাইছে চাকৰি। কেইবা হাজাৰ পদৰ বাবে আবেদন আহ্বান কৰিছে এছ বি আইয়ে। ইতিমধ্যে আজিৰ পৰা আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন জনাব পাৰিব।

SBI clerk job 2025: SBI ত খালী ১৩,৭৩৫ পদ, কোনে কেনেকৈ কৰিব পাৰিব আবেদন, জানক

চাকৰি

Published: 

17 Dec 2024 12:51 PM

চৰকাৰী চাকৰি বিচাৰি থকা সকলৰ বাবে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। শেহতীয়াকৈ কেইবাটাও পদত নিযুক্তিৰ বাবে ষ্টেট বেংক অৱ ইণ্ডিয়া (State bank of india)ই আহ্বান কৰিছে আবেদনৰ। SBI য়ে Junior Associate (Customer Support & Sales) (জুনিয়ৰ এছচিয়েট,গ্ৰাহক সহায় আৰু বিক্ৰী) পদৰ বাবে প্ৰাৰ্থীৰ আবেদন বিচাৰিছে। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত চাকৰিৰ বাবে আবেদন জনাব পাৰিব।

আবেদনৰ সময়

পঞ্জীয়ন প্ৰক্ৰিয়া আজি অৰ্থাৎ ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱাৰ লগতে অন্ত পৰিব ২০২৫ চনৰ ৭ জানুৱাৰীত। এই চাকৰিৰ পদৰ বাবে প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব। গতিকে নিৰ্ধাৰিত সময়ত পূৰ্বে প্ৰাৰ্থীয়ে https://bank.sbi/web/careers/current-openings বা  https://www.sbi.co.in/web/careers/current-openings ত গৈ অনলাইন আবেদন কৰিব পাৰে।

পদৰ সংখ্যা

সমগ্ৰ দেশত মুঠ ১৩,৭৩৫ টা পদত নিযুক্তি দিব এছ বি আইয়ে। ইয়াৰে অসমত থকা খালী পদৰ সংখ্যা ৩১১ টা, অৰুণাচল প্ৰদেশত ৬৬ টা, মণিপুৰত ৫৫ টা, মেঘালয়ত ৮৫ টা, মিজোৰামত ৪০ টা, নাগালেণ্ডত ৭০ টা আৰু ত্ৰিপুৰাত ৬৫ টা। ইয়াৰোপৰি ১৮৯৪ টা খালী পদ আছে লক্ষ্ণৌ/নতুন দিল্লীত , ১৩১৭ টা পদ ভোপালত, ১২৫৪ টা পদ কলকাতা, ১১১১ টা পদ বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত পদ খালী আছে।

যোগ্যতা

প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক লাভ কৰা হ’ব লাগিব। ইন্টিগ্ৰেটেড ডুৱেল ডিগ্ৰী (আইডিডি) প্ৰমাণপত্ৰ থকা প্ৰাৰ্থীসকলে নিশ্চিত কৰিব লাগে যে আইডিডি উত্তীৰ্ণৰ তাৰিখ ৩১.১২.২০২৪ বা তাৰ আগতে। যিসকলে স্নাতকৰ চূড়ান্ত বৰ্ষত আছে তেওঁলোকেও চৰ্ত সাপেক্ষে আবেদন কৰিব পাৰিব। যদি তেওঁলোক নিৰ্বাচিত হয় তেন্তে ৩১.১২.২০২৪ বা তাৰ আগতে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণ দিব লাগিব।

ইয়াৰোপৰি প্ৰাৰ্থীৰ বয়স ২০ ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।

বিজ্ঞাপন নম্বৰ: CRPD/CR/2024-25/24

মাচুল

আবেদনৰ বাবে সাধাৰণ প্ৰাৰ্থীয়ে ৭৫০ টা, অবিচি-ইডব্লিউএছয়ে ৭৫০ টা, এছ চি, এছ চি আৰু দিব্যাংগসকলে কোনো মাচুল দিব নালাগে।

কেনেকৈ আবেদন কৰিব

আপুনি https://bank.sbi/careers বা https://www.sbi.co.in/careers ৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইয়াৰ বাবে আপুনি লিংকত ক্লিক কৰি নিৰ্দেশ অনুযায়ী সকলো তথ্য প্ৰদান কৰি অনলাইন আবেদন কৰিব পাৰিব।

কেনেকৈ নিৰ্বাচন হ’ব

অনলাইন পৰীক্ষা (প্ৰিলিমছ আৰু মেইন) আৰু এই দুটা পৰীক্ষীত উত্তীৰ্ণৰ পাছত নিৰ্বাচিত প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ ওপৰত পৰীক্ষা পাতি নিৰ্বাচন কৰা হটব।

দৰমহা

২৪০৫০-১৩৪০/৩-২৮০৭০-১৬৫০/৩-৩৩০২০-২০০০/৪-৪১০২০-২৩৪০/৭-৫৭৪০০-৪৪০০/১-৬১৮০০-২৬৮০/১-৬৪৪৮০ টকা।

 

অন্য খবৰ পঢ়কঃ UPSC NDA/ NA, CDS 1 ত চাকৰিঃ কেতিয়া হ’ব পৰীক্ষা, কোনে কৰিব পাৰিব আবেদন, জানক

মৃত্যুৰ পাছত আত্মাৰ সৈতে কি হয় জানেনে? কিয় কৰে পিণ্ডদান...
শোৱনি কোঠাত কেতিয়াও নাৰাখিব এই সমূহ বস্তু, অন্যথা আপোনাৰ জীৱনলৈ কঢ়িয়াব অশুভ সময়
জীৱনৰ অন্তিমখন কনচাৰ্ট ক’ত কৰিছিল তবলা সম্ৰাট জাকিৰ হুছেইনে? জানিবলৈ চাওক
আপোনাৰ সংগীৰ আছে নেকি এইসমূহ অভ্যাস? তেন্তে সাৱধান...