শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ষ্টেট বেংকে মুকলি কৰিলে নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ডঃ এতিয়াই এইদৰে কৰক ডাউনলোড…

SBI- এ আজি Probationary Officer (PO) পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰিলিমছ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে SBIৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত গৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

ষ্টেট বেংকে মুকলি কৰিলে নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ডঃ এতিয়াই এইদৰে কৰক ডাউনলোড…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 28 Feb 2025 18:11 PM

ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBI- এ আজি Probationary Officer (PO) পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰিলিমছ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে SBIৰ অফিচিয়েল ৱেবছাইট sbi.co.in ত গৈ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই নিযুক্তি অভিযানৰ জৰিয়তে ষ্টেট বেংক অৱ ইণ্ডিয়াত ৬০০টা Probationary Officer (PO)ৰ পদ পূৰণ কৰা হ’ব। বিগত বৰ্ষৰ ২৭ ডিচেম্বৰৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু চলিত বৰ্ষৰ ১৯ ​​জানুৱাৰীত আবেদন প্ৰক্ৰিয়া অন্ত পৰিছিল।

যিসকল প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিছিল, তেওঁলোকে তলত দিয়া পদ্ধতি অনুসৰণ কৰি SBI PO পদৰ প্ৰিলিমছ পৰীক্ষাৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব-

প্ৰথমে SBI ৰ অফিচিয়েল ৱেবছাইট sbi.co.in লৈ যাওক।

তাৰ পিছত Career শাখালৈ গৈ SBI PO Admit Card লিংকত ক্লিক কৰক।

ইয়াৰ পিছত এটা নতুন পেজ খোল খাব, এই পেজত প্ৰাৰ্থীসকলে লগইনৰ তথ্য পূৰ কৰিব লাগিব।

এতিয়া submit টেবত ক্লিক কৰক, ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত এডমিট কাৰ্ড ওলাব।

এতিয়া এডমিট কাৰ্ড ডাউনলোড কৰি ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে এটা কপি প্ৰিণ্ট কৰি ল’ব পাৰে।

এই লিখিত পৰীক্ষা অহা ৮, ১৬ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হ’ব। পৰীক্ষাত মুঠ ১০০ নম্বৰৰ বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন আহিব। অনলাইনযোগে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাৰ সময়সীমা হ’ব ১ ঘণ্টা। মনত ৰাখিব, এই পৰীক্ষাত ঋণাত্মক নম্বৰ থাকিব অৰ্থাৎ প্ৰতিটো ভুল উত্তৰৰ বাবে নিৰ্ধাৰিত নম্বৰৰ পৰা এক চতুৰ্থাংশ নম্বৰ কৰ্তন কৰা হ’ব। গতিকে পৰীক্ষাৰ্থীসকল এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব।

SBI- ৰ এই Probationary Officer (PO) পদৰ নিযুক্তি প্ৰক্ৰিয়া তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত প্ৰাৰম্ভিক পৰীক্ষা হ’ব। এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে দ্বিতীয় পৰ্যায়ত অৰ্থাৎ মূল পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব। তাৰ পিছত এই পৰ্যায়ত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলক তৃতীয় পৰ্যায় অৰ্থাৎ চাইকোমেট্ৰিক পৰীক্ষা, গ্ৰুপ ডিচকাছন আৰু সাক্ষাৎকাৰৰ বাবে বাচনি কৰা হ’ব। ইয়াৰ পিছত চূড়ান্ত মেৰিট তালিকা প্ৰকাশ কৰা হ’ব।