স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে চাকৰি লাভৰ সুৱৰ্ণ সুযোগঃ দুই শতাধিক পদৰ বাবে আৰম্ভ হৈছে আবেদন

স্নাতক ডিগ্ৰীধাৰী চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। ভাৰতীয় উচ্চতম ন্যায়ালয়ে জুনিয়ৰ ক’ৰ্ট এচিষ্টেণ্ট পদৰ বাবে মুকলি কৰিছে নিযুক্তি প্ৰক্ৰিয়া। শীৰ্ষ আদালতে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে কিমান পদ পূৰ কৰিব, প্ৰাৰ্থীৰ যোগ্যতা, আবেদনৰ সময়সীমা আদি প্ৰয়োজনীয় তথ্যসমূহৰ বিষয়ে জানো আহক।

স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে চাকৰি লাভৰ সুৱৰ্ণ সুযোগঃ দুই শতাধিক পদৰ বাবে আৰম্ভ হৈছে আবেদন

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Feb 2025 16:14 PM

চৰকাৰী চাকৰিত নিযুক্তিৰ আশা অধিকাংশ লোকৰে থাকে। সেয়ে চাকৰিত নিযুক্তি লাভৰ বাবে এইসকল লোকে যথেষ্ট প্ৰচেষ্টা চলায়। স্নাতক ডিগ্ৰীধাৰী এনে চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে এক সুখবৰ। ভাৰতীয় উচ্চতম ন্যায়ালয়ে জুনিয়ৰ ক’ৰ্ট এচিষ্টেণ্ট পদৰ বাবে মুকলি কৰিছে নিযুক্তি প্ৰক্ৰিয়া। ইতিমধ্যে যোৱা ৫ ফেব্ৰুৱাৰীৰ পৰা এই পদসমূহৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা ৮ মাৰ্চত এই পদসমূহৰ বাবে আবেদনৰ সময়সীমা অন্ত পৰিব। গতিকে ইচ্ছুক প্ৰাৰ্থীসকলে SCI ৰ অফিচিয়েল ৱেবছাইট sci.gov.in লৈ গৈ ৮ মাৰ্চলৈকে অনলাইন মোডৰ জৰিয়তে আবেদন কৰিব পাৰিব।

এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে মুঠ ২৪১টা পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন আমন্ত্ৰণ জনাইছে। নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে আবেদন কৰিব লাগিব। এই নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰয়োজনীয় কিছুমান তথ্য, যেনে প্ৰাৰ্থীৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া, নিৰ্বাচন প্ৰক্ৰিয়া আদিৰ বিষয়ে চাওঁ আহক-

জুনিয়ৰ ক’ৰ্ট এচিষ্টেণ্ট পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব। আবেদনকাৰীৰ টাইপিং স্পীড হিন্দী আৰু ইংৰাজীত প্ৰতি মিনিটত ৩৫ শব্দ হ’ব লাগে। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলক অৱশ্যে নিয়ম অনুসাৰে সৰ্বোচ্চ বয়সৰ সীমাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে।

জেনেৰেল আৰু অ’বিচি শিতানৰ আবেদনকাৰীয়ে এই পদসমূহৰ বাবে আবেদননৰ সময়ত ১০০০ টকা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, দিব্যাংগ, প্ৰাক্তন সেনা কৰ্মী প্ৰাৰ্থীসকলে আবেদন মাচুল হিচাপে ২৫০ টকা পৰিশোধ কৰিব লাগিব। অনলাইন মোডত প্ৰাৰ্থীসকলে এই মাচুল জমা কৰিব পাৰিব।

ইচ্ছুক প্ৰাৰ্থীসকলে তল্য দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব-

প্ৰথমে অফিচিয়েল ৱেবছাইট sci.gov.in চাওক।

হোম পেজত দিয়া Recruitment টেবত ক্লিক কৰক।

এতিয়া Junior Court Assistant Notification ত ক্লিক কৰক।

এতিয়া আবেদন পত্ৰত উল্লেখ থকা নিৰ্ধাৰিত তথ্যসমূহ পূৰ  কৰক।

ইয়াৰ পিছত আবেদন মাচুল পৰিশোধ কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।

এই পদসমূহত নিযুক্তিৰ বাবে লিখিত পৰীক্ষা আৰু টাইপিং পৰীক্ষাৰ জৰিয়তে যোগ্য প্ৰাৰ্থীৰ নিৰ্বাচন কৰা হ’ব। এই নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে উচ্চতম ন্যায়ালয়ে জাৰি কৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ অধিসূচনা পৰীক্ষা কৰিব পাৰে।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ