ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোত সমগ্ৰ অসমত সতী সাধনী দিৱস হিচাপে পালন কৰা হয় । আজি এই দিনটোত সাতী সাধনীৰ ত্যাগক সন্মান জনোৱা হয় । একেদৰে ২১ এপ্ৰিলৰ দিনটো আন বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বাবে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আহিছে। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা...

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
Published: 

21 Apr 2025 09:28 AM

আজিৰ দিনটোত সমগ্ৰ অসমত সতী সাধনী দিৱস হিচাপে পালন কৰা হয় । ১৫২৪ চনৰ ২১ এপ্ৰিলৰ দিনটোত চন্দ্ৰগিৰি পাহাৰৰ পৰা জপিয়াই প্ৰাণ আহুতি দিয়ে চুতীয়া ৰাণী সতী সাধনীয়ে। উল্লেখ্য যে, সাতী সাধনী চুতীয়া ৰাজবংশৰ শেষৰ গৰাকী ৰাণী আছিল । আজি এই দিনটোত সাতী সাধনীৰ ত্যাগক সন্মান জনোৱা হয় । অসম চৰকাৰে এই দিনটো ৰাজ্যিক বন্ধৰ দিন হিচাপে পালন কৰে।

একেদৰে ২১ এপ্ৰিলৰ দিনটো আন বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ বাবে ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আহিছে। আজিৰ দিনটোতে ভাৰতত মোগল শাসন প্ৰতিষ্ঠা হয়। আনহাতে ২১ এপ্ৰিল তাৰিখটো অসামৰিক সেৱা দিৱস হিচাপেও পালন কৰা হয়। এই দিনটোত অসামৰিক সেৱাৰ অৱদানৰ ওপৰত আলোকপাত কৰা হৈছে।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা

  1. ৰোমান পৌৰাণিক কাহিনী অনুসৰি খ্ৰীষ্টপূৰ্ব ৭৫৩ চনৰ ২১ এপ্ৰিলত ৰোমুলাছ আৰু ৰেমুছে ৰোম চহৰ প্ৰতিষ্ঠা কৰিছিল।
  2. ১৫২৬ চনৰ ২১ এপ্ৰিলত বাবৰে পানীপাটৰ প্ৰথম যুদ্ধত ইব্ৰাহিম লোডীক পৰাস্ত কৰি মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰে। ইয়াৰ লগে লগে ভাৰতত মোগল শাসন আৰম্ভ হয়।
  3. ১৯২৬ চনৰ ২১ এপ্ৰিলত জন্মগ্ৰহণ কৰা দ্বিতীয় ৰাণী এলিজাবেথ ইংলেণ্ডৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাণী আছিল।
  4. ১৯৬০ চনৰ আজিৰ দিনটোতে ব্ৰাজিলৰ নতুন ৰাজধানী ব্ৰাজিলিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।
  5. ১৯৬৭ চনৰ আজিৰ দিনটোতে গ্ৰীচত সামৰিক বিষয়াসকলে অভ্যুত্থান ঘটাই ক্ষমতা দখল কৰে। এই শাসন ব্যৱস্থা ১৯৭৪ চনলৈকে চলিছিল।
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...
ভগৱান হনুমানক আগবঢ়াওক এইসমূহ বস্তু, পূৰ হ'ব সকলো মনোকামনা
কিয় পালন কৰা হয় সতী সাধিনী দিৱস? বীৰাংগনা 'সাধিনী'ৰ বীৰত্বৰ কাহিনী জানক..
হাৰ্ট এটেকৰ পৰা ৰক্ষা পোৱাৰ কেইটামান উপায়...