ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
আজি ২২ এপ্ৰিলৰ দিনটতে অসম পঞ্চায়ত আইন,১৯৯৪ য়ে ৰাজ্যপালৰ সন্মতি লাভ কৰে । একেদৰে ১৯৯৬ চনৰ আজিৰ দিনটোতে দিল্লীত ইহলীলা সম্বৰণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই । ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা...

আজিৰ দিনটো অসমৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ । আজি ২২ এপ্ৰিলৰ দিনটতে অসম পঞ্চায়ত আইন,১৯৯৪ য়ে ৰাজ্যপালৰ সন্মতি লাভ কৰে । ১৯৯৪ চনৰ ২২ এপ্ৰিলৰ দিনটোত এই আইনে ৰাজ্যপালৰ সন্মতি লাভ কৰাৰ পাছত সেই বৰ্ষৰে অক্টোবৰ মাহত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হয় ।
একেদৰে ১৯৯৬ চনৰ আজিৰ দিনটোতে দিল্লীত ইহলীলা সম্বৰণ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই । ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইদিনমান পূৰ্বে মৃত্যু হৈছিল হিতেশ্বৰ শইকীয়াৰ । তেওঁৰ মৃত্যুৰ পাছত অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভূমিধৰ বৰ্মনে।
ইফালে, প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটো ‘পৃথিৱী দিৱস’ হিচাপে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ লগতে সকলো জীৱ-জন্তু আৰু উদ্ভিদক সুৰক্ষা দিয়া। ১৯৭০ চনত প্ৰথমবাৰৰ বাবে উদযাপন কৰা এই দিৱসটো তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বই মুকলি অন্তৰেৰে গ্ৰহণ কৰিছে। আজিৰ দিনটোত মানুহে পৃথিৱীখনক ৰক্ষা কৰি ইয়াৰ সেউজীয়া বজাই ৰখাৰ লগতে সকলো জীৱ-জন্তুক অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি লয়।
ইতিহাসৰ আজিৰ দিনটোত ঘটা আন কেইটামান পৰিঘটনা চাওঁ আহক
- ১৯০৬ চনৰ আজিৰ দিনটোতে গ্ৰীচৰ ৰাজধানী এথেন্সত অলিম্পিক গেমছ আৰম্ভ হয়।
- ১৯১৫ চনৰ আজিৰ দিনটোতে জাৰ্মান বাহিনীয়ে প্ৰথম বিশ্বযুদ্ধৰ সময়ত প্ৰথমবাৰৰ বাবে ৰাসায়নিক গেছ ব্যৱহাৰ কৰিছিল।
- ১৯২১ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় অসামৰিক সেৱাৰ পৰা পদত্যাগ কৰে।
- ১৯৩১ চনৰ আজিৰ দিনটোতে ইজিপ্ত আৰু ইৰাকৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
- ১৯৫৮ চনৰ আজিৰ দিনটোতে এডমিৰেল আৰ ডি কাটাৰী ভাৰতীয় নৌসেনাৰ প্ৰথম ভাৰতীয় মুৰব্বী হয়।
- ১৯৭০ চনৰ আজিৰ দিনটোতে পৃথিৱী দিৱস প্ৰথমবাৰৰ বাবে বিশ্বজুৰি পালন কৰা হয়।
- ২০১৬ চনৰ আজিৰ দিনটোতে পেৰিছ জলবায়ু চুক্তিত ১৭০ খনতকৈও অধিক দেশে স্বাক্ষৰ কৰে। এই চুক্তি ২০১৬ চনৰ নৱেম্বৰৰ পৰা বলৱৎ হয় ।