শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোতে ইংৰাজে ফাঁচী দিছিল টাত্য টোপেক। ইয়াৰ বাহিৰেও ১৮ এপ্ৰিলৰ ইতিহাসত বহুতো গুৰুত্বপূৰ্ণ ঘটনা লিপিবদ্ধ হৈ আছে। বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰো আজিৰ দিনটোতে মৃত্যু হয়। ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ইতিহাসৰ আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
manas-borah
Manas Borah | Published: 18 Apr 2025 09:25 AM

দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বিপ্লৱী সকলৰ মাজত টাত্য টোপে উল্লেখযোগ্য । ১৮৫৭ চনত তেওঁ স্বাধীনতা সংগ্ৰামৰ প্ৰতি ইমানেই আকৰ্ষণ বৃদ্ধি কৰিছিল যে দাসত্বৰ শিকলিত আবদ্ধ হৈ থকা দেশৰ জনসাধাৰণে স্বাধীনতা লাভ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কথা উপলব্ধি কৰিছিল। টাত্য টোপেৰ প্ৰকৃত নাম আছিল ৰামচন্দ্ৰ ৰঘুনাথ টোপে। আজিৰ দিনটোতে ইংৰাজে ফাঁচী দিছিল টাত্য টোপেক। ইয়াৰ বাহিৰেও ১৮ এপ্ৰিলৰ ইতিহাসত বহুতো গুৰুত্বপূৰ্ণ ঘটনা লিপিবদ্ধ হৈ আছে।

বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰো আজিৰ দিনটোতে মৃত্যু হয়। ক্ৰিকেটৰ ইতিহাসত ১৯৯৪ চনত ৱেষ্ট ইণ্ডিজৰ বেটছমেন ব্রায়ান লাৰাই ছাৰ গার্ফিল্ড ছ’বাৰ্ছৰ অভিলেখ ভংগ কৰিছিল ৷ ইংলেণ্ডৰ বিৰুদ্ধে এদিনতে ৩৭৫ ৰান সংগ্ৰহ কৰে লাৰাই।

ইতিহাসত লিপিবদ্ধ আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনা

  1. ১৬১২ চনৰ আজিৰ দিনটোতে শ্বাহজাহান আৰু মুমতাজৰ বিবাহ হয়।
  2. ১৮৫৯ চনৰ আজিৰ দিনটোতে ইংৰাজে ফাঁচী দিছিল টাত্য টোপেক।এই দিনটো টাত্য টোপেৰ শ্বহীদ দিৱস হিচাপে স্মৰণ কৰা হয়।
  3. ১৯১৭ চনৰ আজিৰ দিনটোতে গান্ধীজীয়ে সত্যগ্ৰহ আন্দোলন আৰম্ভ কৰিবলৈ বিহাৰৰ চম্পাৰণক বাছি লৈছিল।
  4. ১৯৪৮ চনৰ আজিৰ দিনটোতে নেদাৰলেণ্ডত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় স্থাপন কৰা হয়।
  5. ১৯৫৫ চনৰ আজিৰ দিনটোতে বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ ৭৬ বছৰ বয়সত মৃত্যু হয়।
  6. ১৯৮০ চনৰ আজিৰ দিনটোতে জিম্বাবুৱে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
  7. ১৯৯১ চনৰ আজিৰ দিনটোতে কেৰালাক দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হয়।