শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

১৯১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পশ্চিম ভাৰ্জিনিয়াৰ কয়লা খনিত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয় । একে সময়তে ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
manas-borah
Manas Borah | Published: 28 Apr 2025 09:31 AM

ইতিহাসত ২৮ এপ্ৰিলৰ দিনটো বহু ঘটনা-পৰিঘটনাৰ সৈতে জড়িত হৈ আছে । ১৯১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ পশ্চিম ভাৰ্জিনিয়াৰ এচেলছ অঞ্চলৰ কয়লা খনিত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত ১৮১ জন লোকে প্ৰাণ হেৰুৱাইছিল। ১৯৮৬ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছিল যে, দুদিন পূৰ্বে ইউক্ৰেইনৰ চেৰ্নোবিলত পাৰমাণৱিক দুৰ্ঘটনা সংঘটিত হৈছিল, যিয়ে সমগ্ৰ বিশ্বক কঁপাই তুলিছিল।

আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য পৰিঘটনা চাওঁ আহক

  1. ১৯১০ চনৰ আজিৰ দিনটোতে ক্ল’ড গ্ৰেহাম হোৱাইটে ইংলেণ্ডত প্ৰথমবাৰৰ বাবে নিশা বিমান উৰুৱাইছিল।
  2. ১৯১৪ চনৰ আজিৰ দিনটোতে আমেৰিকাত কয়লা খনিৰ দুৰ্ঘটনাত ১৮১ জন লোকৰ মৃত্যু হয়।
  3. ১৯৩২ চনৰ আজিৰ দিনটোতে মানুহৰ বাবে হালধীয়া জ্বৰৰ প্ৰতিষেধক ৰাজহুৱাভাৱে ঘোষণা কৰা হয়।
  4. ১৯৩৭ চনৰ আজিৰ দিনটোতে ইৰাকৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনৰ জন্ম ।
  5. ১৯৪৩ চনৰ আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে জাৰ্মানীৰ পৰা জাপানলৈ যোৱাৰ সময়ত ছাবমেৰিনৰ যোগেদি যাত্ৰা কৰে।
  6. ১৯৪৫ চনৰ আজিৰ দিনটোতে ইটালীৰ শাসক বেনিটো মুছলিনি আৰু তেওঁৰ প্ৰেমিকাক হত্যা কৰা হয়।
  7. ১৯৮৬ চনৰ আজিৰ দিনটোতে চেৰ্নোবিল পাৰমাণৱিক দুৰ্ঘটনা আনুষ্ঠানিকভাৱে নিশ্চিত হয়।
  8. ১৯৯৫ চনৰ আজিৰ দিনটোতে দক্ষিণ কোৰিয়াত মেট্ৰ’ বিস্ফোৰণত ১০৩ জন লোকৰ মৃত্যু হয়।
  9. ২০০৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াই চতুৰ্থবাৰৰ বাবে ক্ৰিকেট বিশ্বকাপ জয় কৰে।