5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ তাৰিখ ঘোষণাঃ কেতিয়া মুকলি হ’ব এডমিট কাৰ্ড, চাওক…

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড (SLPRB), অসমে ঘোষণা কৰিছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ তাৰিখ। ব’ৰ্ডৰ অফিচিয়েল ৱেবচাইট slprbassam.inত এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। এই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব আৰু এডমিট কাৰ্ড কেতিয়া মুকলি হ’ব চাওক।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ তাৰিখ ঘোষণাঃ কেতিয়া মুকলি হ’ব এডমিট কাৰ্ড, চাওক…
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ তাৰিখ ঘোষণা
monjit-dutta
Monjit Dutta | Published: 19 Dec 2024 21:32 PM

অসম আৰক্ষীৰ নিযুক্তিৰ বাবে প্ৰস্তুতি চলাই থকা ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে এক প্ৰয়োজনীয় খবৰ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড (SLPRB), অসমে ঘোষণা কৰিছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ তাৰিখ। ব’ৰ্ডৰ অফিচিয়েল ৱেবচাইট slprbassam.inত এই সন্দৰ্ভত জাননী জাৰি কৰা হৈছে। বিগত বৰ্ষৰ ৬ অক্টোবৰত এই নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰা হৈছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে অসম আৰক্ষী (ইউ বি)ৰ ১৪৪টা, অসম কমাণ্ডো বেটেলিয়ন (এ বি)ৰ ৫১টা আৰু এপিআৰঅ’ (কমিউনিকেচন)ৰ ৭টা উপ-আৰক্ষী পদত নিযুক্তি প্ৰদান কৰা হ’ব।

লগতে ডিজিচিডি আৰু চিজিএইচজিৰ অধীনত সহকাৰী উপ নিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষা (জুনিয়ৰ)অসমৰ ১ টা পদতো নিযুক্তি প্ৰদান কৰা হ’ব। এই পদসমূহৰ বাবে অহা বৰ্ষৰ ৫ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে অনলাইন আবেদন দাখিল কৰিছিল, তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড (SLPRB), অসমৰ ৱেবচাইটত এডমিট কাৰ্ড মুকলি কৰাৰ লগে লগে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

অহা ২৩ ডিচেম্বৰত দিনৰ ১১ বজাত এডমিট কাৰ্ড মুকলি কৰা হ’ব। প্ৰাৰ্থীসকলে তলত দিয়া পদ্ধতি অনুসৰণ কৰি নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব-

SLPRBৰ অফিচিয়েল ৱেবচাইট slprbassam.inলৈ যাওক।

অসম আৰক্ষীৰ এডমিট কাৰ্ড লিংকত ক্লিক কৰক।

আবেদন নং, নাম আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰক।

এতিয়া Download Link ত ক্লিক কৰক।

লগে লগে আপোনাৰ স্ক্ৰীণত এডমিট কাৰ্ড মুকলি হ’ব।

এতিয়া পৰীক্ষাৰ বাবে এই এডমিট কাৰ্ডৰ কপি প্ৰিন্ট কৰি লওক।

লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ হাৰ্ড কপি আৰু চৰকাৰে প্ৰদান কৰা ফটো পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ-আইডি কাৰ্ড দেখুৱাব লাগিব। পৰীক্ষা কেন্দ্ৰত এডমিট কাৰ্ডত উল্লেখ কৰা সকলো নিৰ্দেশনা মানি চলিব লাগিব প্ৰাৰ্থীসকলে। যিকোনো ধৰণৰ তথ্যৰ বাবে প্ৰাৰ্থীসকলে SLPRBৰ অফিচিয়েল ৱেবচাইট slprbassam.in চোৱাৰ লগতে হেল্পলাইন নম্বৰ ৯৬৬৭০৬২০৬৩ ত যোগাযোগ কৰিব পাৰে।

উল্লেখ্য যে অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ইতিমধ্যে শাৰীৰিক পৰীক্ষা সম্পন্ন হৈ গৈছে। শীঘ্ৰেই এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় কাট অফ নম্বৰ জাৰি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে এই পদসমূহৰ বাবে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব।

Latest News