অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলিঃ এইদৰে কৰক ডাউনলোড

অসম আৰক্ষীৰ কামাণ্ডো কনিষ্টবল পদৰ বাদে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবেহে প্ৰয়োজনীয় খবৰ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড ((SLPRB)- এ আজি শাৰীৰিক মানদণ্ড পৰীক্ষা (PST) আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PET) পৰীক্ষাৰ বাবে অসম আৰক্ষী কনিষ্টবলৰ এডমিট কাৰ্ড মুকলি কৰিছে।

অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ বাবে এডমিট কাৰ্ড মুকলিঃ এইদৰে কৰক ডাউনলোড

অসম আৰক্ষীৰ কামাণ্ডো কনিষ্টবল পদৰ বাবে এডমিট মুকলি

Published: 

18 Nov 2024 15:50 PM

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱচামৰ বাবে সুখবৰ। চাকৰিৰ বাবে দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি চলাই থকা যুৱচামৰ অপেক্ষা আজি অন্ত পৰিছে। আজিৰ পৰা মুকলি হৈছে নিযুক্তি পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকলৰ এডমিট কাৰ্ড। অৱশ্যে অসম আৰক্ষীৰ কামাণ্ডো কনিষ্টবল পদৰ বাদে আবেদন কৰা প্ৰাৰ্থীসকলৰ বাবেহে এই বিশেষ খবৰ। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড ((SLPRB)- এ আজি শাৰীৰিক মানদণ্ড পৰীক্ষা (PST) আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PET) পৰীক্ষাৰ বাবে অসম আৰক্ষী কনিষ্টবলৰ এডমিট কাৰ্ড মুকলি কৰিছে।

এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট slprbassam.in ৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে আবেদন নম্বৰ, যোগাযোগ নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰণ কৰি ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। কামাণ্ডো বাহিনীত ১৬৪টা পদ পূৰণৰ বাবে এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

জাননী অনুসৰি অহা ২৫ নৱেম্বৰৰ পৰা অসম আৰক্ষীৰ কামাণ্ডো কনিষ্টবল পদৰ পি এছ টি/পি ই টি পৰীক্ষা আৰম্ভ হ’ব।পি ই টিত পুৰুষ প্ৰাৰ্থীৰ বাবে ৪৮০০ মিটাৰ আৰু মহিলা প্ৰাৰ্থীসকলৰ বাবে ২৮০০ মিটাৰ দৌৰ অনুষ্ঠিত হ’ব। প্ৰাৰ্থীসকলে এডমিট কাৰ্ডত উল্লেখ কৰা স্থানত নিজৰ পি এছ টি আৰু পি ই টিৰ বাবে উপস্থিত হ’ব লাগিব।

 

এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধাৰ সন্মুখীন হোৱা প্ৰাৰ্থীসকলে হেল্প লাইন নং ৮৮২৬৭৬২৩১৭ নম্বৰত কল কৰি বা slprbadmitcard@gmail.comলৈ ই-মেইল প্ৰেৰণ কৰি যোগাযোগ কৰিব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখ্য যে বিগত বৰ্ষৰ ৬ অক্টোবৰত এই পদসমূহৰ বাবে জাননী জাৰি কৰা হৈছিল। অৱশ্যে ১৬৪টা পদৰ ভিতৰত ৮টা পদ খেলুৱৈৰ বাবে সংৰক্ষিত আছে।

কেনেকৈ ডাউনলোড কৰিব অসম আৰক্ষী কনিষ্টবল এডমিট কাৰ্ড-

ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড ((SLPRB)ৰ অফিচিয়েল ৱেবছাইট slprbassam.in লৈ যাওক

হোমপেজৰ ‘ডাউনলোড এডমিট কাৰ্ড’ অপচনত ক্লিক কৰক।

ইয়াৰ পিছত নিজ লগইনৰ তথ্য-  আবেদন নম্বৰ, যোগাযোগ নম্বৰ আৰু জন্ম তাৰিখ পূৰ কৰি লগইন কৰক।

ইয়াৰ লগে লগে অসম আৰক্ষীৰ কামাণ্ডো কনিষ্টবল পদৰ বাবে এডমিট কাৰ্ড স্ক্ৰীণলৈ আহিব।

ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে এডমিট কাৰ্ড ডাউনলোড কৰি থ’ব পাৰে।

এই সন্দৰ্ভত অধিক তথ্য লাভৰ বাবে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড ((SLPRB)ৰ অফিচিয়েল ৱেবছাইট slprbassam.inত চাব পাৰে।

ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট
ছাল, চুলিৰ বাবে ভাল! আমলখিৰ উপকাৰিতাৰ বিষয়ে জানক...
ঘৰৰ মূল দুৱাৰত আইনা লগাব লাগে নে নাই? জানক ইয়াৰ আঁৰৰ কথা
মহিলাৰ বাবে মহৌষধ গুড়, এইদৰে খালে লাভ কৰিব অনন্য উপকাৰ