অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ এডমিট কাৰ্ড ডাউনলোড কৰিলেনে? এইদৰে কৰিব পাৰিব ডাউনলোড
আগন্তুক বৰ্ষৰ আৰম্ভণিতেই অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত নিযুক্তি পৰীক্ষাৰ বাবে আজি এডমিট কাৰ্ড মুকলি কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিছিল, তেওঁলোকে আজিৰ পৰাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
অসম আৰক্ষীত নিযুক্তি লাভৰ বাবে প্ৰস্তুতি চলাই থকা ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক বৰ্ষৰ আৰম্ভণিতেই অনুষ্ঠিত হ’বলগীয়া অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত নিযুক্তি পৰীক্ষাৰ বাবে আজি এডমিট কাৰ্ড মুকলি কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিছিল, তেওঁলোকে আজিৰ পৰাই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ড, চমুকৈ SLPRBৰ অফিচিয়েল ৱেবছাইট slprbassam.inৰ পৰা প্ৰাৰ্থীসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।
অহা বৰ্ষৰ ৫ জানুৱাৰীত এই উপ-পৰিদৰ্শক পদসমূহৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। ইতিমধ্যে SLPRBৰ অফিচিয়েল ৱেবছাইটত এডমিট কাৰ্ড মুকলি হৈছে। প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব-
SLPRBৰ অফিচিয়েল ৱেবচাইট slprbassam.inলৈ যাওক।
ৱেবচাইটৰ সমুখ ভাগতে থকা Recruitment Notices চাওক।
এতিয়া এই Recruitment Notices ৰ প্ৰথমতেই থকা Admit Card for written Test লিংকত ক্লিক কৰক।
এতিয়া আবেদন নং, নাম, জন্ম তাৰিখ আৰু কেপছা কোডৰ তথ্য পূৰ কৰক।
ইয়াৰ পিছতে Download Link ত ক্লিক কৰক।
লগে লগে আপোনাৰ স্ক্ৰীণত এডমিট কাৰ্ড দেখিবলৈ পাব।
এতিয়া এই এডমিট কাৰ্ড ডাউনলোড কৰি পৰীক্ষাৰ বাবে প্ৰিন্ট কৰি লওক।
উল্লেখ্য যে যোৱা বৰ্ষৰ ৬ অক্টোবৰত ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে এই পদসমূহৰ বাবে নিযুক্তিৰ জাননী জাৰি কৰিছিল। অসম আৰক্ষী (ইউ বি)ৰ ১৪৪টা, অসম কমাণ্ডো বেটেলিয়ন (এ বি)ৰ ৫১টা আৰু এপিআৰঅ’ (কমিউনিকেচন)ৰ ৭টা উপ-আৰক্ষী পদ, ডিজিচিডি আৰু চিজিএইচজিৰ অধীনত সহকাৰী উপ নিয়ন্ত্ৰক, অসামৰিক প্ৰতিৰক্ষা (জুনিয়ৰ)অসমৰ ১ টা পদ পূৰণৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰা হৈছিল।
যোৱা ১৯ ডিচেম্বৰত এই পদমূহৰ বাবে লিখিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছিল। অহা ৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে চৰকাৰী ফটো পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড, ভোটাৰ-আইডি কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স যিকোনো এখন পৰীক্ষা কেন্দ্ৰলৈ নিব লাগিব। প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত এডমিট কাৰ্ডত উল্লেখ কৰা সকলো নিৰ্দেশনা মানি চলিব লাগিব ।
প্ৰাৰ্থীসকলে যিকোনো ধৰণৰ তথ্যৰ বাবে SLPRBৰ অফিচিয়েল ৱেবচাইট slprbassam.in পৰীক্ষা কৰাৰ লগতে হেল্পলাইন নম্বৰ ৯৬৬৭০৬২০৬৩ ত যোগাযোগ কৰিব পাৰে।