SSB Constable Result 2024: SSB হেড কনিষ্টবল, কনিষ্টবলৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা, কেনেকৈ চাব পাৰিব ?
SSBৰ হেড কনিষ্টবলৰ ২০২৩ বৰ্ষৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সশস্ত্র সীমা বল চমুকৈ এছ এছ বিৰ অফিচিয়েল ৱেবছাইট ssbrectt.gov.in ত গৈ ফলাফল পৰীক্ষা কৰিব পাৰিব।
এছ এছ চিৰ হেড কনিষ্টবল (ইলেক্ট্ৰিচিয়ান)–২০২৩ বৰ্ষৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে । পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে সশস্ত্র সীমা বল চমুকৈ এছ এছ বিৰ অফিচিয়েল ৱেবছাইট ssbrectt.gov.in ত গৈ ফলাফল পৰীক্ষা কৰিব পাৰিব। লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে ডকুমেণ্ট ভেৰিফিকেশন (DV), চিকিৎসা পৰীক্ষা (DME) আৰু নিযুক্তি চিকিৎসা পৰীক্ষা(RME)ৰ বাবে হাজিৰ হ’ব লাগিব।
এছএছচিয়ে প্ৰকাশ কৰা জাননী অনুসৰি, ২০২৪ চনৰ ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ডিভি, ডিএমই আৰু আৰএছই পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ সূচী অতি সোনকালে প্ৰকাশ পাব বুলি জাননী জৰিয়তে জানিবলৈ দিছে । ইয়াৰ উপৰিও কনিষ্টবলকে ধৰি বহু পদৰ ফলাফল ঘোষণা কৰিছে এছ এছ বিয়ে।
SSB Constable Result 2024 ৰ PDF কেনেকৈ ডাউনলোড কৰিব:
- প্ৰথমে SSC ssbrectt.gov.in ৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
- হোম পেজত দিয়া হেড কনিষ্টবল (ইলেক্ট্ৰিচিয়ান) -২০২৩ DV/DME/RME ৰ লিষ্টৰ লিংকত ক্লিক কৰক।
- ইয়াৰ পাছতে আপুনি এটা PDF দেখা পাব ।
- PDF টোত আপোনাৰ নাম আৰু ৰোল নম্বৰ পৰীক্ষা কৰি প্ৰিন্ট আউট কৰিব পাৰিব ।
- প্ৰাৰ্থীসকলে download link ত ক্লিক কৰি ফলাফল ডাউনলোড কৰিব পাৰিব।
ইয়াৰ পাছৰ বাছনি পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব ?
এছ এছ বিয়ে অতি সোনকালে ইয়াৰ পাছৰ বাছনি প্ৰক্ৰিয়াৰ বাবে সময়সূচী প্ৰকাশ কৰিব। নথি পৰীক্ষণ আদি প্ৰক্ৰিয়াৰ বাবেও প্ৰাৰ্থীসকলক এডমিট কাৰ্ড প্ৰদান কৰা হ’ব । এই এডমিট কাৰ্ড প্ৰাৰ্থীয়ে এছ এছ বিৰ অফিচিয়েল ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব। এই নিযুক্তিৰ সৈতে জড়িত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে এছ এছ বিয়ে পূৰ্বে জাৰি কৰা অধিসূচনা পৰীক্ষা কৰিব পাৰে ।