এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাঃ এইদৰে চাওক আপোনাৰ ফলাফল…

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ ঘোষণা কৰিছে CGL ২০২৪ৰ চূড়ান্ত ফলাফল। প্ৰায় ১৮১৭৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত সফলতা লাভ কৰিছে। যিসকল পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকে SSCৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ ফলাফল চাব পাৰিব।

এই নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাঃ এইদৰে চাওক আপোনাৰ ফলাফল…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Mar 2025 15:22 PM

ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ ঘোষণা কৰিছে CGL ২০২৪ৰ চূড়ান্ত ফলাফল। প্ৰায় ১৮১৭৪ গৰাকী প্ৰাৰ্থীয়ে এই পৰীক্ষাত সফলতা লাভ কৰিছে। যিসকল পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তেওঁলোকে SSCৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত গৈ ফলাফল চাব পাৰিব। ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা এই নিযুক্তি প্ৰক্ৰিয়াৰ Tier 1 আৰু Tier 2 পৰীক্ষাত পৰীক্ষাৰ্থীসকলৰ প্ৰদৰ্শনৰ ভিত্তিত চূড়ান্ত ফলাফল প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে বিগত বৰ্ষৰ ৫ ডিচেম্বৰত SSC CGL ২০২৪ Tier 1 পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। ইয়াৰ পিছত চলিত বৰ্ষৰ ১৮, ১৯, ২০ আৰু ৩১ জানুৱাৰীত Tier 2 পৰীক্ষা অনুষ্ঠিত হৈছিল। Tier 1 পৰীক্ষাত সফলতা লাভ কৰা পৰীক্ষাৰ্থীসকলে এই Tier 2 পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এতিয়া এই Tier 1 আৰু Tier 2 পৰীক্ষাত সফল হোৱা সকলো প্ৰাৰ্থীয়ে নথিপত্ৰ পৰীক্ষণৰ বাবে উপস্থিত হ’ব লাগিব।

যদি আপুনিও এই SSC CGL পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি ফলাফল পৰীক্ষা কৰিব পাৰিব-

প্ৰথমে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাওক।

হোম পেজত দিয়া Result টেবত ক্লিক কৰক।

ইয়াত SSC CGL 2024 Final Result লিংকত ক্লিক কৰক।

ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত পিডিএফ ফৰ্মেটত ফলাফল দেখা যাব।

এতিয়া ৰোল নম্বৰ ব্যৱহাৰ কৰি ফলাফল পৰীক্ষা কৰক।

আয়োগে জাৰি কৰা আনুষ্ঠানিক জাননী অনুসৰি মুঠ ১৮,১৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে সাময়িকভাৱে বাচনি কৰা হৈছে। এই CGL পৰীক্ষাৰ জৰিয়তে ষ্টাফ চিলেকশ্যন কমিচনে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু সংগঠনৰ লগতে কেইবাটাও সাংবিধানিক সংস্থা, বিধিগত সংস্থা আৰু ন্যায়াধিকৰণত গ্ৰুপ বি আৰু গ্ৰুপ চি পদত নিযুক্তি প্ৰদান কৰিব। অধিক তথ্যৰ বাবে আপুনি SSC ৰ অফিচিয়েল ৱেবছাইট চাব পাৰে।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ