SSC CGL 2024 Tier 1: কেতিয়া ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল! চাওক সবিশেষ…
SSC CGL 2024 Tier 1 নিযুক্তি পৰীক্ষাৰ ফলাফলৰ বাবে অত্যন্ত উৎকণ্ঠাৰে বাট চাইছে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। এই Tier 1 পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থীসকলে Tier 2 অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই SSC CGL 2024 Tier 1 ফলাফল কেতিয়া ঘোষণা কৰা হ’ব, চাওঁ আহক।
ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ অনুষ্ঠিত কৰা SSC CGL 2024 Tier 1 নিযুক্তি পৰীক্ষাত দেশজুৰি অৱতীৰ্ণ হৈছিল বহু পৰীক্ষাৰ্থী। এই পৰীক্ষাৰ ফলাফলৰ বাবে অত্যন্ত উৎকণ্ঠাৰে বাট চাইছে পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। বিগত ৯ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ দেশৰ বিভিন্ন কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। এই Tier 1 পৰীক্ষাত সফলতা লাভ কৰা প্ৰাৰ্থীসকলে Tier 2 অৰ্থাৎ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।
উল্লেখ্য যে এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আয়োগে ১৭০০০ৰো অধিক পদত নিযুক্তি প্ৰদান কৰিব। পৰীক্ষাৰ্থীসকলে অত্যন্ত উৎকণ্ঠাৰে বাট চাই থকা SSC CGL 2024 Tier 1 ফলাফল কেতিয়া ঘোষণা কৰা হ’ব, চাওঁ আহক-
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি এই সপ্তাহত যিকোনো সময়তে SSC CGL Tier 1 ফলাফল ঘোষণা কৰা হ’ব। অৱশ্যে ফলাফল ঘোষণাৰ নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই এছ এছ চিয়ে। টিয়াৰ I পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ অসংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত পৰীক্ষাৰ্থীয়ে নূন্যতম ৩০% নম্বৰ লাভ কৰিব লাগিব। আনহাতে OBC আৰু EWS শিতানত ২৫% নম্বৰ লাভ কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।
SSC CGL Tier 1 পৰীক্ষাৰ ফলাফল কিদৰে চাব পাৰিব-
SSCৰ অফিচিয়েল ৱেবছাইট ssc.gov.in লৈ যাওক।
হোম পেজত দিয়া SSC CGL Tier 1 Result 2024 ৰ লিংকত ক্লিক কৰক।
ইয়াৰ পিছতে আপোনাৰ স্ক্ৰীণত এটা PDF ওলাব।
এতিয়া নাম আৰু ৰোল নম্বৰৰ সহায়ত ফলাফল পৰীক্ষা কৰক।
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, বিভাগৰ গ্ৰুপ ‘বি’ আৰু গ্ৰুপ ‘গ’ৰ মুঠ ১৭,৭২৭টা খালী পদ ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ অনুষ্ঠিত কৰা এই SSC CGL Tier 1 নিযুক্তি পৰীক্ষাৰ জৰিয়তে পূৰণ কৰা হ’ব। এই SSC CGL Tier 1পৰীক্ষা চিবিটি মোডত অনুষ্ঠিত হৈছিল। পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন কৰা হৈছিল। এই পৰীক্ষাত সফলতা লাভ কৰা পৰীক্ষাৰ্থীসকলে Tier 2 পৰীক্ষাত অৱতীৰ্ণ হ’ব।
এই Tier 2 পৰীক্ষা অহা ডিচেম্বৰ মাহতে অনুষ্ঠিত কৰা হ’ব পাৰে। সাধাৰণতে SSC CGL পৰীক্ষাৰ জৰিয়তে গ্ৰুপ ‘বি’ আৰু ‘গ’ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকালৈকে দৰমহা লাভ কৰে। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে এছ এছ চিৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব।