SSCৰ এই নিযুক্তি পৰীক্ষাৰ ফলাফল শীঘ্ৰেই হ’ব ঘোষণাঃ এইদৰে চাওক ফলাফল…
SSC- এ প্ৰতিবৰ্ষৰ দৰে এইবাৰো মুকলি কৰিছিল বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ অংশ হিচাপেই SSC- এ SSC CGL পৰীক্ষা অনুষ্ঠিত কৰিছিল। ইতিমধ্যে SSC CGL ২০২৪ৰ Tier 2 পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এতিয়া আগ্ৰহেৰে বাট চাই আছে ফলাফলৰ বাবে। এই ফলাফল SSC- ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত প্ৰকাশ কৰা হ’ব।

ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ প্ৰতিবৰ্ষৰ দৰে এইবাৰো মুকলি কৰিছিল বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। কেন্দ্ৰীয় সংস্থাটোৱে এই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা বিভিন্ন পদবীত নিযুক্তিৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনাৰ অংশ হিচাপেই SSC- এ SSC CGL পৰীক্ষা অনুষ্ঠিত কৰিছিল। ইতিমধ্যে SSC CGL ২০২৪ৰ Tier 2 পৰীক্ষাও অনুষ্ঠিত হৈ গৈছে। এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে এতিয়া আগ্ৰহেৰে বাট চাই আছে ফলাফলৰ বাবে। এই ফলাফল SSC- ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত প্ৰকাশ কৰা হ’ব।
পৰীক্ষাৰ্থীসকলে নিজৰ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখৰ জৰিয়তে ফলাফল চাব পাৰিব। উল্লেখ্য যে ১৮, ১৯ আৰু ২০ জানুৱাৰীত অনুষ্ঠিত হৈছিল SSC CGL ২০২৪ৰ Tier 2 পৰীক্ষা। এই পৰীক্ষাত মুঠ ১,৮৬,৫০৯ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। এতিয়া এই পৰীক্ষাৰ ফলাফল শীঘ্ৰেই প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে CGL Tier 2 পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকা মুকলি কৰা হৈছে। এই সন্দৰ্ভত প্ৰাৰ্থীসকলক আপত্তি পঞ্জীয়ন কৰিবলৈ ২৪ জানুৱাৰীলৈ সময় দিয়া হৈছিল।
প্ৰাৰ্থীসকলৰ পৰা লাভ কৰা আপত্তিসমূহ নিষ্পত্তি কৰাৰ পিছত চূড়ান্ত উত্তৰ তালিকা আৰু ফলাফল ঘোষণা কৰা হ’ব। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহত ফলাফল ঘোষণা কৰা হ’ব পাৰে। অৱশ্যে এই ফলাফলৰ কোনো আনুষ্ঠানিক তাৰিখ এতিয়াও প্ৰকাশ কৰা নাই আয়োগে। এই পৰীক্ষাৰ ফলাফল মুকলি কৰাৰ লগে লগে প্ৰাৰ্থীসকলে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি ফলাফল চাব পাৰিব-
প্ৰথমে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাওক।
হোম পেজত দিয়া ফলাফল টেবত ক্লিক কৰক।
এতিয়া SSC CGL 2024 Tier 2 Result লিংকত ক্লিক কৰক।
ইয়াৰ পিছত নিজা পঞ্জীয়ন নম্বৰ আৰু জন্মৰ তাৰিখৰ তথ্য পূৰ কৰি চাবমিট কৰক।
লগে লগে আপোনাৰ স্ক্ৰীণত ফলাফল দেখা পাব।
SSC CGL ২০২৪ৰ Tier 2 পৰীক্ষাত সফল পৰীক্ষাৰ্থীসকলক পৰৱৰ্তী বাছনি প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচন কৰিব আয়োগে। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- ৰ অফিচিয়েল ৱেবছাইট চাব পাৰিব। SSC CGL নিযুক্তি পৰীক্ষাৰ দ্বাৰা বিভিন্ন কেন্দ্ৰীয় বিভাগ আৰু মন্ত্ৰালয়ৰ গ্ৰুপ বি আৰু গ্ৰুপ চিৰ মুঠ ১৭,৭২৭টা পদত নিযুক্তি প্ৰদান কৰা হ’ব।