SSC CGLৰ এডমিট কাৰ্ড মুকলিঃ কিদৰে কৰিব ডাউনলোড, চাওক সবিশেষ.. | SSC CGL admit card 2024 download check details Assam news - Assam Tv9

SSC CGLৰ এডমিট কাৰ্ড মুকলিঃ কিদৰে কৰিব ডাউনলোড, চাওক সবিশেষ..

Published: 

25 Aug 2024 19:44 PM

SSC- এ CGLৰ টায়াৰ ১ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। প্ৰাৰ্থীসকলে SSC- ৰ আঞ্চলিক ৱেবছাইটৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই টায়াৰ ১ পৰীক্ষা।

SSC CGLৰ এডমিট কাৰ্ড মুকলিঃ কিদৰে কৰিব ডাউনলোড, চাওক সবিশেষ..

SSC CGLৰ এডমিট কাৰ্ড মুকলি

Follow Us On

ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ মুকলি কৰিছে CGLৰ টায়াৰ ১ পৰীক্ষাৰ এডমিট কাৰ্ড। এই সংযুক্ত স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে SSC- ৰ আঞ্চলিক ৱেবছাইটৰ জৰিয়তে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ নিজৰ জন্ম তাৰিখ আৰু আন গুৰুত্বপূৰ্ণ তথ্যৰ লগতে পঞ্জীয়ন নম্বৰ, ৰোল নম্বৰ বা নাম ব্যৱহাৰ কৰিব লাগিব। উল্লেখ্য যে অহা ৯ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব এই টায়াৰ ১ পৰীক্ষা।

এই পৰীক্ষাত জেনেৰেল ইণ্টেলিজেন্স আৰু ৰিজ’নিং, জেনেৰেল এৱাৰনেছ, কোৱাণ্টিটেটিভ এপ্টিটিউড আৰু ইংলিছ কম্প্ৰিহেঞ্চন আদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হ’ব। প্ৰতিটো শিতানত ২৫টাকৈ প্ৰশ্ন আহিব। SSC CGL Tier-I পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন থাকিব। ইংলিছ কম্প্ৰিহেঞ্চনৰ বাদে সকলো প্ৰশ্ন ইংৰাজী আৰু হিন্দী দুয়োটা মাধ্যমতে থাকিব।

লক্ষণীয়ভাৱে এই পৰীক্ষাত প্ৰতিটো ভুল উত্তৰৰ বাবে ০.৫০ নম্বৰ ঋণাত্মক নম্বৰ থাকিব। চাওক SSC CGL Tier-I পৰীক্ষাৰ এডমিট কাৰ্ড কিদৰে ডাউনলোড কৰিব-

প্ৰথমে SSC ৰ আঞ্চলিক ৱেবছাইটলৈ যাওক।

হোম পেজত উপলব্ধ Tier-I লিংকৰ বাবে SSC CGL Admit Card 2024 ত ক্লিক কৰক।

ইয়াৰ পিছত এটা নতুন পেজ খোল খাব। এই পেজতত প্ৰাৰ্থীসকলে লগইনৰ বিৱৰণ দিব লাগিব।

তাৰ পিছত submit বুটামত ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

উল্লেখ্য যে SSC CGL Tier I exam 2024 ৰ বাবে অনলাইন পঞ্জীয়ন ২৪ জুন তাৰিখৰ পৰা আৰম্ভ হৈছিল। আনহাতে আবেদনৰ অন্তিম তাৰিখ আছিল ২৭ জুলাইলৈকে। এই নিযুক্তি অভিযানৰ জৰিয়তে ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ গ্ৰুপ বি আৰু গ্ৰুপ চি পদত প্ৰায় ১৭,৭২৭টা খালী পদ পূৰণ কৰাৰ লক্ষ্য লৈছে।

পৰীক্ষাৰ্থীসকলে মনত ৰখা উচিত যে পৰীক্ষা কেন্দ্ৰলৈ তেওঁলোকৰ SSC CGL 2024 Admit Card, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি আৰু ড্ৰাইভিং লাইচেন্সৰ দৰে মূল পৰিচয় প্ৰমাণ আৰু এখন ফটো লৈ যাব লাগিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে SSCৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাব পাৰিব।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version