5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SSC CHSLৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ উত্তৰ তালিকা প্ৰকাশঃ এইদৰে আপত্তি দৰ্শাব পাৰিব প্ৰাৰ্থীয়ে..

SSC- এ মুকলি কৰিছে CHSL- ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকা। প্ৰাৰ্থীসকলে আজি মুকলি কৰা অস্থায়ী উত্তৰ তালিকাত ২৩ জুলাইৰ সন্ধিয়া ৬ বজালৈকে আপত্তি পঞ্জীয়ন কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলে দ্বিতীয় পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব।

SSC CHSLৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ উত্তৰ তালিকা প্ৰকাশঃ এইদৰে আপত্তি দৰ্শাব পাৰিব প্ৰাৰ্থীয়ে..
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 19 Jul 2024 15:17 PM

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চাকৰিত নিয়োগ লাভৰ বাবে ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ অনুষ্ঠিত কৰা কম্বাইনড্ হায়াৰ চেকেণ্ডাৰী লেভেল এগ্জাম (CHSL)ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। SSC- এ মুকলি কৰিছে CHSL- ৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ অস্থায়ী উত্তৰ তালিকা। SSC- ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত এই উত্তৰ তালিকা আপলোড কৰা হৈছে। ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে SSC- ৰ এই অফিচিয়েল ৱেবছাইটত উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব।

উল্লেখ্য যে এই বৰ্ষৰ এই SSC CHSL পৰীক্ষা গত ১ জুলাইৰ পৰা ১১ জুলাইলৈ সমগ্ৰ দেশৰ নিৰ্দিষ্ট কেন্দ্ৰসমূহত চিবিটি মোডত অনুষ্ঠিত হৈছিল। এই নিযুক্তি পৰীক্ষাৰ জৰিয়তে SSC- এ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত প্ৰায় ৩,৭১২টা পদত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলক নিযুক্তি দিব। প্ৰথম পৰ্যায়ৰ পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীসকলে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

গতিকে দ্বিতীয় পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে আজি প্ৰকাশ কৰা প্ৰথম পৰ্যায়ৰ উত্তৰ তালিকা পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰাৰ্থীসকলে আজি মুকলি কৰা অস্থায়ী উত্তৰ তালিকাত ২৩ জুলাইৰ সন্ধিয়া ৬ বজালৈকে আপত্তি পঞ্জীয়ন কৰিব পাৰিব। আপত্তি দাখিলৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলে প্ৰতিটো প্ৰশ্নৰ বাবে ১০০ টকা মাচুল পৰিশোধ কৰিব লাগিব।

প্ৰাৰ্থীসকলে লগতে মনত ৰখা উচিত যে নিৰ্দিষ্ট তাৰিখ আৰু সময়ৰ ভিতৰত যিকোনো প্ৰাৰ্থীয়ে দাখিল কৰা আপত্তিসমূহহে ষ্টাফ চিলেকচন কমিচনে বিবেচনা কৰিব। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰাৰ্থীসকলে দাখিল কৰা আপত্তিসমূহ নিষ্পত্তি কৰাৰ পিছত প্ৰথম পৰ্যায়ৰ চূড়ান্ত উত্তৰ তালিকা আৰু ফলাফল ঘোষণা কৰা হ’ব।

তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰি SSC CHSLৰ প্ৰথম পৰ্যায়ৰ উত্তৰ তালিকাত প্ৰাৰ্থীসকলে আপত্তি দাখিল কৰিব পাৰিবঃ

অফিচিয়েল ৱেবছাইট ssc.gov.in চাওক।

হোম পেজৰ লগইন অংশত ক্লিক কৰক।

লগইন কৰিবলৈ প্ৰয়োজনীয় তথ্যসমূহ দাখিল কৰক।

এতিয়া SSC CHSL Answer Key ৰ লিংকত ক্লিক কৰক।

এতিয়া নিৰ্দিষ্ট প্ৰশ্নটো নিৰ্বাচন কৰি মাচুল পৰিশোধৰ পিছত চাবমিট কৰক।

উল্লেখ্য যে প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়ৰ পৰীক্ষালৈ যোগ্যতা অৰ্জন কৰা যিসকল পৰীক্ষাৰ্থী দ্বিতীয় পৰ্যায়তো সফল হ’ব, সেইসকল প্ৰাৰ্থীক পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে মতা হ’ব। অধিক তথ্যৰ বাবে ইচ্ছুক লোকসকলে SSCৰ অফিচিয়েল ৱেবছাইটত সবিশেষ চাব পাৰে।

Latest News