5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

SSC CHSL Tier I পৰীক্ষাৰ ফলাফল প্ৰকাশঃ এইদৰে কৰক পৰীক্ষা…

SSC- এ প্ৰকাশ কৰিছে কম্বাইনড্ হায়াৰ চেকেণ্ডাৰী লেৱেল (CHSL)ৰ Tier I পৰীক্ষাৰ ফলাফল। যিসকল প্ৰাৰ্থীয়ে SSC CHSL 2024 পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত ফলাফল পৰীক্ষা কৰিব পাৰিব।

SSC CHSL Tier I পৰীক্ষাৰ ফলাফল প্ৰকাশঃ এইদৰে কৰক পৰীক্ষা…
প্ৰতিনিধিত্বমূলক ছবি
Follow Us
monjit-dutta
Monjit Dutta | Published: 07 Sep 2024 15:37 PM

ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ ঘোষণা কৰিছে কম্বাইনড্ হায়াৰ চেকেণ্ডাৰী লেৱেল (CHSL)ৰ Tier I পৰীক্ষাৰ ফলাফল। যিসকল প্ৰাৰ্থীয়ে SSC CHSL 2024 পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকে SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত ফলাফল পৰীক্ষা কৰিব পাৰিব। ষ্টাফ চিলেকচন কমিচনে লগতে কেটেগৰী ৱাই কাট অফ নম্বৰ প্ৰকাশ কৰাৰ লগতে Tier I I পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চৰ্টলিষ্ট কৰা পৰীক্ষাৰ্থীৰ সংখ্যাও ফলাফলৰ লগতে প্ৰকাশ কৰিছে।

এই পৰীক্ষাত ৩৯ হাজাৰৰো অধিক পৰীক্ষাৰ্থীয়ে Tier I I ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ল’ৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ চেক্ৰেটেৰিয়ট এচিষ্টেণ্টৰ বাবে মুঠ ৩৯,৮৩৫ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড ‘এ’ পদৰ বাবে মুঠ ১৬৩০ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে।

SSC CHSL 2024ৰ Tier I পৰীক্ষাৰ ফলাফল চোৱাৰ বাবে তলত দিয়া প্ৰক্ৰিয়া অনুসৰণ কৰক-

প্ৰথমে SSCৰ অফিচিয়েল ৱেবছাইটলৈ ssc.gov.in যাওক।

তাৰ পিছত হোমপেজত উপলব্ধ ফলাফলৰ লিংকটোত ক্লিক কৰক।

ইয়াৰ পিছত SSC CHSL Tier I Result 2024 List 1 আৰু List 2 ৰ লিংকত ক্লিক কৰক।

SSC CHSL Result 2024 PDF ত আপোনাৰ নাম আৰু ৰোল নম্বৰ পৰীক্ষা কৰক।

SSC CHSL Tier I ফলাফলৰ PDF ডাউনলোড কৰি ৰাখিব পাৰে।

SSC CHSL 2024ৰ Tier I পৰীক্ষাৰ বাবে ল’ৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ চেক্ৰেটেৰিয়ট এচিষ্টেণ্ট পদৰ বাবে অসংৰক্ষিত শ্ৰেণীৰ কাটঅফ নম্বৰ ১৫৭.৩৬, অ’ বি চি শ্ৰেণীৰ বাবে ১৫৬.৬১ আৰু ই ডব্লিউ এছ শাখাৰ বাবে ১৫০.৫১ নম্বৰ, আনহাতে ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ পদৰ বাবে জেনেৰেল আৰু অ’ বি চি শাখাৰ কাটঅফ ১৫৭.৩৬।

বিভিন্ন চৰকাৰী বিভাগৰ ৩৭০০ৰো অধিক পদ পূৰণৰ বাবে ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ ঘোষণা কৰিছে কম্বাইনড্ হায়াৰ চেকেণ্ডাৰী লেৱেল (CHSL)ৰ Tier I পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই পৰীক্ষা CBT (Computer-Based Testing) মোডত অনুষ্ঠিত কৰা হৈছিল। এছ এছ চিয়ে অতি সোনকালে ইয়াৰ অফিচিয়েল ৱেবছাইটত সকলো প্ৰাৰ্থীৰ স্ক’ৰকাৰ্ড মুকলি কৰিব।

ইয়াৰ উপৰিও SSC CHSL Tier-II পৰীক্ষাৰ সূচীও শীঘ্ৰে প্ৰকাশ পাব। Tier I পৰীক্ষাত যোগ্যতা অৰ্জন কৰা পৰীক্ষাৰ্থীসকলেহে Tier II পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আপুনি SSCৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাব পাৰে।

Latest News