5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কেতিয়া অনুষ্ঠিত হ’ব SSC GDৰ লিখিত পৰীক্ষা? চাওক SSCৰ সংশোধিত তাৰিখ

SSC- এ প্ৰকাশ কৰিছে জেনেৰেল ডিউটি (GD) কনিষ্টবল নিযুক্তি পৰীক্ষাৰ সংশোধিত তাৰিখ। মুঠ ৩৯,৪৮১টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। সংশোধিত পৰীক্ষাৰ সময়সূচী আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত প্ৰকাশ কৰা হৈছে। এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগা প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইটত এই বিষয়ে চাব পাৰিব।

কেতিয়া অনুষ্ঠিত হ’ব SSC GDৰ লিখিত পৰীক্ষা? চাওক SSCৰ সংশোধিত তাৰিখ
SSC GDৰ পৰীক্ষাৰ তাৰিখ ঘোষণা
monjit-dutta
Monjit Dutta | Published: 03 Jan 2025 14:14 PM

ষ্টাফ চিলেকচন কমিচন, চমুকৈ SSC- এ শীঘ্ৰেই আৰম্ভ কৰিব এই বৰ্ষৰ নিযুক্তি প্ৰক্ৰিয়া। ইতিমধ্যে আয়োগে প্ৰকাশ কৰিছে জেনেৰেল ডিউটি (GD) কনিষ্টবল নিযুক্তি পৰীক্ষাৰ সংশোধিত তাৰিখ। অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ দেশৰ বিভিন্ন স্থানত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। মুঠ ৩৯,৪৮১টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব এই পৰীক্ষা। সংশোধিত পৰীক্ষাৰ সময়সূচী আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত প্ৰকাশ কৰা হৈছে। এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলগা প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইটত এই বিষয়ে চাব পাৰিব।

আয়োগে প্ৰকাশ কৰা সংশোধিত পৰীক্ষাৰ সময়সূচী অনুসৰি ৪, ৫, ৬, ৭, ১০, ১১, ১২, ১৩, ১৭, ১৮, ১৯, ২০, ২১ আৰু ২৫ ফেব্ৰুৱাৰী তাৰিখে জেনেৰেল ডিউটি (GD) কনিষ্টবল নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। চিবিটি মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা। লিখিত পৰীক্ষাত সফল প্ৰাৰ্থীসকলে ক্ৰমে পৰৱৰ্তী পৰ্যায়ৰ পিএছটি, পিইটি, চিকিৎসা পৰীক্ষা (ডিএমই/আৰএমই) আৰু নথি পৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে যোগ্যতা অৰ্জন কৰিব।

এই SSC GD কনিষ্টবল নিযুক্তিৰ জৰিয়তে CISF, BSF, CRPF, SSB, ITBP, SSF আৰু আছাম ৰাইফলছত নিযুক্তি দিয়া হয়। চিবিটি মোডত অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন কৰা হ’ব। সকলো প্ৰশ্নৰ বাবে দুই নম্বৰকৈ থাকিব। পৰীক্ষাৰ প্ৰশ্নকাকতত চাৰিটা খণ্ড থাকিব। প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কৰ্তন কৰা হ’ব। হিন্দী আৰু ইংৰাজীকে ধৰি মুঠ ১৩টা ভাষাত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

SSC GD কনিষ্টবল পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলৰ এডমিট কাৰ্ড জানুৱাৰীৰ শেষৰ ফালে প্ৰদান কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এডমিট কাৰ্ড মুকলি কৰাৰ নিৰ্দিষ্ট দিন এতিয়াও ঘোষণা কৰা নাই আয়োগে। ষ্টাফ চিলেকচন কমিচনে এডমিট কাৰ্ড মুকলি কৰাৰ লগে লগে প্ৰাৰ্থীসকলে এই নিযুক্তি পৰীক্ষাৰ পঞ্জীয়ন নম্বৰ আৰু জন্ম তাৰিখৰ তথ্য পূৰ কৰি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে কি কি নিয়ম মানি চলিব লাগিব, সেই সম্পৰ্কে এডমিট কাৰ্ডত উল্লেখ কৰা হ’ব। এডমিত কাৰ্ডত উল্লেখ কৰা এই নিয়মাৱলীসমূহ পৰীক্ষাৰ্থীসকলে মানি চলিব লাগিব। জেনেৰেল ডিউটি (GD) কনিষ্টবল নিযুক্তি পৰীক্ষাৰ পিছতে SSC- এ আনপৰ্যায়ৰ পৰীক্ষাসমূহ আয়োজন কৰিব। অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট ssc.gov.in চাব পাৰিব।

Latest News