অহা ৪ ফেব্ৰুৱাৰীৰ পৰা SSC GDৰ পৰীক্ষাঃ চাকৰি প্ৰত্যাশীসকলে ভুলতো নকৰিব এনে কাৰ্য
অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ SSC GD কনিষ্টবল নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। আয়োগে জাৰি কৰা গাইডলাইনৰ আধাৰত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে কি কি নিয়ম মানি চলিব লাগিব এই বিষয়ে জানো আহক।
ষ্টাফ চিলেকশ্যন কমিচন, চমুকৈ SSC- এ প্ৰকাশ কৰিছে SSC GD কনিষ্টবল ২০২৫ৰ পৰীক্ষাৰ সময়সূচী। প্ৰকাশিত সূচী অনুসৰি অহা ৪ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। এই নিযুক্তি পৰীক্ষাৰ জৰিয়তে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, এছ এছ এফ, অসম ৰাইফলছ আৰু নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোত কনিষ্টবল পদ পূৰণ কৰা হ’ব। আয়োগে জাৰি কৰা গাইডলাইনৰ আধাৰত এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে কি কি নিয়ম মানি চলিব লাগিব এই বিষয়ে জানো আহক।
SSC ৰ অফিচিয়েল ৱেবছাইট ssc.gov.in ত শীঘ্ৰেই মুকলি কৰা হব চিটি শ্লিপ আৰু পৰীক্ষাৰ এডমিট কাৰ্ড। যিসকল প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে পঞ্জীয়ন কৰিছিল, তেওঁলোকে পৰীক্ষাৰ চিটি শ্লিপ আৰু তাৰ পিছত এডমিট কাৰ্ড SSC ৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। এই সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে আয়োগৰ ৱেবছাইট চাব পাৰিব।
আয়োগে জাৰি কৰা গাইডলাইন অনুসৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, ইলেক্ট্ৰনিক ডিভাইচ আদি কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো ধৰণৰ নোটছ বা কিতাপ পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব। কোনো পৰীক্ষাৰ্থীৰ পৰা এনেধৰণৰ সামগ্ৰী উদ্ধাৰ হ’লে লগে লগে পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হ’ব। প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ লগতে ফটো থকা চৰকাৰী পৰিচয় পত্ৰও লৈ যাব লাগিব।
উল্লেখ্য যে আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি অহা ৪, ৫, ৬, ৭, ১০, ১১, ১২, ১৩, ১৭, ১৮, ১৯, ২০, ২১ আৰু ২৫ ফেব্ৰুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব। চিবিটি মোডত অনুষ্ঠিত হ’ব এই পৰীক্ষা। পৰীক্ষাত মুঠ ৮০টা বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন কৰা হ’ব। সকলো প্ৰশ্নৰ বাবে ২ নম্বৰকৈ থাকিব আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে ০.২৫ নম্বৰ কৰ্তন কৰা হ’ব।
SSC ৰ এই পৰীক্ষা ইংৰাজী, হিন্দী আৰু ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হ’ব। এই SSC GD কনিষ্টবল ২০২৫ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে BSFত ১৫৬৫৪ টা পদ, CISFত ৭১৪৫টা পদ, CRPFত ১১৫৪১ টা পদ, SSFত ৮১৯টা পদ, ITBPত ৩০১৭ টা পদ, অসম ৰাইফলছত ১২৪৮ টা পদ, SSFত ৩৫টা পদ আৰু NCBত ২২টা পদত নিযুক্তি প্ৰদান কৰা হ’ব।